বৃহস্পতি গ্ৰহ (ইংৰাজীত: Jupiter জুপিটৰ, আ-ধ্ব-ব: ˈdʒu:.pɪ.tə(ɹ)) সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহ পঞ্চম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতিগ্ৰহটোক বাদ দি সৌৰজগতৰ বাকী সকলো গ্ৰহৰ ভৰকে একেলগ কৰিলেও বৃহস্পতিৰ ভৰতকৈ আঢ়ৈ গুণ বেছি হ’ব। বৃহস্পতিসহ আৰু তিনিটা গ্ৰহ অৰ্থাৎ শনি, ইউৰেনাচ আৰু নেপচুনক একেলগে “গ্যাস দানৱ” বোলা হয়। এই চাৰিটাৰ অন্য এটি জনপ্ৰিয় নাম হৈছে জোভিয়ান গ্ৰহ। জোভিয়ান শব্দটি জুপিটাৰ শব্দৰ বিশেষণ ৰূপ। জুপিটাৰৰ গ্ৰীক প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয় “জিউস”। এই জিউসৰ পৰাই জেনো- মূলটি উৎপত্তি হৈছে। এই মূল শব্দৰ দ্বাৰা অন্য বহুটো জুপিটাৰ তথা বৃহস্পতি গ্ৰহ সংশ্লিষ্ট শব্দৰ সৃষ্টি হৈছে। যেনে: জেনোগ্ৰাফিক।১ পৃথিৱীৰ পৰা চালে বৃহস্পতিৰ ২.৮ আপাত মান পোৱা যায়। এই গ্ৰহটো পৃথিৱীৰ আকাশত দৃশ্যমান তৃতীয় উজ্জ্বল জ্যোতিষ্ক। কেৱল চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ উজ্জ্বলতাৰ এই গ্ৰহটোতকৈ বেছি। অৱশ্যে কক্ষপথৰ কিছু বিন্দুত মঙ্গল গ্ৰহৰ উজ্জ্বলতা বৃহস্পতিতকৈ বেছি হয়। প্ৰাচীনকালৰ পৰাই এই গ্ৰহটো জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষীসকলৰ বাবে পৰিচিত আছিল। বিভিন্ন সংস্কৃতিৰ প্ৰচুৰ পৌৰাণিক কাহিনী আৰু ধৰ্মীয় বিশ্বাস বৃহস্পতিক কেন্দ্ৰ কৰি বৰ্তমানেও চলি আছে। ৰোমানসকলে গ্ৰহটোৰ নাম পৌৰাণিক চৰিত্ৰ জুপিটাৰৰ নামত ৰাখিছিল। জুপিটাৰ ৰোমান পুৰাণৰ প্ৰধান দেৱতা। এই নামটো “প্ৰাক-ইন্দো-ইউৰোপীয় ধৰ্মৰ” ভোকেটিভ কাঠামোৰ পৰা আহিছে যাৰ অৰ্থ আকাশৰ পিতা।২
উপগ্ৰহ
বৃহষ্পতিৰ ৬৩টা উপগ্ৰহ আছে। ইয়াৰ মাজৰ ৪৭টাৰ ব্যাস (জ্যামিতি) ১০ কিলোমিটাৰৰো কম আৰু ১৯৭৫ চনৰ পিছত আৱিষ্কাৰ কৰা হৈছে। বৃহস্পতিৰ সবাতোকৈ ডাঙৰ চাৰিটা উপগ্ৰহ হ’ল আয়ো, ইউৰোপা, গ্যানিমেড আৰু কেলিষ্টো, এইকেইটাক একেলগে গ্যালিলিঅ’ উপগ্ৰহ বোলা হয় কিয়নো এই গ্ৰহবোৰ গেলিলিঅ’ গেলিলিয়ে আৱিষ্কাৰ কৰিছিল। বৃহস্পতিৰ উপগ্ৰহসমূহৰ তালিকা:
- মেটিছ (Metis)
- এডৰাষ্টে (Adrastea)
- আমালথে (Amalthea)
- থীব (Thebe)
- আয়ো (Io)
- ইউৰোপা (Europa)
- গেনিমেড (Ganymede)
- কেলিষ্টো (Callisto)
- থেমিষ্টো (Themisto)
- লেডা (Leda)
- হিমালিয়া (Himalia)
- লিসিথে (Lysithea)
- এলাৰা (Elara)
- এস/২০০০ জে ১১ (S/2003 J 11)
- কাৰ্পো (Carpo)
- এস/২০০৩ জে ১২ (S/2003 J 12)
- ইউপোৰী (Euporie)
- এস/২০০৩ জে ৩ (S/2003 J 3)
- এস/২০০৩ জে ১৮ (S/2003 J 18)
- থেলযিনো (Thelxinoe)
- ইউয়ান্থে (Euanthe)
- হেলিকে (Helike)
- অৰ্থোছাই (Orhtosie)
- লোকাষ্টে (Locaste)
- এস/২০০৩ জে ১৬ (S/2003 J 16)
- প্ৰাক্সিডাইক (Praxidike)
- হাৰ্পালাইক (Harpalyke)
- নেমে (Mneme)
- হাৰমিপ্প (Hermippe)
- থাইয়ন (Thyone)
- আনাক (Anake)
- হাৰ্স (Herse)
- এল্টনে (Altne)
- কেল (Kale)
- টাইগেট (Taygete)
- এস/২০০৩ জে ১৯ (S/2003 J 19)
- চালডেন (Chaldene)
- এস/২০০৩ জে ১৫ (S/2003 J 15)
- এস/২০০৩ জে ১০ (S/2003 J 10)
- এস/২০০৩ জে ২৩ (S/2003 J 23)
- এৰিনম (Erinome)
- এওয়েডে (Aoede)
- কালিচোৰ (Kallichore)
- কালাইক (Kalyke)
- কাৰমে (Carme)
- কালিৰহ (Callirrhoe)
- ইউৰিডোম (Eurydome)
- পেছিথী (Pasithee)
- কোৰ (Kore)
- চাইলীন (Cyllene)
- ইউকেলাড (Eukelade)
- এস/২০০৩ জে ১৪ (S/2003 J 14)
- পেচিফে (Pasiphae)
- হেজেমোন (Hegemone)
- আৰ্কে (Arche)
- আইসোণ (Isonoe)
- এস/২০০৩ জে ৯ (S/2003 J 9)
- এস/২০০৩ জে ৫ (S/2003 J 5)
- চিনোপ (Sinope)
- স্পোণ্ড (Sponde)
- অটোনো (Autonoe)
- মেগাক্লাইট (Megaclite)
- এস/২০০৩ জে ২ (S/2003 J 2)
তথ্যসূত্ৰ
- ↑ See for example IAUC 2844: Jupiter (1975 October 1). That particular word has been in use since at least 1966
- ↑ Harper, Douglas. (November 2001). Jupiter. Online Etymology Dictionary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহস্পতি গ্ৰহ” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৭৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।