অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ

সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ (Saurabh Kumar Chaliha Fan Society) হৈছে অসমৰ গুৱাহাটীস্থ এটি সামাজিক অনুষ্ঠান। অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহা আৰু তেওঁ সৃষ্টিকৰ্মক উদ্‌যাপনৰ হেতু চলিহাৰ কিছু অনুৰাগীৰে গঠিত এই অনুষ্ঠানটোৱে ইতিমধ্যে সচেতন পঢ়ুৱৈ তথা নতুন প্ৰজন্মৰ চলিহা অনুৰাগীৰ মাজত…

হালনাগাদ: ১৮ এপ্ৰিল ২০২৬ ৪৩২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ (Saurabh Kumar Chaliha Fan Society) হৈছে অসমৰ গুৱাহাটীস্থ এটি সামাজিক অনুষ্ঠান। অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহা আৰু তেওঁ সৃষ্টিকৰ্মক উদ্‌যাপনৰ হেতু চলিহাৰ কিছু অনুৰাগীৰে গঠিত এই অনুষ্ঠানটোৱে ইতিমধ্যে সচেতন পঢ়ুৱৈ তথা নতুন প্ৰজন্মৰ চলিহা অনুৰাগীৰ মাজত গুৰুত্ব লাভ কৰিবলৈ সমৰ্থ হৈছে। অনুৰাগী সমাজে নতুনৰ মাজত চলিহা-চিন্তা আৰু তেওঁৰ গল্পক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰে। তেওঁলোকে প্ৰতিবছৰে ১ জানুৱাৰীৰ দিনটো চলিহাৰ স্মৃতি ৰক্ষাৰ্থে ‘ভাল খবৰৰ দিন’ ৰূপে উদ্‌যাপন কৰে। ২০১১ চনত প্ৰথম এই দিন উদ্‌যাপন কৰা হৈছিল। ১ আলতাফ মজিদ, দেৱব্ৰত দাস, নজৰুল হক, অপূৰ্ব শৰ্মা, কুশল দত্তকে ধৰি অসমৰ ভালেকেইগৰাকী খ্যাতিসম্পন্ন লেখক-সমালোচক, কবি-গল্পকাৰ প্ৰত্যক্ষভাৱে এই সমাজৰ সদস্য ৰূপে ইয়াৰ সৈতে জড়িত হৈ আছে।২

এবাৰ লেখক অৰূপ কুমাৰ দত্তই কৈছিল৩;

“In my entire life I never heard of a fan club being formed on a writer!” (মোৰ জীৱনকালত মই লেখকৰ ওপৰত ফেন ক্লাৱ গঠন হোৱাৰ কথা শুনা নাছিলোঁ।)

ইতিহাস

১৯৯৮ চনৰ ১ জানুৱাৰীত সৌৰভ কুমাৰ চলিহাই এটি লেখা লিখিছিল যিটো অসমীয়া দৈনিক কাকত এখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছিল। প্ৰবন্ধটোত তেওঁ ৰাতিপুৱাৰ কাকত এখনত এটা সৰু বাতৰি আৱিষ্কাৰ কৰাৰ কথা বৰ্ণনা কৰিছিল যিয়ে তেওঁক ভৱিষ্যতৰ প্ৰতি আশাবাদী কৰি তুলিছিল। খবৰটো আছিল; দেউতাক আৰ্থিক কেলেংকাৰীত জড়িত হোৱাৰ বাবে এজন সৰু ল’ৰাই আত্মহত্যা কৰিছে। এই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছিল যদিও ইয়াৰ মাজেৰে নৱপ্ৰজন্মৰ সংবেদনশীলতাৰ প্ৰতিফলন ঘটিছিল। ই আমাৰ চৌপাশৰ জগতখনে সৃষ্টি কৰা হতাশা আৰু বিশৃংখলতাৰ মাজত মানুহৰ মাজত বাচি থকা নৈতিকতা সম্পৰ্কত আশাৰ সঞ্চাৰ কৰিছিল। এয়া আছিল, চলিহাৰ বাবে এক ভাল খবৰ। সেয়ে এই খবৰৰ আলমত, এখন নিয়মীয়া কাকতৰ প্ৰথম পৃষ্ঠাত ভাল খবৰ শীৰ্ষকেৰে এখন ৰচনা লিখি চলিহাই শৃংখলাবদ্ধতাৰে বেষ্টিত নতুন প্ৰজন্মৰ এখন ন-অসমৰ সপোন ৰচিছিল। অনুৰাগী সমাজে এই অনৱদ্য লেখকগৰাকীৰ স্মৃতি তেওঁ ব্যক্তিত্বতকৈ তেওঁৰ চিন্তা-চেতনা আৰু সৃষ্টিকৰ্মৰে ধৰি ৰখাৰ সিদ্ধান্ত লয় আৰু এইদৰেই বছৰৰ প্ৰথম দিনটো ‘ভাল খবৰৰ দিন’ ৰূপে উদযাপিত হ’বলৈ লয়।১

