অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

তিনি জ্ঞানী বান্দৰ

তিনি জ্ঞানী বান্দৰ (Three wise monkeys; 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়।

হালনাগাদ: ৩ অক্টোবৰ ২০২০ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

তিনি জ্ঞানী বান্দৰ (Three wise monkeys; 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়।১ এই তিনি বান্দৰৰ নাম ক্ৰমে মিজাৰু, যিয়ে নিজৰ চকু ঢাকি বেয়া নাচায়; কিকিজাৰু, যিয়ে নিজৰ কাণ ঢাকি বেয়া নুশুনে; আৰু ইৱাজাৰু যিয়ে নিজৰ মুখ ঢাকি বেয়া নকয়।২ লাফকাদিঅ' হিয়াৰ্ণে এই তিনি বান্দৰক তিনি মায়াময় বান্দৰ হিচাপে অভিহিত কৰিছে।৩

এই তিনি বান্দৰৰ প্ৰতীকৰ সৈতে বিভিন্ন অৰ্থ আৰু প্ৰবচন জড়িত হৈ আছে যদিও বেছি ভাগে ভাল মন, বাণী আৰু কৰ্মক সমৰ্থন জনায়।৪

জাপানৰ বাহিৰত বান্দৰ কেইটাক কেতিয়াবা মিজাৰু, মিকিজাৰু৫ আৰু মাজাৰু,৬ নামেৰেও জনা যায়। জাপানী নামৰ অপভ্ৰংশ ঘটি তেনে হৈছে।৭৮ এই বান্দৰ কেইটা জপানীজ মেকাক প্ৰজাতিৰ। মোহনদাস কৰমচান্দ গান্ধীয়ে এই বান্দৰ কেইটাক জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল সেয়ে ইয়াক গান্ধীৰ বান্দৰ বুলিও কোৱা হয়। গান্ধীৰ তিনি বান্দৰৰ নাম বাপু, কেতন আৰু বান্দৰ।

ত মোহনদাস কৰমচান্দ গান্ধীৰ তিনি বান্দৰ বাপু, কেতন আৰু বান্দৰৰ মূৰ্তি]]

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wolfgang Mieder. 1981. "The Proverbial Three Wise Monkeys," Midwestern Journal of Language and Folklore, 7: 5- 38
  2. ↑ Oldest reference to the correct monkey names in English. Source: * Japan Society of London. (1893). Transactions and proceedings of the Japan Society, London, Volume 1. Kegan Paul, Trench, Trübner and Co. পৃ. 98
  3. ↑ Lafcadio Hearn (1894). Glimpses of unfamiliar Japan, volume 2, p. 127
  4. ↑ Pornpimol Kanchanalak. (21 April 2011). Searching for the fourth monkey in a corrupted world. The Nation
  5. ↑ Oldest references (1926–1984) for Mikazaru in Google Books
  6. ↑ Oldest reference of the incorrect Mazaru in Google Books. Source: * Anderson, Isabel. (1920). The spell of Japan. Page. পৃ. 379
  7. ↑ Worth, Fred L. (1974). The Trivia Encyclopedia. Brooke House. পৃ. 262. ISBN 978-0-912588-12-4
  8. ↑ Shipley, Joseph Twadell. (2001). The Origins of English Words: A Discursive Dictionary of Indo-European Roots. Johns Hopkins University Press. পৃ. 249. ISBN 978-0-8018-6784-2

সম্পৰ্কিত শ্ৰেণী

প্ৰতীকজাপানমহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিনি জ্ঞানী বান্দৰ” প্ৰবন্ধৰ সংশোধন ২৪৭৪৬৮ (৩ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।