১৯৭৯ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
দূৰণীৰ ৰঙ
দূৰণীৰ ৰঙ (Duranir Rong ) ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ পৰিচালনা বিভাগৰ সদ্যোত্তীৰ্ণ মহলীয়াৰ এইখন প্ৰথম পৰিচালিত ছবি আছিল।
-
শ্ৰীমতী মহিমাময়ী
শ্ৰীমতী মহিমাময়ী (Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা।
-
বিশেষ এৰাতি
বিশেষ এৰাতি (Bisesh Erati) ১৯৭৯ চনত মুক্তি পোৱা এখন অসমীয়া ভৌতিক চলচ্চিত্ৰ। ভৌতিক শৈলীৰ এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল বহু কেইখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক তথা বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা উপেন কাকতি। সংগীত পৰিচালনাও উপেন কাকতিৰে। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকনে।
-
উথিৰিপুক্কল
উথিৰিপুক্কল (ইং অন. Unstrung Flowers) ১৯৭৯ চনত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা মহেন্দ্ৰন। পুধুমাইপিথানৰ "চিত্ৰন্নাই" (সতি-সন্ততি) চুটিগল্পৰ আধাৰত নিৰ্মিত ছবিখনত বিজয়ন, অশ্বিনী আৰু মধু মালিনীয়ে অভিনয় কৰিছে।
-
মীৰা (১৯৭৯ চলচ্চিত্ৰ)
মীৰা ১৯৭৯ চনৰ গুলজাৰ ৰচিত আৰু পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সন্ধানত ৰাজকীয় আৰাম ত্যাগ কৰা হিন্দু সাধ্বী-কবি মীৰাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ভাৰতীয় বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল যদিও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।
-
শোধ
শোধ (Shodh) হৈছে ১৯৭৯ চনৰ বিপ্লৱ ৰয় চৌধুৰী পৰিচালিত আৰু সীতাকান্ত মিশ্ৰ প্ৰযোজিত হিন্দী ভাষাত নিৰ্মিত এখন বলীউডী ভৌতিক ছবি, যিখন সুনীল গংগোপাধ্যায়ৰ বাংলা গ্ৰন্থ গৰম ভাত ও নিচক ভূতেৰ গপ্পোৰ আধাৰত নিৰ্মিত।[1]