২০১০ চনত, সৌৰভ কুমাৰ চলিহাৰ জীৱিত অৱস্থাতে চলিহা অনুৰাগী চলচ্চিত্ৰ নিৰ্মাতা আলতাফ মজিদ আৰু বেংগালুৰুস্থিত আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক নজৰুল হকৰ উদ্যোগত সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ গঠন হয় আৰু সমাজে চলিহাৰ গল্পসমূহ হিন্দী-ইংৰাজী আৰু বঙালী ভাষালৈ অনুবাদ কৰা, তেখেতৰ নামেৰে এটি ৱেবচাইট (সৌৰভকুমাৰচলিহা ডট ইন www.sauravkumarchaliha.in) আৰম্ভ কৰা আৰু বছৰৰ প্ৰথম দিনটো ভাল খবৰৰ দিন ৰূপে উদ্‌যাপন কৰাৰ সংকল্প লয়।২৪ এই সময়ছোৱাত চলিহা তেখেতৰ বেলতলাৰ বাসগৃহত আছিল, অনুৰাগী সমাজৰ কাম-কাজত অংশ লৈছিল আৰু কামসমূহ আগবঢ়াই নিবলৈ তেওঁলোকক উৎসাহিত কৰিছিল।৪

কৰ্মপন্থা

অনুৰাগী সমাজৰ মূল উদ্দেশ্যে হৈছে চলিহাৰ চিন্তা-চেতনা আৰু সৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰ কৰা। কেৱল অসমতে আৱদ্ধ নাৰাখি বহল পৰিসৰত চলিহাৰ সৃষ্টিৰাজিক প্ৰসাৰ কৰাৰ উদ্দেশ্যে অনুৰাগী সমাজে চলিহাৰ গল্পসমূহ ইংৰাজী ভাষা, হিন্দী ভাষা আৰু বঙালী ভাষা ভাষালৈ অনুবাদৰ উদ্যোগ লৈছে। বঙালী আৰু হিন্দীলৈ অনুবাদৰ কাম আৰম্ভ কৰিছিল ক্ৰমে লেখক-অনুবাদক দেৱাশিস তৰফদাৰ আৰু ‘ছেণ্টিনেল’ (হিন্দী) কাকতৰ সম্পাদক দিনকৰ কুমাৰে। Barcarolle and other stories নাম দি চলিহাৰ ১৪টা গল্পক ইংৰাজীলৈ অনুবাদ কৰিছে অনুৰাগী সমাজৰ এগৰাকী সদস্য তথা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য মহাপ্ৰৱন্ধক জীৱন গোস্বামীয়ে। সমাজে চলিহাৰ নামত এটি ৱেবচাইট আৰম্ভ কৰি তেওঁৰ সম্পৰ্কে সকলো আলোচনাক তাত স্থান দিছে। ৱেবচাইটটোত ইংৰাজীলৈ অনুবাদ হোৱা চলিহাৰ ১৬ টা গল্প অন্তৰ্ভুক্ত কৰা হৈছে। তাৰোপৰি অনুৰাগী সমাজে প্ৰতি বছৰে ভাল খবৰৰ দিন অনুষ্ঠানটোত চলিহা চৰ্চাক বিষয় ৰূপে লৈ এটি বক্তৃতা অনুষ্ঠান আয়োজন কৰে। ইয়াৰে কিছু বক্তৃতা লৈ ২০২৫ বৰ্ষৰ ১ জানুৱাৰী তাৰিখে এই অনুষ্ঠানত ভাল খবৰৰ বৰ্ণমালা শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখনত হীৰেন গোহাঁই, অপূৰ্ব শৰ্মা, দীনেশ চন্দ্ৰ গোস্বামী, মুনীন বায়ন, সঞ্জীৱ সভাপণ্ডিত আদিকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ চলিহা বিষয়ক চিন্তাধৰ্মী লেখা প্ৰকাশ হৈছে। সৌৰভ কুমাৰ অনুৰাগী সমাজৰ হৈ গুৱাহাটীৰ প্ৰকাশন গোষ্ঠী বান্ধৱে কিতাপখন প্ৰকাশ কৰিছে।৫ পূৰ্বতে ২০১৮ চনৰ ১ জানুৱাৰী তাৰিখে অনুৰাগী সমাজে চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা শীৰ্ষক চলিহাৰ অপ্ৰকাশিত কিছু ৰচনা আৰু চিঠি-পত্ৰৰ সংকলন প্ৰকাশ কৰে। ২০১৫ চনৰ শেষৰফালে অনুৰাগী সমাজৰ সদস্য লেখক দেৱব্ৰত দাস, কবি কুশল দত্ত, পৰিৱেশ সাংবাদিক মুবিনা আখতাৰ, চলচ্চিত্ৰ সমালোচক ননী টেৰণ, সাংবাদিক মহেশ ডেকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰশমণি দত্ত, গল্পকাৰ ভাস্কৰ ঠাকুৰীয়া, বোধিসত্ত্ব শৰ্মা আদিৰ উদ্যোগত গুৱাহাটী গ্ৰন্থমেলাত ২ জানুৱাৰীত ‘সৌৰভ কুমাৰ চলিহাৰ সৈতে এসন্ধ্যা’ নামেৰে এটি অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত ‘নতুন প্ৰজন্মৰ দৃষ্টিত সৌৰভ কুমাৰ চলিহা’ শীৰ্ষক আলোচনাৰ লগতে ‘প্ৰফাইল অব্ এ টাইম কেপচাৰাৰ’নামৰ ননী টেৰণ নিৰ্মিত চলিহা বিষয়ক এখন তথ্যচিত্ৰ প্ৰদৰ্শিত হয়।৪

সদস্যসকল

  1. আলতাফ মজিদ
  2. নজৰুল হক
  3. মীনাক্ষি বৰকটকী
  4. অপূৰ্ব শৰ্মা
  5. দেৱব্ৰত দাস
  6. জীৱন গোস্বামী
  7. জেবিন আহমেদ (সভাপতি)
  8. মহেশ ডেকা (সম্পাদক)
  9. কুশল দত্ত
  10. বোধিসত্ত্ব শৰ্মা
  11. ননী টেৰণ
  12. পৰশমণি দত্ত
  13. ভাস্কৰ ঠাকুৰীয়া
  14. মুবিনা আখটাৰ

তথ্যসূত্ৰ

  1. ↑ (December 25, 2021). Assam: Saurabh Kumar Chaliha Fan Society to celebrate good news day on January 1 in Guwahati. nenow.in
  2. ↑ হীৰেন গোহাঁই আৰু অন্যান্য. (২০২৫). ভাল খবৰৰ বৰ্ণমালা. বান্ধৱ. পৃ. ৮. ISBN 978-93-94594-24-1
  3. ↑ (December 30, 2018). ‘Bhal Khabarar Din’ and Saurav Kumar Chaliha. nenow.in
  4. ↑ সৌৰভ কুমাৰ চলিহা. (১ জানুৱাৰী, ২০১৮). চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/সম্পাদকীয়ৰ পৰিৱৰ্তে. সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ. পৃ. ৭-১২
  5. ↑ (৩ জানুৱাৰী, ২০২৫). “Bhal Khabaror Din”: Celebrating the literary legacy of Saurav Kumar Chaliha in Assam. নৰ্থ ইষ্ট নাও

সম্পৰ্কিত শ্ৰেণী

অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ” প্ৰবন্ধৰ সংশোধন ৬০১০৯৪ (১৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।