প্ৰতীক
৯ প্ৰবন্ধ
-
শিৱলিংগ
শিৱলিংগ বা লিংগ (लिङ्ग), হৈছে শৈৱবাদত হিন্দু দেৱতা শিৱৰ এক বিমূৰ্ত বা প্ৰতিষ্ঠিত প্ৰতিনিধিত্ব। লিংগক "চিহ্ন" হিচাপে ব্যৱহাৰ কৰা হয়। শ্বেতাশ্বতৰোপণিষদৰ মতে "শিৱ, সৰ্বোচ্চ প্ৰভুৰ কোনো লিঔগ নাই", অৰ্থাৎ তেওঁ যিকোনো বৈশিষ্ট্যৰ উৰ্ধত বিশেষকৈ তেওঁক নিৰ্দিষ্ট লিংগ পৰিচয়ৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰিব নোৱাৰি।
-
য়িন আৰু য়াং
চীনা দৰ্শনত য়িন আৰু য়াং ( yīnyáng, "আন্ধাৰ-ঊজ্বল", "ঋণাত্মক-ধনাত্মক")-এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে।
-
এলজিবিটি প্ৰতীক
এলজিবিটি সমাজৰ (LGBT Community) সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে' গৌৰৱ (Gay Pride), সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে।
-
বৰদা মুদ্ৰা
বৰদা মুদ্ৰা বা অভিষ্ঠ মুদ্ৰা, প্ৰায়ে ইচ্ছা প্ৰদানকাৰী মুদ্ৰা বুলিও কোৱা হয়, ভাৰতীয় ধৰ্মৰ মূৰ্তিচিত্ৰত প্ৰতীকিত হোৱা এক প্ৰতীকী ইংগিত। ই হাতৰ ইংগিতেৰে সংকেত দিয়ে আৰু ই বৰদানৰ প্ৰতীক। ইয়াক ভক্তৰ মূখৰ ফালে ধৰি ৰখা হাতৰ তলুৱাখনেৰে দেখুওৱা হয়, আঙুলিবোৰ মেলি সামান্য তললৈ আঙুলিয়াই দিয়া হয়।
-
শুভংকৰ
শুভংকৰ (mascot) হৈছে কোনো ব্যক্তি, জন্তু বা অন্যকোনো বস্তু, যিয়ে সৌভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয় বা যিকোনো দল যেনে শিক্ষানুষ্ঠান, পেছাদাৰী খেলুৱৈৰ দল, সমিতি, সেনা দল বা ব্ৰেণ্ড নাম আদিৰ ৰাজহুৱা পৰিচয় বহন কৰে। উপভোক্তা পণ্যৰ বাবে কাল্পনিক প্ৰতিনিধি মুখপাত্ৰ হিচাপে শুভংকৰৰ প্ৰয়োগ হয়।
-
নিৰ্বাচনী চিয়াঁহী
নিৰ্বাচনী চিয়াঁহী, মচিব নোৱাৰা চিয়াঁহী বা নিৰ্বাচনী দাগ, নিৰ্বাচনৰ সময়ত ভোটাৰৰ তৰ্জনী আঙুলিত (সাধাৰণতে) প্ৰয়োগ কৰা অৰ্ধস্থায়ী চিয়াঁহী বা ৰং। যিবোৰ দেশত নাগৰিকৰ বাবে চিনাক্তকৰণৰ নথিপত্ৰ সদায় প্ৰামাণিক বা প্ৰতিষ্ঠানিক নহয়, সেইবোৰ দেশৰ বাবে ই এক ফলপ্ৰসূ পদ্ধতি।
-
তিনি জ্ঞানী বান্দৰ
তিনি জ্ঞানী বান্দৰ (Three wise monkeys; 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়।
-
নেপালৰ জাতীয় প্ৰতীক
নেপালৰ জাতীয় প্ৰতীক (नेपालको राष्ट्रिय प्रतीक चिन्ह) নেপাল চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহে ব্যৱহাৰ কৰা প্ৰাথমিক প্ৰতীক। ২০০৮ চনৰ ২৮ মে’ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা এই প্ৰতীকটোক পিছলৈ ২০২০ চনত সংশোধন কৰি নেপালৰ সংশোধিত ৰাজনৈতিক মানচিত্ৰ অন্তৰ্ভুক্ত কৰা হয়।
-
ৰ'জি দ্য ৰিভিটাৰ
ৰ'জি দ্য ৰিভিটাৰ (Rosie the Riveter) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল।