অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লৰেন্স বিষ্ণোই

লৰেন্স বিষ্ণোই (Lawrence Bishnoi; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৯৩) হৈছে এজন ভাৰতীয় গেংষ্টাৰ তথা অপৰাধী। তেওঁ ২০১৫ চনৰপৰা কাৰাগাৰত বন্দী হৈ আছে। তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধন দাবীৰ গোচৰকে ধৰি দুই ডজনমান অপৰাধমূলক গোচৰ আছে। তেওঁ এইবোৰৰ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁৰ গেঙটো ৭০০ৰো অধিক শ্বুটাৰৰ সৈতে সংযুক্ত।

হালনাগাদ: ২০ অক্টোবৰ ২০২৪ ৫৪৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

লৰেন্স বিষ্ণোই১ (Lawrence Bishnoi; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৯৩) হৈছে এজন ভাৰতীয় গেংষ্টাৰ তথা অপৰাধী। তেওঁ ২০১৫ চনৰপৰা কাৰাগাৰত বন্দী হৈ আছে।২৩ তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধন দাবীৰ গোচৰকে ধৰি দুই ডজনমান অপৰাধমূলক গোচৰ আছে। তেওঁ এইবোৰৰ অভিযোগ অস্বীকাৰ কৰিছে।৪৫ তেওঁৰ গেঙটো ৭০০ৰো অধিক শ্বুটাৰৰ সৈতে সংযুক্ত।৬৭

প্ৰাৰম্ভিক জীৱন

১৯৯৩ চনৰ ১২ ফেব্ৰুৱাৰীত পঞ্জাবৰ ফিৰোজপুৰৰ এখন গাঁৱত লৰেন্স বিষ্ণোইৰ জন্ম হয়।৮ তেওঁৰ দেউতাক হাৰিয়ানা আৰক্ষীৰ এজন আৰক্ষী কনিষ্টবল আছিল। তেওঁ ১৯৯৭ চনত আৰক্ষী বাহিনী ত্যাগ কৰি কৃষিক্ষেত্ৰত মনোনিবেশ কৰে। বিষ্ণোই দ্বাদশ শ্ৰেণীলৈকে আবোহাৰত অধ্যয়ন কৰে আৰু ২০১০ চনত তেওঁ চণ্ডীগড়ৰ পৰা ডিএভি মহাবিদ্যালয়লৈ নামভৰ্তি কৰে। তেওঁ ২০১১ চনত পাঞ্জাব বিশ্ববিদ্যালয় চৌহদৰ ছাত্ৰ পৰিষদত যোগদান কৰিছিল, য'ত তেওঁ আন এগৰাকী গেংষ্টাৰ, গোল্ডী ব্ৰাৰক লগ পায়। তেওঁলোক বিশ্ববিদ্যালয়ৰ ৰাজনীতিত জড়িত হোৱাৰ পিছৰে পৰাই অপৰাধ কৰিবলৈ আৰম্ভ কৰে। তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা আইনবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৮

অপৰাধমূলক কাৰ্যকলাপ

২০১০ চনৰ পৰা ২০১২ চনৰ ভিতৰত হত্যাৰ চেষ্টা, অনুপ্ৰৱেশ, আক্ৰমণ, ডকাইতি আদি অপৰাধৰ বাবে কেইবাটাও এজাহাৰ দাখিল হোৱাৰ পিছত বিষ্ণোয়ে চণ্ডীগড়ত অন্যান্য অপৰাধমূলক কাৰ্যকলাপ আৰম্ভ কৰিছিল। এই সকলোবোৰ গোচৰ তেওঁৰ ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল। চণ্ডীগড়ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৭খন এজাহাৰৰ ভিতৰত তেওঁক ৪টা গোচৰৰ পৰা দোষমুক্ত কৰা হয়। বাকী তিনিটা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।

