নিৰ্বাচনী চিয়াঁহী, মচিব নোৱাৰা চিয়াঁহী বা নিৰ্বাচনী দাগ, নিৰ্বাচনৰ সময়ত ভোটাৰৰ তৰ্জনী আঙুলিত (সাধাৰণতে) প্ৰয়োগ কৰা অৰ্ধস্থায়ী চিয়াঁহী বা ৰং। যিবোৰ দেশত নাগৰিকৰ বাবে চিনাক্তকৰণৰ নথিপত্ৰ সদায় প্ৰামাণিক বা প্ৰতিষ্ঠানিক নহয়, সেইবোৰ দেশৰ বাবে ই এক ফলপ্ৰসূ পদ্ধতি। নিৰ্বাচনী চিয়াঁহীৰ এটা অতি সাধাৰণ গঠন চিলভাৰ নাইট্ৰেটক মূল হিচাপে লৈ তৈয়াৰ কৰা হয়, যিয়ে কেইবা সপ্তাহলৈকে দাগ ধৰি ৰাখিব পাৰে। ১৯৬২ চনত ভাৰতত অনুষ্ঠিত হোৱা ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত ইয়াক প্ৰথম ব্যৱহাৰ কৰা হৈছিল। এই চিয়াঁহী কাউন্সিল অৱ ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ-নেচনেল ফিজিকেল লেবৰেটৰী অৱ ইণ্ডিয়াই প্ৰস্তুত কৰিছিল আৰু মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্ লিমিটেড কোম্পানীয়ে নিৰ্মাণ কৰিছিল।১ ইয়াক ৩০ খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰা হয়।২
প্ৰয়োগ
নিৰ্বাচনত দুবাৰ ভোটদান ৰোধ কৰিবলৈ “নিৰ্বাচনী দাগ’’ এক ব্যৱহাৰিক নিৰাপত্তাজনিত সম্পদ। সাধাৰণতে বাওঁহাতৰ তৰ্জনী আঙুলিত, বিশেষকৈ নখৰ সৈতে পাবটোত চিয়াঁহী প্ৰয়োগ কৰা হয়, য’ৰ পৰা ইয়াক সোনকালে আঁতৰোৱাটো প্ৰায় অসম্ভৱ। পৰিস্থিতি আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে চিয়াঁহী প্ৰয়োগ কৰিব পাৰি। আটাইতকৈ সাধাৰণ পদ্ধতিসমূহ হ’ল স্পঞ্জ ইনছাৰ্টৰ সৈতে বটল ডুবাই দিয়া, ব্ৰাছ এপ্লিকেটৰযুক্ত বটল, স্প্ৰে বটল, মাৰ্কাৰ পেন আদি।
গঠন


নিৰ্বাচনী দাগ বা চিয়াঁহী সাধাৰণতে তৎক্ষণাত চিনাক্তকৰণৰ বাবে এটা ৰঞ্জক পদাৰ্থ থাকে, চিলভাৰ নাইট্ৰেট, অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালত দাগ পেলায়, যাৰ ফলত এনে এটা চিন থাকে, যিটো ধুই পেলোৱাটো অসম্ভৱ আৰু বাহ্যিক ছালৰ কোষ সলনি হ’লেহে ই আঁতৰ হয়। প্ৰস্তুতকৰ্তা উদ্যোগৰ মানদণ্ড অনুসৰি নিৰ্বাচনী চিয়াঁহীত ১০%, ১৪% বা ১৮% চিলভাৰ নাইট্ৰেটৰ দ্ৰৱ থাকে, সেয়া নিৰ্ভৰ কৰে চিহ্নটো কেতিয়া দেখা যাব লাগিব। যদিও সাধাৰণতে পানী ভিত্তিক, নিৰ্বাচনী দাগবোৰত মাজে মাজে এলক’হলৰ দৰে দ্ৰাৱক থাকে যাতে দ্ৰুতভাৱে শুকুৱাব পাৰে; মূলতঃ ডিপিং বটলৰ সৈতে ব্যৱহাৰ কৰাৰ সময়ত, য’ত ভোটাৰৰ পৰা ভোটাৰলৈ বেক্টেৰিয়া সংক্ৰমিত নোহোৱাটো নিশ্চিত কৰিবলৈ বায়’চাইড থাকিব পাৰে। হাইড্ৰ’ক্সাইডে চিলভাৰ ক্লৰাইড সহজে আঁতৰাই পেলাব পাৰে। সেয়েহে অন্যান্য আলোক সংবেদনশীল ৰং যোগ কৰাটো প্ৰয়োজন। চিলভাৰ নাইট্ৰেটৰ ফলত আৰ্গিৰিয়া নামৰ অৱস্থা হ’ব পাৰে যদিও ইয়াৰ বাবে সঘনাই বা অতিমাত্ৰা সংস্পৰ্শলৈ অহাৰ প্ৰয়োজন হয়।
স্থায়িত্ব
নিৰ্বাচনৰ দাগ সাধাৰণতে ছালত ৭২–৯৬ ঘণ্টা থাকে, আঙুলিৰ নখ আৰু ছালৰ অংশত ২ৰ পৰা ৪ সপ্তাহলৈকে থাকে। ব্যৱহৃত নিৰ্বাচনী চিয়াঁহীয়ে কুটিল অংশত স্থায়ী চিন ৰাখে, যিটো নতুন নখ বৃদ্ধিৰ লগে লগেহে নোহোৱা হৈ যায়। দাগটো সম্পূৰ্ণৰূপে সলনি হ’বলৈ নতুন নখৰ বৃদ্ধি হ’বলৈ ৪ মাহ পৰ্যন্ত সময় লাগিব পাৰে। ১৮%তকৈ অধিক চিলভাৰ নাইট্ৰেটৰ ঘনত্ব থকা দাগবোৰে দাগৰ দীৰ্ঘ-স্থায়িত্বৰ ওপৰত কোনো অতিৰিক্ত প্ৰভাৱ পেলোৱা নাই; কিয়নো চিলভাৰ নাইট্ৰেটৰ জীৱিত ছালৰ কোষৰ সৈতে আলোক সংবেদনশীল বিক্ৰিয়া নহয়। অৰ্থাৎ নতুন ছাল বৃদ্ধি হোৱাৰ লগে লগে দাগটো ম্লান হৈ যায়।৩ চিলভাৰ নাইট্ৰেট এক উত্তেজক আৰু ইয়াক ২৫% বা তাতকৈ অধিক ঘনত্বত দাহ্য পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়।৪
ৰং
আলোক সংবেদনশীল উপাদানটোৱে ক’লা বা বাদামী ৰঙৰ চিন সৃষ্টি কৰে, কিন্তু লগাওতে নিৰ্বাচনী দাগ পৰম্পৰাগতভাৱে বেঙুনীয়া ৰঙৰ হয়। কিন্তু ২০০৫ চনৰ চুৰিনামৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰৰ আঙুলিত চিহ্নিত কৰাৰ বাবে বেঙুনীয়া ৰঙৰ ঠাইত কমলা ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। ই ঠিক সমান দিনলৈ টিকি থকা আৰু ভোটাৰৰ বাবে অধিক আকৰ্ষণীয় হোৱা দেখা গৈছিল, কিয়নো ই জাতীয় ৰঙৰ সৈতে মিল খাইছিল।
বিতৰ্ক
পেৰুৰ সশস্ত্ৰ গেৰিলা শ্বাইনিং পাথে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ অমলিন চিয়াঁহীৰ দাগ থকা লোকসকলক হত্যা কৰাৰ ভাবুকি দিছিল৷৫৬
২০০৪ চনৰ আফগান ৰাষ্ট্ৰপতি নিৰ্বাচনত অমলিন চিয়াঁহীৰ দাগ ব্যৱহাৰৰ আশে-পাশে নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছিল, যিবোৰৰ বহুতে দাবী কৰিছিল যে ই সহজেই ধুই পেলাব পৰা আছিল।৭ নিৰ্বাচনী বিষয়াসকলে অধিক কাৰ্যক্ষম মাৰ্কাৰ পেন বিকল্প ব্যৱহাৰ কৰিবলৈ বাছি লৈছিল; কিন্তু ভোট কেন্দ্ৰলৈ নিয়মীয়া মাৰ্কাৰ পেনো পঠিওৱা হৈছিল, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু কিছুমান লোকক কম স্থায়িত্বৰ চিয়াঁহীৰে দাগ দিয়া হৈছিল।৮
2008 চনৰ মালয়েছিয়াৰ সাধাৰণ নিৰ্বাচনত ভোটাৰসকলে ভোট দিবলৈ যোৱাৰ এসপ্তাহ আগতে নিৰ্বাচন কৰ্তৃপক্ষই নিৰ্বাচনী দাগ ব্যৱহাৰ কৰাটো বাতিল কৰিছিল,৯ আৰু কৈছিল যে, ইতিমধ্যে আঙুলিত দাগ পৰিছে যদিও মানুহক ভোটদান কৰাত বাধা দিয়াটো অসাংবিধানিক হ’ব। তদুপৰি, তেওঁলোকে ভোটদানৰ সুযোগ পোৱাৰ আগতেই ভোটাৰৰ আঙুলিত দাগ দিবলৈ চুবুৰীয়া দেশ থাইলেণ্ডৰ পৰা চিয়াঁহী চোৰাংভাৱে অনাৰ বাতৰিৰ উদাহৰণ দিছিল,১০ যাৰ ফলত তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল।
২০০৮ চনৰ জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত খবৰ ওলাইছিল যে, যিসকলে ভোট নিদিবলৈ মন বান্ধি লৈছিল তেওঁলোকক চৰকাৰী পৃষ্ঠপোষকতাত আক্ৰমণ আৰু প্ৰহাৰ কৰা হৈছিল। আঙুলিত চিয়াঁহী নথকা লোকসকলক আক্ৰমণ কৰিছিল গোটটোৱে।১১
২০১০ চনৰ আফগান সংসদীয় নিৰ্বাচনৰ সময়ত তালিবানে কৃষ্ণ-পত্ৰ প্ৰেৰণ কৰিছিল, য'ত যাৰ আঙুলিত অমলিন চিয়াঁহীৰ দাগ থাকিব, তাৰ আঙুলি কাটি পেলোৱাৰ ভাবুকি দিয়া হৈছিল৷১২
২০১৩ চনৰ মালয়েছিয়াৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী দাগ কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত ভোটাৰসকলে ৰিপ'ৰ্ট কৰিছিল যে, চিয়াঁহীখিনি সহজেই বৈ যায় আৰু পানীৰে ধুই পেলাব পাৰি, যদিও মালয়েছিয়াৰ নিৰ্বাচন আয়োগে ইয়াৰ বিপৰীত আশ্বাস দিছিল।১৩
আন্তৰ্জাতিক ব্যৱহাৰ
কিছুমান দেশে নিৰ্বাচনী চিয়াঁহী সেই দেশৰ নিৰ্বাচনত ব্যৱহাৰ কৰে:-
- আফগানিস্তান১৪
- আলবেনিয়া১৫
- আলজেৰিয়া১৬
- বাহামা১৭
- কম্বোডিয়া১৮১৯২০
- চিলি (২০১২ চনলৈকে)২১
- ডমিনিকা
- ইজিপ্ত২২
- গুয়াতেমালা১৭
- হণ্ডুৰাছ
- ভাৰত২৩
- ইণ্ডোনেছিয়া২৪
- ইৰাক২৫
- কেনিয়া
- লেবানন২৬
- লিবিয়া
- মালয়েছিয়া২৭২৮
- মালদ্বীপ১৭
- মেক্সিকো
- ম্যানমাৰ২৯
- নেপাল৩০
- নিকাৰাগুয়া৩১
- নাইজেৰিয়া
- পাকিস্তান৩২
- পেৰু (২০১১ চনলৈকে)৩৩৩৪
- ফিলিপাইনছ৩৫
- চেন্ট কিটছ আৰু নেভিছ৩৬
- ছলমন দ্বীপপুঞ্জ৩৭
- দক্ষিণ আফ্ৰিকা৩৮
- শ্ৰীলংকা৩৯
- চুডান৪০
- ছিৰিয়া৪১
- ট্ৰিনিদাদ আৰু ট’বাগো
- টিউনিছিয়া৪২
- তুৰস্ক (২০০৯ চনলৈকে)৪৩
- ভেনিজুৱেলা৪৪ (২০১৭ চনলৈকে)৪৫
তথ্যসূত্ৰ
- ↑ (2024-03-06). Lok Sabha elections 2024: Sole supplier of indelible ink says 70% production complete. Hindustan Times
- ↑ Dhillon, Amrit. (2019-03-28). The ink with a 'secret formula' that powers the world's biggest democratic exercise. The Guardian
- ↑ Chemical Safety Database. Ptcl.chem.ox.ac.uk
- ↑ (2021-03-10). Silver Nitrate and Wound Care: The Use of Chemical Cauterization. WoundSource
- ↑ Toledo-Leyva, Camilo. (2021-05-25). Ataque de Sendero Luminoso en Perú polariza aún más las elecciones. Deutsche Welle
- ↑ (9 April 2006). Sendero Luminoso irrumpe con una bomba en las elecciones presidenciales de Perú. Hoy
- ↑ Baldauf, Scott. (12 October 2004). An Afghan 'Hanging chad' Dispute. Christian Science Monitor. Csmonitor.com
- ↑ Raman, Sunil. (2004-10-12). India link to Afghan ink stink. BBC News
- ↑ MSN News article. News.my.msn.com
- ↑ Wong, Raphael. (2008-03-05). Ink Washout - The Star. Thestar.com.my
- ↑ (2008-06-27). World | Africa | Tsvangirai rejects 'sham' ballot. BBC News
- ↑ Najafizada, Eltaf; Rupert, James. (20 October 2010). New Candidates May Win Half of Afghan Parliament Seats Amid Ballot Fraud. Bloomberg
- ↑ Election ink under scrutiny in Malaysia - Asia-Pacific. Al Jazeera English
- ↑ Boone, Jon. (20 August 2009). Afghanistan election ink safeguard fails detergent test. the Guardian
- ↑ Skopje interested on the indedible ink used by Albania in the elections. www.balkaneu.com
- ↑ An Algerian man, with ink applied on his forefinger, prepares to vote a polling station in the Chanot Park on April 12, 2014 in Marseille, southern France
- ↑ Anne-Sofie Holm Gerhard, Melika Atic, Panto Letic and Peter Erben. (2019). Indelible Ink in Elections. International Foundation for Electoral Systems. পৃ. 20–22
- ↑ Khmer Times. (2023, July 7). The Ink To Prevent Double Voting. www.khmertimeskh.com/501320642/video-the-ink-to-
- ↑ Khmer Times. (2023, July 6). Gov't Spends Nearly $1m On Indelible Ink for National Elections. www.khmertimeskh.com/501320035/govt-spends-nearl
- ↑ Carmichael, R. (2013, July 27). Cambodia Poll Monitors Report Problem With Indelible Ink. www.voanews.com/a/cambodia-poll-monitors-report- web.archive.org/web/20230326221328/https://www.v
- ↑ (23 October 2016). Municipales 2016: ¿Por qué ya no se entinta el dedo a la hora de votar?. T13
- ↑ (24 May 2012). Egypt elections in pictures
- ↑ Anand, Anu. (17 April 2014). Indian elections: voters united by anti-fraud ink mark. the Guardian
- ↑ (8 April 2014). Key facts: the Indonesian Legislative Election
- ↑ (2018-05-13). As Iraq moves on with vote, Falluja trapped by sins of the past. The Indian Express
- ↑ Perry, Tom. (30 May 2016). Sunni hawk wins Lebanon vote, risking new tensions. Reuters
- ↑ (7 May 2016). Remove Election Ink From Finger After Voting. www.miricitysharing.com
- ↑ Ahead of GE14, EC orders 100,000 bottles of indelible ink from India - Malay Mail. www.malaymail.com
- ↑ UNDP Provided Indelible Ink in Myanmar Elections: A Powerful Integrity Tool. UNDP in Myanmar
- ↑ (26 December 2014). Observing Nepal's 2013 Constituent Assembly Election - Election Standards at The Carter Center. electionstandards.cartercenter.org
- ↑ Nicaragua election observers report problems - CBC News
- ↑ (10 October 2013). Election fraud: The curious case of magnetic ink - The Express Tribune
- ↑ Living in Peru » News » Congress eliminates use of ink in Peruvian elections
- ↑ Agencia Andina de Noticias. (2 July 2011). Tinta indeleble se utilizará por última vez en elecciones municipales complementarias de mañana. andina.pe
- ↑ (9 May 2016). Hardliner claims Philippine election win. BBC News
- ↑ Final report of the OAS electoral observation mission. Secretariat for Political Affairs
- ↑ "Solomon Islands Electoral Act 2018
- ↑ A South African woman gets ink on her fi
- ↑ Sri Lankan Voters Go To The Polls
- ↑ Sudan voting extended; ink washing off voters' fingers | Radio Tamazuj
- ↑ Syria holds parliamentary polls in regime-held areas. The Times of Israel
- ↑ (22 December 2014). Tunisia veteran claims election win. BBC News
- ↑ (30 October 2015). The brief history of elections in Turkey. Daily Sabah
- ↑ (7 December 2015). Venezuela's Socialists trounced in vote. BBC News
- ↑ (10 July 2017). CNE anunció que no usará tinta indeleble para la elección de la ANC. El Nacional
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্বাচনী চিয়াঁহী” প্ৰবন্ধৰ সংশোধন ৬১৮৭৯৯ (২২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।