ভাস্কৰ্যশিল্পী
১৯ প্ৰবন্ধ
-
হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) হৈছে অসমৰ এগৰাকী শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে বৰঙণি আগবঢ়াই আহিছে। ২০২৩ বৰ্ষত ভাৰত চৰকাৰে গোস্বামীক কলা/আৰ্ট বিষয়ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
-
মৃণালিনী মুখাৰ্জী
মৃণালিনী মুখাৰ্জী (১৯৪৯ – ১৫ ফেব্ৰুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। ভাস্কৰ্য্য শিল্পৰ বাবে এক অগতানুগতিক সামগ্ৰী ৰং কৰা আৰু বোৱা ভাং গছৰ আঁহৰ ব্যৱহাৰৰ বাবে পৰিচিত। তেওঁৰ কেৰিয়াৰ ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে চাৰি দশকৰো অধিক সময় ধৰি চলিছিল।
-
অনিতা আৰণচ্
অনিতা আৰনচ্ ( Anita Aarons; ৬ নৱেম্বৰ ১৯১২ – ৩ জানুৱাৰী ২০০০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান-কানাডিয়ান ভাস্কৰ্য শিল্পী।
-
আয়েশা কুৰেইছি
আয়েশা কুৰেইছি ( Ayessha Quraishi; জন্ম: ২৮ অক্টোবৰ, ১৯৭০) এগৰাকী সমসাময়িক ভিচুৱেল আৰ্টিষ্ট, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰে আৰু কাম কৰে। কুৰেইছিয়ে কৰাচীৰ শিক্ষাবিদ নায়াৰ জামিলেণ্ডৰ পৰা প্ৰাৰম্ভিক কলা প্ৰশিক্ষণ লাভ কৰে আৰু তাৰ পিছৰ পৰাই তিনি দশকৰো অধিক সময় নিজৰ শিল্পকৰ্মত স্বকীয় কৌশল আৰু…
-
এলিছা ব্লচ
এলিছা ব্লচ ( Elisa Bloch) এগৰাকী চিলেচিয়ান-ফৰাচী ভাস্কৰ্য্যশিল্পী আছিল। তেওঁৰ জন্ম আনুমানিক ১৮৪৮ চন আৰু মৃত্যু আনুমানিক ১৯০৪ বা ১৯০৫ চন। তেওঁ পাব্লিক ইনষ্ট্ৰাকচন বিষয়া, অৰ্ডাৰ অৱ দ্য লিবাৰেটৰৰ কমাণ্ডাৰ আৰু চেভালিয়াৰ অৰ্ডাৰ অৱ দ্য ড্ৰেগন অৱ আন্নাম আছিল।
-
চিন্তামণি কৰ
চিন্তামণি কৰ (Chintamoni Kar; ১৯ এপ্ৰিল ১৯১৫ - ৩ অক্টোবৰ ২০০৫) এজন বিখ্যাত ব্ৰিটিছ-ভাৰতীয় ভাস্কৰ্যশিল্পী। তেওঁ ভাৰত আৰু ফ্ৰান্স চৰকাৰৰ পৰা অসামৰিক বঁটা লাভ কৰাৰ লগতে গ্ৰেট ব্ৰিটেইনৰ হৈ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।
-
থিয়ডোৰা কোৱান
থিয়ডোৰা এষ্টাৰ কোৱান (থিও) (১৮৬৮–১৯৪৯) এজনী অষ্ট্ৰেলিয়ান শিল্পী আছিল আৰু তেওঁক অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা ভাস্কৰ হিচাপে গণ্য কৰা হয়। তেওঁ ঊনবিংশ শতিকাৰ শেষভাগত কৰ্মৰত থকা কেইগৰাকীমান মহিলা ভাস্কৰৰ ভিতৰত অন্যতম আছিল।
-
দিলাৰা বেগম জলী
দিলাৰা বেগম জলী (Dilara Begum Jolly)এগৰাকী বাংলাদেশী ছপা শিল্পী, ভাস্কৰ্য্য শিল্পী, প্ৰতিষ্ঠাপন শিল্পী আৰু চিত্ৰশিল্পী। নাৰীৰ বিৰুদ্ধে দেখা পোৱা বৈষম্যক সমাজৰ সমুখলৈ লৈ অহাৰ বাবে আৰু নিজৰ কৰ্মত নাৰীবাদী দৃষ্টিভংগী স্পষ্টভাৱে উপস্থাপন কৰা বাবে তেওঁ পৰিচিত।
-
নুনে টুমানিয়ান
নুনে টুমানিয়ান ১৯৬৩ চনৰ ২৩ অক্টোবৰত ইয়েৰেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান শিল্পী আৰু ভাস্কৰ্য শিল্পী।
-
ফ্ৰেডা ব্ৰিলিয়েণ্ট
ফ্ৰেডা ব্ৰিলিয়েণ্ট ( Fredda Brilliant; ৭ এপ্ৰিল ১৯০৩ – ২৫ মে' ১৯৯৯) পোলেণ্ডৰ ল'ড্জত জন্মগ্ৰহণ কৰা এগৰাকী পোলেণ্ডৰ ভাস্কৰ্য শিল্পী আৰু অভিনেত্ৰী। বিভিন্ন মাধ্যমত কাম কৰা ফ্ৰেডাই এগৰাকী নিপুণ ভাস্কৰ্য্য শিল্পী, লেখিকা, অভিনেত্ৰী, গায়িকা আৰু চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
