
শ’ল মাছ হৈছে স্নেকহেড বা ছানিডী (Channidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মাছৰ প্ৰজাতি। ইংৰাজীত ইয়াক striped snakehead, common snakehead, chevron snakehead, বা snakehead murrel আদি নামেৰে জনা যায়; আৰু সাধাৰণতে কেৱল mudfish নামেৰে জনা যায়। এই মাছবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ থলুৱা মাছ, আৰু পিছলৈ কিছুমান প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জতো ইয়াৰ বিস্তাৰ ঘটোৱা হৈছে। মাদাগাস্কাৰ আৰু হাৱাইৰপৰা পোৱা প্ৰতিৱেদনসমূহ আচলতে চান্না মেকুলেটা (C. maculata) মাছৰ ভুল চিনাক্তকৰণহে আছিল।" ১২
২০১৭ চনত প্ৰকাশিত এক জিনীয় অধ্যয়নে ইংগিত দিয়ে যে, শ’ল এবিধ জটিল প্ৰজাতিৰ মাছ।৩
বিৱৰণ

শ’ল মাছ হৈছে অন্তঃকঙ্কালযুক্ত বক্ষপঞ্জৰবিশিষ্ট এবিধ অস্থিময় মাছ, যাৰ দৈৰ্ঘ্য প্ৰায় এক মিটাৰ পৰ্যন্ত হ’ব পাৰে। অৱশ্যে অতিমাত্ৰা মাছ ধৰাৰ বাবে প্ৰাকৃতিক পৰিৱেশত বৰ্তমান এই আকাৰৰ মাছ কাচিৎহে পোৱা যায়। এই মাছবিধ দক্ষিণ চীন, পাকিস্তান, ভাৰতৰ সৰহভাগ অঞ্চল, দক্ষিণ নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰায়ভাগ অঞ্চলতে বহুলভাৱে পোৱা যায়। শেহতীয়াকৈ ইয়াক ইণ্ডোনেছিয়াৰ একেবাৰে বহিৰ্ভাগ, ফিলিপাইন আৰু মৰিছাছতো পৰিচিত কৰোৱা হৈছে। বিংশ শতিকাৰ আৰম্ভণিতে হাৱাই (বিশেষকৈ ওৱাহু দ্বীপ) আৰু পৰৱৰ্তী সময়ত মাদাগাস্কাৰৰ প্ৰাকৃতিক পৰিৱেশত ইয়াক পোৱা বুলি ওলোৱা প্ৰতিৱেদনসমূহ আচলতে চান্না মেকুলাটা (C. maculata) মাছৰ ভুল চিনাক্তকৰণৰ ফল আছিল।১২ বৰ্তমান হাৱাইত শʼল মাছ (C. striata) থকাৰ একমাত্ৰ নিশ্চিত প্ৰমাণ হিচাপে কেৱল এটা বাণিজ্যিক মীন পামহে আছে। জনপ্ৰিয় সংবাদ মাধ্যম আৰু ইউনাইটেড ষ্টেটচ ফিচ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিচে আনকি শেহতীয়াকৈ ২০০২ চনলৈকে এই স্পষ্ট ভুলটোক সঁচা বুলি প্ৰচাৰ কৰি আছিল।৪৫ বিংশ শতিকাৰ আৰম্ভণিৰপৰা মাজভাগলৈ কেলিফৰ্ণিয়াত এই মাছবিধ পৰিচিত কৰোৱাৰ কথা উল্লেখ কৰা প্ৰতিৱেদন আৰু পাঠ্যসমূহ এক ভুল বুজা-বুজিৰ ফল বুলি ধাৰণা কৰা হয়।৬
শʼল মাছক সমগ্ৰ স্থানীয় এলেকাতে এক গুৰুত্বপূৰ্ণ খাদ্য-উপযোগী মাছ হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ অৰ্থনৈতিক গুৰুত্বও যথেষ্ট বেছি। পূৰ্ণবয়স্ক মাছবোৰ গাঢ় মুগা বৰণৰ হয় আৰু গোটেই দেহত কেইবাডালো অস্পষ্ট কʼলা আঁচ দেখা যায়। প্ৰজননৰ সময়ত মতা আৰু মাইকী দুয়োটা মাছেই পানীৰ জলজ উদ্ভিদৰ সহায়ত বাহ সাজিবলৈ সহায় কৰে। কণী পৰাৰ পাছত পিতৃ-মাতৃ দুয়ো মিলি সেইবোৰ পহৰা দিয়ে। পোৱালিবোৰ ৰঙচুৱা-কমলা বৰণৰ হয় আৰু সিহঁতৰ গাৰ বৰণ সেউজীয়া-মুগা হ’বলৈ ধৰালৈকে (প্ৰায় ৫–৬ চেণ্টিমিটাৰমান হোৱালৈকে) পিতৃ-মাতৃ দুয়োৱে সিহঁতক সুৰক্ষা দি ৰাখে।
সাধাৰণতে নিৰ্মল পানীৰ সমভূমি অঞ্চলত শʼল মাছ পোৱা যায়, য’ৰপৰা ই নদী আৰু হ্ৰদৰপৰা প্লাবিত পথাৰবোৰলৈ প্ৰব্ৰজন কৰে। পৰৱৰ্তী সময়ত, খৰাং বতৰত ই পুনৰ স্থায়ী জলাশয়বোৰলৈ ঘূৰি আহে আৰু তাত বোকাত গাঁত খান্দি বা পোত খাই জীয়াই থাকে।
ই ভেকুলী, পানীৰ পোক-পতংগ আৰু সৰু সৰু মাছ চিকাৰ কৰি খায়; লগতে প্ৰজননৰ সময়ত ই লৰচৰ কৰি থকা যিকোনো বস্তুকে আক্ৰমণ কৰে।
তথ্যসূত্ৰ
- ↑ USGS, Southeast Ecological Science Center: Channa striata. Retrieved 27 June 2014
- ↑ Walter R. Courtenay, Jr., James D. Williams, Ralf Britz, Mike N. Yamamoto, and Paul V. Loiselle. Bishop Occasional Papers, 2004. Identity of Introduced Snakeheads (Pisces, Channidae) in Hawaii and Madagascar, with Comments on Ecological Concerns
- ↑ Conte-Grand, C., Britz, R., Dahanukar, N., Raghavan, R., Pethi-yagoda, R., Tan, H.H., Hadiaty, R.K., Yaakob, N.S. & Rüber, L. (2017). Barcoding snakeheads (Teleostei, Channidae) re-visited: Discovering greater species diversity and resolving perpetuated taxonomic confusions. PLoS ONE, 12 (9): e0184017
- ↑ Akana-Gooch, Keiko Kiele. Hawaii snakehead lacks ferocity of mainland kin: A kinder, gentler fish, it poses no local threat to the environment. Honolulu Star-Bulletin. 2002-07-28. Retrieved 2007-07-15
- ↑ Federal Register: July 26, 2002 (Volume 67, Number 144) . Federal Register Online. 2002-07-26. Retrieved 2007-07-15
- ↑ Dill, William A., and Almo J. Cordone. Chevron snakehead, Channa striata (Bloch) History and status of introduced fishes in California, 1871-1996. Retrieved 2007-07-15
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ’ল মাছ” প্ৰবন্ধৰ সংশোধন ৬১৭১৭১ (১৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।