কাৰাগাৰত থকা সময়ছোৱাত বিষ্ণৌয়ে আন বন্দীসকলৰ লগত মিত্ৰতা গঢ়ি তুলিছিল। মুক্তি পোৱাৰ পিছত তেওঁ অস্ত্ৰ ব্যৱসায়ী আৰু অন্যান্য স্থানীয় অপৰাধীৰ সৈতে সাক্ষাৎ কৰে। পঞ্জাব বিশ্ববিদ্যালয়ত থকা গোটেই সময়ছোৱাত তেওঁৰ গেংটোৰ আকাৰ বাঢ়ি আহিছিল।৬

২০১৩ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ মুক্তসৰত চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী আৰু লুধিয়ানা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক গুলীয়াই হত্যা কৰিছিল।

বিষ্ণোয়ে প্ৰায়ে আত্মগোপন কৰিবলগীয়া হৈছিল। ২০১৩ চনৰ পিছত তেওঁ সুৰাৰ ব্যৱসায়ত নামি পৰে। তেওঁ নিজৰ গেঙত হত্যাকাৰীকো আশ্ৰয় দিছিল। ২০১৪ চনত ৰাজস্থান আৰক্ষীৰ সৈতে তেওঁৰ সশস্ত্ৰ মুখামুখি হৈছিল আৰু তাৰ পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল য’ত তেওঁ হত্যা আৰু সাক্ষীক ফাঁচী দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।৬

তেওঁ এগৰাকী গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা জছৱিন্দৰ সিং ওৰফে "ৰকি"ৰ সৈতে বন্ধুত্ব কৰিছিল। ৰকিৰ অধীনত তেওঁ ৰাজস্থানৰ ভৰতপুৰত সক্ৰিয় হৈ থাকিল। ২০১৬ চনত ২০২০ চনত নিজেই গুলীয়াই হত্যা কৰা জয়পাল ভুলাৰে ৰকিক হত্যা কৰিছিল।২

ভৰতপুৰ কাৰাগাৰত থকাৰ সময়তে বিষ্ণোইয়ে জেলৰ কৰ্মচাৰীৰ পৰা সহায় লাভ কৰি নিজৰ ছিণ্ডিকেট চলাইছিল বুলি অভিযোগ উঠিছে। ২০২১ চনত এমচিঅ’চিএৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ সন্দৰ্ভত তেওঁক দিল্লীৰ তিহাৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল। কৰ্তৃপক্ষৰ মতে বিষ্ণৌয়ে জেলৰ বাহিৰত সহযোগীসকলৰ সৈতে যোগাযোগ কৰিবলৈ ভইচ অ'ভাৰ আইপি কল ব্যৱহাৰ কৰে।৬

২০২৩ চনৰ আগষ্ট মাহত গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলে ড্ৰাগছ সৰবৰাহৰ গোচৰৰ উদ্ধৃতি দি বিষ্ণোইৰ জিম্মা লাভ কৰিছিল আৰু তেওঁক সবৰমতী জেলৰ উচ্চ নিৰাপত্তাৰক্ষী ৱাৰ্ডলৈ বদলি কৰা হৈছিল।৯

ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ)ৰ এক প্ৰতিবেদনত বিষ্ণোই আৰু তেওঁৰ সহযোগী গোল্ডি ব্ৰাৰৰ খালিস্তান পন্থী সংগঠনৰ সৈতে সম্পৰ্ক প্ৰকাশ পাইছে।১০

বিষ্ণোই দলটোত ভাৰতৰ পাঁচখন ৰাজ্যৰ ৭০০জন সদস্য আছে আৰু ভাৰতৰ বাহিৰতো সদস্য আছে বুলি অভিযোগ উঠিছে।৭

চলমন খান

২০১৮ চনত বিষ্ণোইৰ ঘনিষ্ঠ সহযোগী সম্পথ নেহৰাই চলমান খানৰ বাসগৃহত আক্ৰমণ চলাইছিল আৰু কৃষ্ণমৃগ চিকাৰৰ গোচৰত জড়িত থকাৰ বাবে চলমন খানক হত্যা কৰাৰ দায়িত্ব দিয়া বুলি তেওঁ প্ৰকাশ কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি, বিষ্ণোইৰ গেঙে কৃষ্ণমৃগৰ প্ৰজাতিটোক পবিত্ৰ বুলি গণ্য কৰে।২৬৭১১

ধন দাবীৰ গোচৰত ৰাজস্থানৰ যোধপুৰ আদালতত হাজিৰ হ'বলৈ আৰক্ষীয়ে লৈ অহাৰ সময়ত বিষ্ণোয়ে উল্লেখ কৰে যে "চলমন খানক ইয়াতে, যোধপুৰত হত্যা কৰা হ'ব। তেতিয়া তেওঁ আমাৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে জানিব পাৰিব। এতিয়া, যদি আৰক্ষীয়ে মোৰ দ্বাৰা কোনো ডাঙৰ অপৰাধ হোৱাটো বিচাৰিছে তেন্তে মই চলমান খানক হত্যা কৰিম আৰু সেয়াও যোধপুৰতেই।" তেওঁ দাবী কৰে যে তেওঁক ফঁচোৱা হৈছে আৰু সকলোবোৰ অভিযোগ ভুৱা।১২১৩

২০২৩ চনৰ নৱেম্বৰত, বিষ্ণোয়ে খানৰ সৈতে থকা সম্পৰ্কৰ অভিযোগত অভিনেতা-গায়ক গিপ্পি গ্ৰেৱালৰ ঘৰত হোৱা গুলীচালনাৰ দায়িত্ব মূৰ পাতি লৈছিল। কিন্তু, গ্ৰেৱালে খানৰ সৈতে বন্ধুত্বৰ কথা অস্বীকাৰ কৰে।১৪১৫

সিদ্ধু মুছৱালাৰ হত্যাকাণ্ড

২০২২ চনৰ ২৯ মে’ত পঞ্জাবৰ মানছাত পঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছৱালাক গুলীয়াই হত্যা কৰা হয়।১৬ হত্যাৰ কেইঘণ্টামান পিছত, গুলীচালনাৰ দায়িত্ব গোল্ডি ব্ৰাৰে লৈছিল। ব্ৰাৰে কয় যে তেওঁ বিষ্ণোইৰ সৈতে ষড়যন্ত্ৰটো প্ৰস্তুত কৰিছিল। আৰক্ষীৰ ধাৰণা যে বিষ্ণোইৰ দলটো গুলীচালনাত জড়িত আছিল। গুলীচালনাৰ সময়ত, বিষ্ণোই তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল।১৭৫ দিল্লী আৰক্ষীৰ বিশেষ কোষে তদন্তৰ বাবে বিষ্ণোইক ৫ দিনৰ জিম্মা লাভ কৰে।১৮

মুছৱালাৰ হত্যাকাণ্ডৰ কিছু সময়ৰ পাছতেই বিষ্ণোয়ে দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰি কয় যে তেওঁ নিজৰ জীৱনৰ শংকাত ভূগিছে আৰু পঞ্জাব আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ আশংকা কৰিছে। তেওঁ কয় যে দিল্লী আৰক্ষী আৰু তিহাৰ জেল কৰ্তৃপক্ষই তেওঁৰ সুৰক্ষা নিশ্চিত কৰিব লাগে আৰু তেওঁক সঠিকভাৱে হেণ্ডকাফ পিন্ধাব লাগে আৰু শিকলিৰে বান্ধি ৰাখিব লাগে। পিছত তেওঁ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ লগতে দিল্লী উচ্চতম ন্যায়ালয়ৰ পৰাও সেই আবেদন প্ৰত্যাহাৰ কৰে।১৯২০

সুখদুল সিঙৰ হত্যাকাণ্ড

২০২৩ চনৰ ২১ ছেপ্টেম্বৰত, বিষ্ণোইয়ে খালিস্তানি বিচ্ছিন্নতাবাদী সুখদুল সিং গিল ওৰফে চুখা ডুনেকেৰ হত্যাৰ অভিযোগ স্বীকাৰ কৰে।২১২২

সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ড

২০২৩ চনৰ ৫ ডিচেম্বৰত জয়পুৰত কৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা কৰা হয়। হত্যাৰ কেইঘণ্টামানপিছত, বিষ্ণোই দলৰ এজন সদস্য ৰোহিত গোদাৰাই গুলীচালনাৰ দায়িত্ব লোৱা বুলি দাবী কৰিছিল।২৩২৪২৫

বাবা ছিদ্দিকৰ হত্যাকাণ্ড

চলমান খানৰ সৈতে ছিদ্দিকৰ ঘনিষ্ঠ সম্পৰ্কৰ বাবে ২০২৪ চনৰ ১২ অক্টোবৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বাবা ছিদ্দিকৰ হত্যাৰ আঁৰত বিষ্ণোই দলটো আছিল বুলি তেওঁলোকে দাবী কৰিছিল।২৬২৭ মুম্বাই আৰক্ষীয়ে বিষ্ণোইক নিজৰ জিম্মাত লোৱাৰ বাবে আবেদন দাখিল কৰিছিল যদিও ফৌজদাৰী বিধি আইনৰ ২৬৮ নং ধাৰাত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ বাবে জিম্মাত ৰখাৰ পৰা বঞ্চিত হয়।২৮

কানাডাৰ অভিযোগ

২০২৪ চনৰ অক্টোবৰ মাহত ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে অভিযোগ উত্থাপন কৰিছিল যে কানাডাৰ খালিস্তানী সমৰ্থক উপাদানৰ সৈতে জড়িত ব্যক্তিক লক্ষ্য কৰি ‘ভাৰত চৰকাৰৰ এজেণ্ট’ৰ দ্বাৰা বিষ্ণোই গেংকে ধৰি অন্যান্য অপৰাধী গোটক ব্যৱহাৰ কৰা হৈছে।২৯৩০৩১

দ্য ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ছিংগাপুৰত তেওঁৰ কানাডাৰ সমকক্ষৰ সৈতে সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে, য’ত কানাডাৰ বিষয়াসকলে লৰেন্স বিষ্ণোই দলটোক খালিস্তানী সমৰ্থক নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰমাণ দাখিল কৰিছিল, যিটো ভাৰতীয় সংস্থাৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে।৩২৩৩

তথ্যসূত্ৰ

  1. ↑ Lawrence Bishnoi: জীৱন্তে জ্বলাই দিছিল যুৱতীক! কিয় আৰু কেনেকৈ লৰেন্স বিষ্ণোই প্ৰৱেশ কৰিছিল অপৰাধ জগতত
  2. ↑ Parashar, Saurabh. (31 May 2022). Who is Lawrence Bishnoi whose gang claimed to have killed Sidhu Moose Wala. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ Biswas, Soutik. Lawrence Bishnoi: The Indian gangster pulling strings from behind bars. BBC News
  4. ↑ (8 January 2018). Notorious gangster threatens to kill Salman Khan. The Asian Post
  5. ↑ (31 May 2022). Lawrence Bishnoi, being investigated in the Sidhu Moose Wala murder, threatened Salman Khan's life in 2018: 'Jodhpur mein hi maarenge…'. The Indian Express
  6. ↑ Anand, Jatin; Sur, Arnabjit. (2 June 2022). How Lawrence Bishnoi fell on the wrong side of the law. The Hindu
  7. ↑ Ojha, Arvind. (31 May 2022). 'Will kill Salman Khan in Jodhpur': Watch Lawrence Bishnoi's threat to Bollywood star in 2018 · Video. India Today
  8. ↑ Chandigar, Arvind Ojha. (30 May 2022). Who is Lawrence Bishnoi, whose gang shot Sidhu Moose Wala. India Today
  9. ↑ (28 August 2023). Gangster Lawrence Bishnoi Sent To High-Security Gujarat Jail In Drugs Case. NDTV
  10. ↑ (24 March 2023). NIA files chargesheet against Lawrence Bishnoi, Goldy Brar on terror nexus case. Hindustan Times
  11. ↑ Salman Khan's ex-girlfriend Somy Ali says 'Namaste Lawrence Bishnoi bhai', invites him for a Zoom chat. The Economic Times
  12. ↑ Salman Khan Gets Death Threat From Gangster. NDTV.com
  13. ↑ (6 January 2018). Salman Khan issued death threats by Rajasthan-based gangster; linked to black buck case?. Firstpost
  14. ↑ "Salman Khan is not my friend". ARY News
  15. ↑ Richter, Brent. Bollywood actor's home reportedly targeted in West Vancouver shooting. North Shore News
  16. ↑ (30 May 2022). Days after his security trimmed, Congress leader Moosewala shot dead in Punjab. The Indian Express
  17. ↑ (31 May 2022). Five things to know about Goldy Brar, who claimed responsibility for Sidhu Moosewala's death. The Indian Express
  18. ↑ Haider, Tanseem; Ojha, Arvind. (31 May 2022). Delhi Police Special Cell gets 5-day custody of gangster Lawrence Bishnoi in Sidhu Moose Wala murder case. India Today
  19. ↑ Lawrence Bishnoi moves Punjab and Haryana High Court after withdrawing plea from Delhi High Court. Tribuneindia News Service
  20. ↑ (1 June 2022). Sidhu Moose Wala murder: Lawrence Bishnoi takes back Delhi HC plea, will move Punjab high court. Hindustan Times
  21. ↑ (21 September 2023). Two rival Punjabi gangsters claim responsibility for Sukhdev Singh’s death in Canada. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  22. ↑ (21 September 2023). Lawrence Bishnoi claims responsibility for Khalistani freedom fighter Sukhdev Singh's killing in Canada. Mint
  23. ↑ (10 December 2023). Rashtriya Rajput Karni Sena chief Sukhdev Singh Gogamedi shot dead in Jaipur. The Times of India
  24. ↑ Karni Sena chief murder: Lawrence Bishnoi gang claims attack, protests in Jaipur. India Today
  25. ↑ (6 December 2023). ‘Rajasthan bandh’ called today over Karni Sena chief Sukhdev Gogamedi's murder. mint
  26. ↑ (October 13, 2024). 'Reason for his death..': Lawrence Bishnoi gang claims responsibility for Baba Siddique's death. Business Today
  27. ↑ (13 October 2024). Baba Siddique murder: Who is Lawrence Bishnoi, jailed gangster said to be involved in NCP leader’s killing?. Financialexpress
  28. ↑ This Order Is Stopping Mumbai Police From Taking Lawrence Bishnoi's Custody. NDTV.com
  29. ↑ Ellis-Petersen, Hannah. (October 15, 2024). Canadian police accuse India of working with criminal network to kill dissidents. The Guardian
  30. ↑ Kaushik, Krishn. (October 15, 2024). Who is Lawrence Bishnoi, at centre of spat between India and Canada?. Reuters
  31. ↑ Canada-India tensions: Who is Lawrence Bishnoi, at centre of row?. Global News
  32. ↑ Miller, Greg; Shih, Gerry. (October 14, 2024). Canada alleges much wider campaign by Modi government against Sikhs. The Washington Post
  33. ↑ Lakshman, Shriraam. (October 16, 2024). Washington Post says Amit Shah and senior R&AW official authorised covert operations in Canada. দ্য হিন্দু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰেন্স বিষ্ণোই” প্ৰবন্ধৰ সংশোধন ৪৩৯৭৮২ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।