ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
১৩ প্ৰবন্ধ
-
পদুম
পদুম (Nelumbo nucifera) জলজ উদ্ভিদ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ফুল, যি সৌন্দৰ্য্য, ধৰ্মীয় প্ৰতীকীতা আৰু ব্যৱহাৰিক মূল্যৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে। উষ্ণ জলবায়ুৰ বহু ঠাইত, বিশেষকৈ জান-জুৰি, বিল আৰু পুখুৰীত ই স্বাভাৱিকভাৱে গজে, আৰু খাদ্য, ঔষধ, শিল্প-সংস্কৃতি তথা স্থাপত্যত ব্যাপকভাৱে উপস্থিত।
-
গঙ্গা নদী
গঙ্গা (गङ्गा गंगा گنگا Ganga ) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2525 কি.মি.; উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত।
-
ঢেঁকীয়াপতীয়া বাঘ
ঢেঁকীয়াপতীয়া বাঘ (Bengal tiger, বৈজ্ঞানিক নাম: Panthera tigris tigris) বাঘৰ এটা প্ৰখ্যাত উপপ্ৰজাতি। শেহতীয়া তথ্য অনুসৰি ভাৰতত ইয়াৰ জনসংখ্যা ১,৭০৬-১,৯০৯ টা, বাংলাদেশত ৪৪০ টা, নেপালত ১৬৩-২৫৩টা আৰু ভূটানত প্ৰায় ৬৭-৮১ টা। ২০০০ চনত আই.ইউ. চি.
-
ভাৰতৰ জাতীয় পতাকা
ভাৰতৰ জাতীয় পতাকা (National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল।
-
বন্দে মাতৰম্
বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা") বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প।
-
জন গণ মন
জন গণ মন (जन गण मन) হৈছে ভাৰতবৰ্ষৰ জাতীয় সংগীত। এই গীতটো বঙালী ভাষাত ৰচিত যদিও ইয়াত সংস্কৃত শব্দহে বেছিকৈ ব্যৱহাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এই গীতটোৰ ৰচনাকাল জনা নাযায়। ১৯১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন সভাত পোন প্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হয়।
-
শিহু
শিহু (Ganges River Dolphin; বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়।
-
অশোক চক্ৰ
অশোক চক্ৰ একপ্ৰকাৰৰ ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন। ইয়াক ধৰ্মচক্ৰ নামেৰেও জনা যায়। সম্ৰাট অশোকৰ সিংহ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ হ’ল। ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ বিদ্যমান।
-
অশোক স্তম্ভ
অশোক স্তম্ভ (Emblem of India) সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ 'সিংহমূৰ্ত্তি'। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।
-
শকাব্দ
শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে।
-
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীক ভাৰতীয় গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ, বহু ৰাজ্য চৰকাৰ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহে ব্যৱহাৰ কৰে।
-
ভাৰত মাতা
ভাৰত মাতা বা ভাৰতাম্বা হৈছে ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ। তেওঁক দেৱী হিচাপে পূজা কৰা হয়। তেওঁক সাধাৰণতে গেৰুৱা শাৰী পৰিহিত হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ থকা ৰূপত কল্পনা কৰা হয়। কিছুমান ৰূপত তেওঁৰ বাহন হিচাপে সাহস আৰু বিক্ৰমৰ প্ৰতীক সিংহ থাকে।
-
সত্যমেৱ জয়তে
সত্যমেৱ জয়তে (सत्यमेव जयते, 'Truth alone triumphs', ) হিন্দু মুণ্ডক উপনিষদৰ এটি মন্ত্ৰ। স্বাধীন ভাৰতৰ জাতীয় নীতি বাক্য হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, ভাৰত গণৰাজ্য হোৱাত, এই মন্ত্ৰক স্বীকৃতি প্ৰদান কৰা হৈছিল। এই বাক্য অশোকৰ সিংহত দেৱনাগৰী লিপিত লিখা আছে।