হিমালয়া ৱেলনেছ কোম্পানী (পূৰ্বতে হিমালয় ড্ৰাগ কোম্পানী) হৈছে ভাৰতৰ বেংগালোৰত অৱস্থিত ভাৰতীয় বহুজাতিক ব্যক্তিগত যত্ন আৰু ঔষধ কোম্পানী। ইয়াক প্ৰথমে ১৯৩০ চনত দেৰাডুনত মহম্মদ মানলে স্থাপন কৰিছিল।১ইহ হিমালয় বনৌষধি স্বাস্থ্যসেৱা নামেৰে আয়ুৰ্বেদিক উপাদান যুক্ত স্বাস্থ্যসেৱাৰ সামগ্ৰী উৎপাদন কৰে। ইয়াৰ প্ৰচাৰ তথা কাৰ্য্যকলাপ সমগ্ৰ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, মধ্যপ্ৰাচ্য, এছিয়া, ইউৰোপ আৰু অ'চেনিয়া দেশসমূহত বহুলভাৱে বিস্তৃত হৈ আছে।২আনহাতে ইয়াৰ সামগ্ৰীসমূহ সমগ্ৰ বিশ্বৰ প্ৰায় ১০৬খন দেশত বিক্ৰী কৰা হয়।৩ইয়াৰ ফ্লেগশ্বিপ প্ৰডাক্ট হৈছে Liv.52 নামৰ এটা লিভাৰ ঔষধ, যিটো প্ৰথমবাৰৰ বাবে ১৯৫৫ চনত প্ৰৱৰ্তন কৰা হৈছিল।৩৪হিমালয় ৱেলনেছ কোম্পানীৰ এটা গোট হৈছে হিমালয় গ্ল'বেল হোল্ডিংছ। যিখনৰ মুখ্য কাৰ্যালয় কেমেন দ্বীপপুঞ্জ অৱস্থিতি। এইচ. জি. এইচ.ৰ কাৰ্যালয় বাংগালোৰৰ উপৰি আঞ্চলিক মুখ্য কাৰ্যালয় ডুবাই, ছিংগাপুৰ আৰু হিউষ্টনত আছে। ৫৬
ইতিহাস

১৯৩০ চনত ডেৰাডুনত মহম্মদ মানলে হিমালয় ড্ৰাগ কোম্পানী প্ৰতিষ্ঠা কৰিছিল। স্বয়ংক "প্ৰকৃতিপ্ৰেমী" বুলি কোৱা মনলৰ লক্ষ্য আছিল আয়ুৰ্বেদিক আৰু বনৌষধিজাত সামগ্ৰীসমূহ সমসাময়িক প্ৰয়োজন অনুসৰি বাণিজ্যিকীকৰণ কৰা। ইয়াৰ কাৰ্যকাৰিতা প্ৰদৰ্শন কৰিবলৈ আধুনিক অভিজ্ঞতাভিত্তিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।১৭
বিশ্বব্যাপী বজাৰ
১৯৯৬ চনত Dietary Supplement Health and Education Act of 1994ৰ প্ৰৱৰ্তনৰ পিছত কোম্পানীটোৱে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছত কোম্পানীটোৱে আন আন দেশলৈও সম্প্ৰসাৰণ ঘটায়।১২০১৫ চনলৈকে কোম্পানীটোৱে ভাৰতৰ বাহিৰৰপৰা প্ৰায় ৫০% ৰাজহ লাভ কৰি ৯১খন দেশত নিজৰ সামগ্ৰী বিক্ৰী কৰিছিল।১৮
সামগ্ৰী
হিমালয় হাৰ্বেল হেল্থকেয়াৰৰ বহুতো সামগ্ৰী আছে। যেনে ঔষধ, ব্যক্তিগত যত্ন, শিশুৰ যত্ন, মংগল, পুষ্টি আৰু পশু স্বাস্থ্যৰ সামগ্ৰী আদি উল্লেখযোগ্য।৯কোম্পানীটোৰ ২৯০ জনতকৈ অধিক গৱেষক আছে যিয়ে আয়ুৰ্বেদিক বনৌষধি আৰু খনিজ পদাৰ্থ ব্যৱহাৰ কৰি সামগ্ৰী উৎপাদনৰ বাবে চেষ্টা কৰি থাকে।১০লগতে হিমালয় নিম face wash ব্ৰেণ্ড ভাৰতৰ দ্বিতীয় বৃহত্তম বুলি কোৱা হৈছে।১১
তথ্যসূত্ৰ
- ↑ Haydon, Philipe. (19 January 2015). How Himalaya made ancient Ayurveda popular across the globe. Rediff News
- ↑ The Himalaya Drug Company. Bloomberg Businessweek
- ↑ (11 June 2006). Eastern therapy, universal appeal. The Star
- ↑ (17 December 2010). Himalaya rolls in new oral range HiOra. Business Line
- ↑ How A Musician CEO Struck The Right Note With Himalaya Drug. Forbes India
- ↑ V, Savitha; Kurian, Boby. (13 April 2007). Manal family to restructure Himalaya Drug. The Economic Times
- ↑ Haydon, Philipe. (2015-01-19). 40 years ago.. and now: Taking traditional Indian medicine to the world. Business Standard India
- ↑ (2016-09-25). Himalaya Drug Company to hire 1,000 people, eyes Rs 2,500 crore revenue in fiscal FY18. The Indian Express
- ↑ Himalaya Products. Himalaya Wellness (India)
- ↑ Kumar, B. Rajesh; Satish, S. M (2007). Growth Strategies Of Indian Pharma Companies. pp. 122-123
- ↑ Dalal, Mihir. (12 December 2012). Himalaya sees four fold jump in India business over five years. mint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমালয়া ৱেলনেছ কোম্পানী” প্ৰবন্ধৰ সংশোধন ৫৩৮৯৬৬ (১৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।