অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হ’ৰক্ৰাক্স

হ'ৰক্ৰাক্স (Horcrux) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ গ্ৰন্থ শৃংখলাত উল্লিখিত এবিধ যাদুকৰী সামগ্ৰী। এই যাদুকৰী সামগ্ৰীৰ মাজত এজন লোকে নিজৰ প্ৰাণশক্তিৰ একাংশ লুকুৱাই ৰাখিব পাৰে। হ'ৰক্ৰাক্সটো সুৰক্ষিত অৱস্থাত থাকিলে উক্ত লোকজনৰ জীৱনো সুৰক্ষিত হৈ থাকে। এক কথাত তেওঁক মাৰিব পৰা নাযায়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২২ ৪৫৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হ'ৰক্ৰাক্স (Horcrux) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ গ্ৰন্থ শৃংখলাত উল্লিখিত এবিধ যাদুকৰী সামগ্ৰী।১ এই যাদুকৰী সামগ্ৰীৰ মাজত এজন লোকে নিজৰ প্ৰাণশক্তিৰ একাংশ লুকুৱাই ৰাখিব পাৰে। হ'ৰক্ৰাক্সটো সুৰক্ষিত অৱস্থাত থাকিলে উক্ত লোকজনৰ জীৱনো সুৰক্ষিত হৈ থাকে। এক কথাত তেওঁক মাৰিব পৰা নাযায়। শৃংখলাটোত এই পদ্ধতিৰে অমৰ হোৱাৰ চেষ্টা কৰা অন্যতম ব্যক্তি হিচাপে ক'লা যাদুকৰ লৰ্ড ভ'লডেমৰ্টৰ বৰ্ণনা আছে।২৩

নিৰ্মাণ পদ্ধতি

হ'ৰক্ৰাক্স একোটা নিৰ্মাণ কৰাটো যাদু পৃথিৱীৰ কঠিনতম তথা ভয়ংকৰ ক'লা যাদুসমূহৰ অন্যতম। প্ৰফেছাৰ শ্লাগ্হৰ্নে কিশোৰ লৰ্ড ভ'লডেমৰ্ট অৰ্থাৎ টম ৰিডলক কৈছে যে ইয়াৰ বাবে নিজৰ প্ৰাণটোৰ এডোখৰ নিলগাই উলিয়াই পেলোৱাৰ প্ৰয়োজন। তাকে কৰিবলৈ নিৰ্মাতাজনে কাৰোবাক হত্যা কৰাটো জৰুৰী। প্ৰাণটোক ভগ্নাংশলৈ পৰিৱৰ্তিত কৰাৰ লগে লগেই নিৰ্মাতাজনৰ মানৱীয় গুণসমূহ কমি আহে।৪ যিকোনো জড় পদাৰ্থ অথবা জীৱকে হ'ৰক্ৰাক্সৰ ৰূপ দিব পাৰি। জীৱন্ত হ'ৰক্ৰাক্স আৰু মূল প্ৰাণধাৰী দেহটোৰ মাজত মনঃসংযোগ থাকে। সাধাৰণতে বিশেষ মন্ত্ৰোচ্চাৰণৰ প্ৰয়োজন হয় যদিও বিশেষ পৰিস্থিতিত নিৰ্মাতাজনৰ ইচ্ছা আৰ মন্ত্ৰ অবিহনেই হ'ৰক্ৰাক্স একোটা সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে হেৰী পটাৰ নিজেই ভ'লডেম'ৰ্টৰ এটা হ'ৰক্ৰাক্স আছিল আৰু তেওঁলোক দুয়ো এই বিষয়ে অজ্ঞাত আছিল। হেৰীক শিশু অৱস্থাতে মাৰিবৰ চেষ্টা কৰোঁতেই নিজৰ অভিশাপটো উলোটাই লাগি ভ'লডেম'ৰ্টৰ শৰীৰটো ধ্বংস হৈছিল। তেতিয়াই তেওঁৰ শৰীৰহীন প্ৰাণৰ একাংশ কোঠাৰ একমাত্ৰ জীৱিত ব্যক্তি হেৰীৰ দেহত সোমাইছিল।৫

কোনো এটা সামগ্ৰী হ'ৰক্ৰাক্সলৈ পৰিৱৰ্ত্তিত কৰাৰ পিছত তাক ধ্বংস কৰাটো কঠিন হৈ পৰে। খুবেই শক্তিশালী তথা বিধ্বংসী দুই এটা যাদু যেনে ফিয়েণ্ডফায়াৰৰ (fiendfyre) দ্বাৰা ইয়াক নষ্ট কৰিব পাৰি। বাচিলিস্কৰ (এবিধ কাল্পনিক অতিশয় বিষধৰ সৰীসৃপ) বিহো এইক্ষেত্ৰত ফলপ্ৰসূ। গ্ৰীফিন্দৰ হাউচৰ প্ৰতিষ্ঠাপক গডৰিক গ্ৰীফিন্দৰৰ গব্লিনে সজা তৰোৱালো এইক্ষেত্ৰত কাৰ্যকৰী।

