অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)

হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) হৈছে অসমৰ এগৰাকী শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে বৰঙণি আগবঢ়াই আহিছে। ২০২৩ বৰ্ষত ভাৰত চৰকাৰে গোস্বামীক কলা/আৰ্ট বিষয়ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।

হালনাগাদ: ১৯ আগষ্ট ২০২৫ ৭০৪ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) হৈছে অসমৰ এগৰাকী শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী।১ অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে বৰঙণি আগবঢ়াই আহিছে। ২০২৩ বৰ্ষত ভাৰত চৰকাৰে গোস্বামীক কলা/আৰ্ট বিষয়ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।২ তেওঁ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ৷

জন্ম

১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে মাজুলী জিলাৰ চামগুৰি সত্ৰত হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয়। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম হৈছে ক্ৰমে স্বৰ্গীয় ৰুদ্ৰকান্ত দেৱ গোস্বামী আৰু স্বৰ্গীয়া গগণেশ্বৰী গোস্বামী।

শিক্ষা

হেমচন্দ্ৰ গোস্বামীয়ে চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। পাছলৈ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। তেওঁৰ প্ৰাক্ স্নাতক শিক্ষা অসম্পূৰ্ণ।

কৰ্ম-জীৱন

চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰিকৰী আৰু বৃত্তিমুখি শাখাত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে। সাংস্কৃতিক পৰিৱেশত জন্ম লাভ কৰা হেমচন্দ্ৰ গোস্বামীয়ে সৰুৰে পৰাই শিল্প সাধনাত জড়িত হৈ পৰে। বিশেষকৈ অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে।৩ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰাৰ উপৰিও তেখেতে নিজ গৃহতে বহুতো যুৱকক মুখাশিল্পৰ শিক্ষা প্ৰদান কৰি আহিছে। যাৰ জৰিয়তে শিল্প সাধনাৰ লগতে বহুতো পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে।৪

শিল্পকৰ্মৰাজি

কৰ্মশালা

  1. ১৯৮০ চনত অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সহযোগত গুৱাহাটীত এমহীয়া মুখা কৰ্মশালা আয়োজন কৰা হয়।
  2. ১৯৮৮ চনত পশ্চিম বংগৰ বিশ্বভাৰতীয় শান্তি নিকেতনৰ কলা ভৱনৰ ছাত্ৰ-ছাত্ৰী সকলক এমহীয়া মুখা কৰ্মশালাত প্ৰশিক্ষণ দিয়া হয়।
  3. ১৯৮৯ চনত ডিমাপুৰত অৱস্থিত উত্তৰ-পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত গুৱাহাটীত মুখা কৰ্মশালা আয়োজন কৰা হয়।
  4. ১৯৯২ চনত উৰিষ্যা কোণাৰক মহোৎসৱত পূৱ-মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ কলকাতাৰ সৌজন্যত মুখা কৰ্মশালা আয়োজন কৰা হয়।
  5. ১৯৯৮ চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানত মুখা কৰ্মশালা আয়োজন কৰা হয়।
  6. ২০০০ চনত শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত ললিত কলা একাডেমীৰ সহযোগত মুখা কৰ্মশালা অনুষ্ঠিত হয়।
  7. ২০০২ চনত নগাঁৱত কলং কলা কেন্দ্ৰত দহ দিনিয়া মুখা কৰ্মশালা অনুষ্ঠিত হয়।
  8. ২০০৩ চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৮ জানুৱাৰীৰ পৰা মুখা কৰ্মশালা অনুষ্ঠিত হয়।
  9. ২০০৪ চনত উত্তৰ পূব-মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ।
  10. ২০০৫ চনত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰত পৰম্পৰাগত কাঠ খোদাই কৰ্মশালা।
  11. ২০০৮ চনত মধ্যপ্ৰদেশৰ ভূপালত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়ত অসম মহোৎসৱত মুখা কৰ্মশালা অনুষ্ঠিত হয়।
  12. ২০১২ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগত মুখা কৰ্মশালা অনুষ্ঠিত হয়।
  13. ২০১৯ চনত কটন বিশ্ববিদ্যালয়ত কৰ্মশালা।৫

বৰ্তমানেও গোস্বামীয়ে অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত মুখাৰ কৰ্মশালাত শিক্ষা প্ৰদান কৰি আহিছে।৬

বোলছবিত মুখাৰ অংশগ্ৰহণ

  1. ২০০৯ বৰ্ষত বিদ্যুৎ বৰকটকী পৰিচালিত "এখন নেদেখা নদীৰ সিপাৰে" মুখাৰ প্ৰদৰ্শন দাঙি ধৰা হয়।
  2. ২০১০ বৰ্ষত আমেৰিকাস্থিত প্ৰবাসী অসমীয়া ৰূপম শৰ্মাৰ দ্বাৰা পৰিচালিত তথা হলিউডৰ বঁটা প্ৰাপ্ত " In Search of God"ত " অনাদি পতন"ৰ বালিৰ ভাস্কৰ্য আৰু মুখাৰ প্ৰদৰ্শন হয়।

অন্যান্য কৰ্মৰাজি

বাঁহৰ তোৰণ

  1. ১৯৮০ চনৰ পৰা বৰ্তমানলৈকে মাজুলীৰ বিভিন্ন স্থানত বিভিন্ন উৎসৱত বাঁহৰ তোৰণ নিৰ্মাণ কৰি আহিছে।
  2. ২০০৩ চনত যোৰহাটত অনুষ্ঠিত উত্তৰ পূব বিহু সন্মিলনৰ মুখ্যদ্বাৰ হিচাপে বিহুকেন্দ্ৰিক এখন বৃহৎ বাঁহৰ তোৰণ নিৰ্মাণ কৰে।
  3. ২০০৪ চনত মাজুলী মহোৎৱত ১৫ ফুট ওখ বিশাল গৰুড় মূৰ্ত্তি তথা ভাস্কৰ্য তৈয়াৰ কৰে।
  4. ২০১৪ বৰ্ষত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা মহাবাহু মহোৎসৱত বালিৰ ভাস্কৰ্য তৈয়াৰ কৰে।

সংগ্ৰহালয়ত সংৰক্ষিত শিল্পৰাজি

হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা নিৰ্মিত মুখাসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত হৈ আছে। যেনে-

  1. ১৯৯৯ চনত "Indira Gandhi National Center for Arts New Delhi"ৰ সংগ্ৰহাল়য়ত ৯ফুট ওখ ৰাৱণৰ মুখা।
  2. দিল্লীৰ "Assam Association''ত ৮ফুট ওখ ৰাৱণৰ বৰ মুখা।
  3. পশ্চিম বংগৰ শান্তি নিকেতনত অৱস্থিত "ৰবীন্দ্ৰ নাথ ঠাকুৰ" সংগ্ৰহালয়ত ৰাৱণ আৰু নৰসিংহৰ মুখা।
  4. গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰ সমাজ (পাঞ্জাবাৰী)ত ৰাৱণৰ বৰ মুখা, তাৰকা, মাৰিশ, সুবাহুৰ লোটোকৰী মুখাৰ মূৰ অংশ লগতে দশৱতাৰৰ কাঠৰ মূৰ্ত্তি, ঠগা, কাঠৰ মুখা আদি সংৰক্ষিত।
  5. তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়ত ৰাৱণৰ বৰ মুখা সংৰক্ষিত হৈ আছে।
  6. লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত গৰুড়, পুতনা, চক্ৰবাত, বকাসুৰ আৰু কালীয় নাগ মুখা সংৰক্ষিত হৈ আছে।
  7. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ সংগ্ৰহালয়ত ৰাৱণ, কুম্ভকৰ্ণ, নৰসিংহ, মাৰিশ, সুবাহু আদি মুখা সংৰক্ষিত হৈ আছে।

এইসমূহৰ উপৰিও গোস্বামীদেৱে মাজুলীৰ সমগ্ৰ সত্ৰসমূহ, নামঘৰসমূহ, অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহৰ কাঠ আৰু চিমেণ্টৰ সিংহাসন, গৰুড়াসন, ময়ূৰাসন, বিভিন্ন ধৰণৰ তোৰণ নিৰ্মাণ কৰিছে। গড়মূৰ সত্ৰৰ প্ৰৱেশদ্বাৰৰ নামসিংহযুক্ত‌ দুখন বৃহৎ আকাৰৰ তোৰণ আৰু মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী উদ্যানৰ ভাস্কৰ্যসমূহ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।

প্ৰাপ্ত বঁটা,সন্মান

  1. ২০১২ চনত মাজুলী সাংবাদিক সন্থাৰ ‘‘লা-মিজোদা-আনন্দ বঁটা’’৷
  2. ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় ‘‘শ্ৰী শ্ৰী দামোদৰদেৱ বঁটা’’৷
  3. ২০১৪ চনত DY365ৰ ‘‘কলা-সংস্কৃতি বঁটা’’৷
  4. ২০১৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।
  5. ২০১৭ চনত চি.এছ.আই.আৰ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, যোৰহাট, অসমৰ দ্বাৰা ‘‘শৈক্ষিক প্ৰেৰণা বঁটা’’৷
  6. সাহিত্য অকাডেমিৰ "সংগীত নাটক অকাডেমী বঁটা"।৭
  7. ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভাৰ পৰা " লুইত পৰীয়া জীৱনজোৰা সাধনা বঁটা।"
  8. ২০১৮ চনত "শিল্প মেৰু বঁটা।"
  9. ২০১৮ চনৰ গণৰাজ্য দিৱসৰ প্ৰতীক পদত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুখাশিল্পৰ জৰিয়তে দ্বিতীয় স্থান লাভ কৰা হয়।
  10. ২০১৮ চনত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা৷
  11. ২০২৩ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী।

ইয়াৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ দ্বাৰা গোস্বামী সন্মানীত হৈ আহিছে।

তথ্যসূত্ৰ

  1. ↑ How to Create Mask. youtube.com
  2. ↑ ষ্টাফ ৰিপৰ্টাৰ. (২৬ জনুৱাৰী, ২০২৩). বয়ন শিল্পী হেমপ্ৰভা, মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী, সমাজকৰ্মী ৰামকুইৱাংবেলৈ পদ্মশ্ৰী. অসমীয়া খবৰ. পৃ. প্ৰথম পৃষ্ঠা
  3. ↑ (4 February 2021). মাজুলীৰ মুখা শিল্প. assamflash.com
  4. ↑ (29 August 2018). বুধবৰীয়া বুলনি. দৈনিক অসম
  5. ↑ (20 July 2019). মাজুলীৰ মুখা শিল্পক জীয়াই ৰখাৰ প্ৰচেষ্টাত কটিনয়ান. pratibimbalive.com
  6. ↑ (21 May 2017). লোকশিল্পী বিশেষ. বাঁহী
  7. ↑ (16 July 2019). মুখা শিল্পী ড0 হেমচন্দ্ৰ গোস্বামীলৈ সংগীত নাটক অকাডেমী বঁটা. Etv ভাৰত

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)” প্ৰবন্ধৰ সংশোধন ৫৩৩৬৫০ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।