অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সত্যমেৱ জয়তে

সত্যমেৱ জয়তে (सत्यमेव जयते, 'Truth alone triumphs', ) হিন্দু মুণ্ডক উপনিষদৰ এটি মন্ত্ৰ। স্বাধীন ভাৰতৰ জাতীয় নীতি বাক্য হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, ভাৰত গণৰাজ্য হোৱাত, এই মন্ত্ৰক স্বীকৃতি প্ৰদান কৰা হৈছিল। এই বাক্য অশোকৰ সিংহত দেৱনাগৰী লিপিত লিখা আছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সত্যমেৱ জয়তে (सत्यमेव जयते, 'Truth alone triumphs', ) হিন্দু মুণ্ডক উপনিষদ্‌ৰ এটি মন্ত্ৰ।১ স্বাধীন ভাৰতৰ জাতীয় নীতি বাক্য হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, ভাৰত গণৰাজ্য হোৱাত, এই মন্ত্ৰক স্বীকৃতি প্ৰদান কৰা হৈছিল।২৩ এই বাক্য অশোকৰ সিংহত দেৱনাগৰী লিপিত লিখা আছে। ই ভাৰতৰ জাতীয় প্ৰতীকৰ এক গুৰুত্বপূৰ্ণ অংগ। এই প্ৰতীক আৰু "সত্যমেৱ জয়তে" বাক্যশাৰী ভাৰতৰ সকলো জাতীয় দস্তাৱেজ আৰু মুদ্ৰাত উপস্থিত।

উৎপত্তি

এই বাক্যৰ উৎপত্তি মুণ্ডক উপনিষদৰ মন্ত্ৰ ৩.১.৬। মন্ত্ৰটি এনে ধৰণৰ:

দেৱনাগৰী লিপিত: सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः।

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्॥

অসমীয়া লিপিত: সত্যমেৱ জয়তে নানৃতং সত্যেন পন্থা ৱিততো দেৱযানঃ।

যেনাক্ৰমন্ত্যৃষয়ো হ্যাপ্তকামা যত্ৰ তৎ সত্যস্য পৰমং নিধানং।।

অসমীয়া অনুবাদ:

সত্যৰে কেৱল জয় হয়, মিথ্যাৰ নহয়। সত্য়েৰে দিব্য পন্থা বিতিত হয়, যাৰে তৃষ্ণাপূৰ্তজনে পৰম নিধান লাভ কৰে।৪

জনপ্ৰিয় সংকেত

অনেক জনপ্ৰিয় সংকেত এই বাক্যৰে প্ৰেৰিত। উদাহৰণস্বৰূপে, "কেৱল সত্য বৰ্তে, অসত্য নহয়"৫, লেটিন "ভেৰিটাছ ভিঞ্চিট", তামিল ভায়মাইয়ে ভেল্লুম আদি।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিজৰ দ্বিতীয় কাৰ্যকালত পণ্ডিত মদন মোহন মালৱীয়ই এই মন্ত্ৰ আধুনিক জাতীয় শব্দাৱলীত পৰিচয় কৰি দিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Mundaka Upanishad. IIT Kanpur
  2. ↑ Motto for State Emblem. Press Information Bureau of India - Archive
  3. ↑ Department related parliamentary standing committee on home affairs. One hundred and sixteenth report on the state emblem of India (Prohibition of improper use) Bill, 2004. Rajya Sabha Secretariat, New Delhi. পৃ. 6.11.1
  4. ↑ Swami Krishnananda. The Mundaka Upanishad:Third Mundaka, First Khanda. swami-krishnananda.org
  5. ↑ (Max Muller (SBE 15))
  6. ↑ Minutes of the first meeting of the National Committee for Commemoration of 150th Birth Anniversary of Mahamana Pandit Madan Mohan Malaviya 26 July 2011 at 6.00 pm - 7, Race Course Road, New Delhi.

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যমেৱ জয়তে” প্ৰবন্ধৰ সংশোধন ৩৮৩০৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।