উল্লিখিত হ'ৰক্ৰাক্সসমূহ

শৃংখলাটোত শেষৰ দুখন গ্ৰন্থতহে হ'ৰক্ৰাক্সৰ উল্লেখ আৰু বিশদ বৰ্ণনা আছে যদিও দ্বিতীয় গ্ৰন্থ চেম্বাৰ অব্ চিক্ৰেট্ছতো ডায়েৰীৰ ৰূপত এটা হ'ৰক্ৰাক্সৰ কথা উল্লেখ আছে যিটোৰ প্ৰকৃত পৰিচয় ৰাওলিঙে হাফ্-ব্লাড প্ৰিন্সতহে ডাঙি ধৰিছে। ভলডেম'ৰ্টৰ মুঠ সাতটা হ'ৰক্ৰাক্স হৈছে-

  • টম ৰিডলৰ ব্যক্তিগত ডায়েৰী। ইয়াক হ'ৰক্ৰাক্স বুলি নজনাকৈয়ে হেৰীয়ে বাচিলিস্কৰ বিষদাঁত এটাৰে নষ্ট কৰে। ৬
  • পুথায়েক মাৰ্ভ'ল' গাউণ্টৰ সঞ্জীৱনী বাখৰ খটোৱা আঙঠি। ইয়াক এলবাছ ডাম্বলডোৰে গ্ৰীফিন্দৰৰ তৰোৱালেৰে নষ্ট কৰে।
  • শ্লিথেৰিন হাউছৰ প্ৰতিষ্ঠাপক ছালাজাৰ শ্লিথেৰিনৰ লকেট। ইয়াক ছিৰিয়াছ ব্লেকৰ ভাতৃ ৰেগুলাছ ব্লেকে বিচাৰি উলিয়াই যদিও মৃত্যুবৰণ কৰে। পিছত ৰণ ৱিজলীয়ে গ্ৰীফিন্দৰ তৰোৱালেৰে ইয়াক ধ্বংস কৰে।
  • হাফল্পাফ হাউছৰ প্ৰতিষ্ঠাপিকা হেল্গা হাফল্পাফৰ পিয়লা। ইয়াক ৰণ আৰু হাৰমাইনি গ্ৰেইঞ্জাৰএ বাচিলিস্কৰ বিষদাঁতেৰে ধ্বংস কৰে।
  • ৰাভেনক্ল হাউছৰ প্ৰতিষ্ঠাপিকা ৰাভেনা ৰাভেনক্লৰ শিৰৰ অলংকাৰ। ই ড্ৰেক' মেল্ফয়ৰ বন্ধু ভিনচেণ্ট ক্ৰেবৰ ফিয়েণ্ডফায়াৰ যাদু এটা লাগি নষ্ট হয়।
  • ভলডেম'ৰ্টৰ সাপ নাগিনী। ইয়াক নেভাইল লংবটমএ গ্ৰীফিন্দৰ তৰোৱালেৰে মাৰে।
  • হেৰী পটাৰ। যাক ভ'লডেম'ৰ্টে নিজহাতে 'এল্ডাৰ ৱণ্ডে'ৰে মাৰে। পিছে ভলডেম'ৰ্টৰ গাত থকা হেৰীৰ তেজৰ অংশই হ'ৰক্ৰাক্সৰ দৰে কাম কৰাত হেৰীৰ নিজা প্ৰাণশক্তি পুনৰ উলটি আহে।
  • প্ৰাণশক্তিৰ অষ্টম তথা মূল অংশ লৰ্ড ভ'লডেমৰ্টৰ নিজ দেহত থাকে আৰু ই অৱশেষত ভলডেম'ৰ্টৰ নিজৰেই মাৰণ মন্ত্ৰ উলটি আহি সম্পূৰ্ণকৈ ধ্বংস হয়।৭৮

তথ্যসূত্ৰ

Kouzelné předměty z Harryho Pottera#Viteál Begriffe der Harry-Potter-Romane#Horkrux Magical objects in Harry Potter#Horcruxes Anexo:Objetos mágicos en Harry Potter#Horrocruxes Harry Potter -sarjan käsitteet#Hirnyrkki Objets magiques dans l’univers de Harry Potter#Horcruxes Oggetti magici di Harry Potter#Horcrux მაგიური ობიექტები (ჰარი პოტერი)#ჰორკრუქსი Волшебные предметы мира Гарри Поттера#Крестраж Svartkonster i Harry Potter#Horrokrux

তথ্যসূত্ৰ

  1. ↑ harrypotter.wikia.com/wiki/Horcrux
  2. ↑ Harry Potter and The Half-Blood Prince-ebook-http://mobile9.com
  3. ↑ Harry Potter and The Deathly Hallows-ebook-http://mobile9.com
  4. ↑ Harry Potter and The Half-Blood Prince-chapter23
  5. ↑ Harry Potter and The Deathly Hallows-chapter35
  6. ↑ Harry Potter and The Chamber Of Secrets-ebook-http://mobile9.com
  7. ↑ Harry Potter and The Half-Blood Prince-ebook-http://mobile9.com
  8. ↑ Harry Potter and The Deathly Hallows-ebook-http://mobile9.com

সম্পৰ্কিত শ্ৰেণী

হেৰী পটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হ’ৰক্ৰাক্স” প্ৰবন্ধৰ সংশোধন ৩১৩৫০৬ (১১ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।