-
মাৰ্টা কলভিন
মাৰ্টা কলভিন এণ্ড্ৰেড (১৯০৭–১৯৯৫) চিলিৰ চিলানৰ এগৰাকী ভাস্কৰ্য্যশিল্পী আছিল।
-
লাইলা হাভিলিঅ’
লাইলা হাভিলিঅ’ ( Laila Havilio; জন্ম: ১৯৬০) চিলিৰ চেণ্টিয়াগোৰ এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁ কাঠ, শিল, ব্ৰঞ্জ, চিমেণ্ট, চিৰামিক আদিৰ ওপৰত কাম কৰা চিলিৰ এগৰাকী ভাস্কৰ্য্যশিল্পী। ১৯৬০ চনৰ এপ্ৰিল মাহত চিলিৰ ৰেকোলেটাত জন্মগ্ৰহণ কৰা লাইলাই ১০ বছৰ বয়সত বুয়েনছ আয়াৰ্ছ আৰ্জেণ্টিনালৈ গুচি যায়।
-
লিলি গাৰাফুলিচ
লিলি গাৰাফুলিচ ইয়াংকভিচ (১৪ মে', ১৯১৪ – ১৫ মাৰ্চ, ২০১২) আছিল চিলিৰ ভাস্কৰ্য্যশিল্পী, জেনেৰেচন অৱ ৪০ (জেনেৰেচন ডেল ৪০) শিল্পীৰ সদস্য আৰু সংগ্ৰহালয়ৰ পৰিচালক। ১৯৪৪ চনত নিউয়ৰ্ক চহৰত গুগেনহাইম ফেল’শ্বিপ লাভ কৰিছিল গাৰাফুলিচে।
-
লিলিট টেৰিয়ান
লিলিট টেৰিয়ান বা লিলিয়েট টেৰিয়ান ( Lilit Teryan) আৰ্মেনিয়ান ঐতিহ্যৰ এগৰাকী ইৰাণত জন্ম গ্ৰহণ কৰা এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁৰ জন্ম ৩১ ডিচেম্বৰ ১৯৩০ আৰু মৃত্যু হয় ৭ মাৰ্চ ২০১৯ চনত। তেহৰাণত ভাস্কৰ্য শিক্ষা নিষিদ্ধ হোৱাৰ সময়ত তেওঁ নিজৰ ভাস্কৰ্য শিক্ষা বন্ধ কৰিবলগীয়া হৈছিল।
-
লুইচ আবেমা
লুইচ আবেমা ( Louise Abbéma; ৩০ অক্টোবৰ ১৮৫৩ – ২৯ জুলাই ১৯২৭) আছিল এগৰাকী ফৰাচী চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী আৰু বেলে ইপ’কৰ ডিজাইনাৰ।
-
ল’ৰা ৰ’ডিগ
ল’ৰা ৰ’ডিগ (জন্ম নাম, ল’ৰা ডেল ট্ৰান্সিটো পিজাৰো; ৭ ছেপ্টেম্বৰ, ১৮৯৬ - ৩০ অক্টোবৰ, ১৯৭২) চিলিৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী, চিত্ৰকৰ আৰু শিক্ষাবিদ আছিল। তেওঁ চিলিৰ মহিলাসকলৰ মুক্তি সমৰ্থক আন্দোলন (MEMCH)ৰ অন্যতম নেত্ৰী আছিল।
-
শান্তামণি মুদ্দাইয়া
শান্তামণি মুদ্দাইয়া ভাৰতৰ এগৰাকী ভাস্কৰ্য শিল্পী, যিয়ে নিজৰ দৃশ্য কলাৰ কামত কাগজ আৰু কয়লাৰ দৰে ক্ষণস্থায়ী প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি প্ৰদৰ্শনী সৃষ্টি, স্থাপন আৰু প্ৰদৰ্শন কৰে। ভাৰতৰ বহু দ্বিবাৰ্ষিক কলা প্ৰদৰ্শনীত আৰু বহু আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত তেওঁৰ ভাস্কৰ্যসমূহ প্ৰদৰ্শিত হৈছে।
-
শ্বেবা ছাছি
শ্বেবা ছাছি (Sheba Chhachhi(জন্ম-১৯৫৮), ইথিঅ'পিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ, মহিলা অধিকাৰ কৰ্মী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু ইনষ্টলেচন শিল্পী। নতুন দিল্লীত বাস কৰা ছাছিয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ কৰ্মৰাজি ব্যাপকভাৱে প্ৰদৰ্শন কৰিছে।
-
ষ্টেলা গ্ৰীগ’ৰিয়ান
ষ্টেলা গ্ৰীগ'ৰিয়ান ( Stella Grigoryan) এগৰাকী আৰ্মেনিয়ান শিল্পী, ভাস্কৰ্য্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ ৪ নৱেম্বৰ, ১৯৮৯ চনত আৰাগৎসভানত জন্ম গ্ৰহণ কৰে।