ত্ৰিপুৰাৰ ব্যক্তি
৯ প্ৰবন্ধ
-
শচীন দেৱবৰ্মণ
শচীন দেৱবৰ্মণ (অক্টোবৰ ১, ১৯০৬ - অক্টোবৰ ৩১, ১৯৭৫) বিংশ শতাব্দীত ভাৰতীয় বাংলা গানৰ কিংবদন্তীতূল্য আৰু জনপ্ৰিয় সঙ্গীত শিল্পী। প্ৰায়: তেওঁক এচ, ডি, বৰ্মণ হিচাপে উল্লেখ কৰা হয়। কিছু অনুনাসিক কণ্ঠস্বৰৰ বাবে তেওঁ তেওঁৰ শ্ৰোতাসকলৰ মাজত বিশেষভাবে পৰিচিত।
-
মাণিক চৰকাৰ
মাণিক চৰকাৰ (Manik Sarkar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ১৯৯৮ৰ মাৰ্চৰ পৰা ২০১৮ৰ মাৰ্চলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আছিল। তেওঁ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ পলিটব্যুৰ' সদস্য।
-
মানিক সাহা
মাণিক সাহা এজন ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ত্ৰিপুৰাৰ বৰ্তমান আৰু একাদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ইলা লোধ
ইলা লোধ (Ela Lodh/Ila Loadh;২০২১ চনত ৭৯ বছৰ বয়সত মৃত্যু হয় ) এগৰাকী ভাৰতীয় প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল। তেওঁ ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ মৰণোত্তৰভাৱে ২০২২ চনৰ ৮ মাৰ্চত লাভ কৰে।
-
কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মন
কিৰিত প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মন বাহাদুৰ (Kirit Pradyot Manikya Deb Barman Bahadur) এগৰাকী ভাৰতীয় ৰাজনীতিক। বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ পৰিয়ালৰ মুখীয়াল আৰু ১৮৬ তম ৰজা (নামধাৰী)। তেওঁ দিল্লীত জন্ম হৈছিল, আৰু বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাৰ বাসিন্দা।
-
চন্দ্ৰ শেখৰ ঘোষ
চন্দ্ৰ শেখৰ ঘোষ (Chandra Shekhar Ghosh; জন্ম: ৮ আগষ্ট ১৯৬০) বন্ধন বেংকৰ প্ৰতিষ্ঠাতা, প্ৰাক্তন এমডি আৰু চিইঅ'। তেওঁ ভাৰতৰ আৰ্থিক অন্তৰ্ভুক্তিৰ অন্যতম প্ৰধান প্ৰবক্তা আছিল। ক্ষুদ্ৰ ঋণ আৰু উন্নয়ন খণ্ডত তেওঁৰ ৩০ বছৰতকৈ অধিক অভিজ্ঞতা আছে।
-
প্ৰণৱ কৰ নাথ
প্ৰণৱ কৰ নাথ (ইংৰাজী: Pranab Kr Nath; বাংলা: প্ৰণব কব় নাথ; জন্ম: ১৮ ডিচেম্বৰ ১৯৯১) হৈছে ভাৰতৰ ত্ৰিপুৰাৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতশিল্পী। তেওঁ মূলতঃ স্বতন্ত্ৰ চুটি ছবি, কলাত্মক চলচ্চিত্ৰ আৰু সংগীত ভিডিঅ' নিৰ্মাণৰ সৈতে জড়িত।
-
প্ৰতীমা ভৌমিক
প্ৰতিমা ভৌমিক (জন্ম ২৮ মে' ১৯৬৯) ত্ৰিপুৰাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ দ্বিতীয় মোদী মন্ত্ৰালয়ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
সৌৰভী দেৱবৰ্মা
সৌৰভী দেৱবৰ্মা (জন্ম ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ টেলিভিছন ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল ৪-ৰ প্ৰতিযোগী আছিল আৰু এই অনুষ্ঠানৰ প্ৰথম মহিলা বিজয়ী হিচাপে পৰিচিত হয়। তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডধাৰীও।