সতীন্দৰজিৎ সিং (Satinderjeet Singh; জন্ম: ১১ মাৰ্চ ১৯৯৪), এজন কুখ্যাত, কানাডা-ভিত্তিক ভাৰতীয় গেংষ্টাৰ আৰু অপৰাধী, যি গোল্ডী ব্ৰাৰ নামেৰেও জনাজাত।১২ তেওঁ পঞ্জাবৰ মুক্তসৰ জিলাত জন্মগ্ৰহণ কৰিছিল। হত্যা, হত্যাৰ চেষ্টা আৰু ড্ৰাগচ সৰবৰাহৰ গোচৰত তেওঁক ভাৰতীয় আৰক্ষীয়ে বিচাৰি ফুৰিছে। তেওঁ পঞ্জাবী মূলৰ আন এজন গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ সৈতে জড়িত আছিল যিজন বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে। কানাডাৰ বিঅ'এলঅ' কাৰ্যসূচীয়ে ব্ৰাৰক ইয়াৰ শীৰ্ষ ২৫জন ম'ষ্ট ৱাণ্টেড পলাতকৰ ভিতৰত স্থান দিছিল।৩ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) এক প্ৰতিবেদনত বিষ্ণোই গেং আৰু ব্ৰাৰৰ খালিস্তান পন্থী সংগঠনৰ সৈতেও সম্পৰ্ক থকাৰ কথা প্ৰকাশ পাইছে।৪
প্ৰাৰম্ভিক জীৱন
সতীন্দৰজিৎ সিঙৰ জন্ম হৈছিল ১৯৯৪ চনৰ ১১ মাৰ্চ তাৰিখে পঞ্জাবৰ শ্ৰী মুক্তসৰ চাহিব জিলাত।৫ তেওঁৰ দেউতাক চমছেৰ সিঙে পঞ্জাব আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কাম কৰিছিল।৬ পিছত তেওঁ পঞ্জাবৰ ফৰিদকোট জিলাৰ বুৰ্জ হৰি কে নামৰ গাঁৱলৈ গুচি যায়।
ব্ৰাৰে কানাডাৰ ছাত্ৰ ভিছা লাভ কৰি ২০১৭ চনত কানাডালৈ যায়।৭
অপৰাধী জীৱন
ব্ৰাৰ পঞ্জাৱৰ অন্যতম কুখ্যাত অপৰাধী, লৰেন্স বিষ্ণোইৰ গেঙৰ এজন সদস্য। কেইবাজনো উচ্চ পদস্থ আৰক্ষী বিষয়াৰ হত্যাকে ধৰি বহুকেইটা ডাঙৰ অপৰাধৰ সৈতে এই গেংটো জড়িত।৩ ২০২০ চনত তেওঁৰ সম্পৰ্কীয় ভায়েক এজনৰ মৃত্যুৰ পিছত এই গেংটোৰ সৈতে ব্ৰাৰৰ ঘনিষ্ঠতা বৃদ্ধি পায়।৭
২০২২ চনৰ মে’ মাহত ফৰিদকোটৰ আদালতে জিলা যুৱ কংগ্ৰেছৰ সভাপতি গুৰলাল সিং পেহলৱানক হত্যা কৰাৰ অভিযোগত ব্ৰাৰৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।৮ ইয়াৰ পিছত, ২০২২ চনৰ ২৯ মে'ত ব্ৰাৰে ভাৰতীয় কণ্ঠশিল্পী সিদ্ধু মুছে ৱালাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়। এটা ফেইচবুক পোষ্টৰ মতে, ব্ৰাৰে গুলীচালনাৰ দায়িত্ব লৈছিল।৯
ভাৰত চৰকাৰে ২০২২ চনৰ জুন মাহত তেওঁৰ বিৰুদ্ধে ৰেড নোটিচ জাৰি কৰিছিল। অৰ্থাৎ, ইণ্টাৰপোলৰ সদস্য যিকোনো দেশৰ পৰা তেওঁক গ্ৰেপ্তাৰ তথা প্ৰত্যৰ্পণ কৰিব পৰা যাব।১০৫ ব্ৰাৰৰ বিৰুদ্ধে আনৰ সৈতে ষড়যন্ত্ৰ কৰি অবৈধ আগ্নেয়াস্ত্ৰ আহৰণ তথা যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে সেই আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি হত্যা আৰু হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে।১০
ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সিদ্ধু মুছে ৱালাৰ হত্যাকাণ্ডৰ তথাকথিত মাষ্টাৰমাইণ্ড ব্ৰাৰক বেআইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰা হৈছে। বব্বৰ খালছা ইণ্টাৰনেশ্যনেল (এটা তালিকাভুক্ত সন্ত্ৰাসবাদী সংগঠন)ৰ সৈতে তেওঁৰ সম্পৰ্ক, হত্যাকাণ্ড, সীমান্তপাৰৰ বেআইনী কাৰ্যকলাপ, অস্ত্ৰ সৰবৰাহ আৰু ভাবুকিপূৰ্ণ কল কৰা আদিৰ সৈতে জড়িত থকাৰ কথা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে। এই পদক্ষেপটোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অনুভূত ভাবুকিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।১১ ব্ৰাৰক বিঅ'এলঅ'ই শীৰ্ষ ২৫জন ম'ষ্ট ৱাণ্টেড পলাতকৰ ভিতৰত স্থান দিছে। লগতে, তেওঁলোকে ব্ৰাৰক গ্ৰেপ্তাৰ কৰা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে ৫০,০০০ ডলাৰৰ পুৰস্কাৰো আগবঢ়াইছে।৩
ব্ৰাৰৰ মৃত্যুৰ উৰাবাতৰি
ব্ৰাৰে বৰ্তমান ভাৰত আৰু কানাডা কৰ্তৃপক্ষৰ পৰা পলাই ফুৰিছে। ২০২৪ চনৰ ৩০ এপ্ৰিলত কেলিফৰ্ণিয়াৰ ফ্ৰেছনোত তেওঁক গুলীয়াই হত্যা কৰা বুলি উৰাবাতৰি ওলাইছিল। ভাৰতীয় সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছিল যদিও আমেৰিকান কৰ্তৃপক্ষই নিশ্চিত কৰা নাছিল।১২ পৰৱৰ্তী সময়ত ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে তেওঁৰ মৃত্যুৰ বাতৰিটো ভুৱা আছিল। ব্ৰাৰ বুলি ভুলকৈ চিনাক্তকৰণ কৰা মৃত লোকজন আচলতে জেভিয়াৰ গ্লেডনী আছিল।১৩১৪ ফ্ৰেছনো আৰক্ষী বিভাগৰ লেফটেনেণ্টে স্পষ্ট কৰি দিয়ে যে গুলীয়াই হত্যা কৰা ব্যক্তিজন ব্ৰাৰ নহয় আৰু সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি সেয়া “অসত্য” বুলি কয়। কোনো সত্যাপন নকৰাকৈ ভাৰতৰ সামাজিক আৰু সংবাদ মাধ্যমত এই ভুল তথ্য কোনে প্ৰচাৰ কৰিছিল, সেইবিষয়ে এতিয়াও অজ্ঞাত।১৫
বাহ্যিক সংযোগ
- Interpol Red notice for Satinder Singh Brar
- The Bolo Program listing showing Satinder Singh Brar at 15
তথ্যসূত্ৰ
- ↑ গেংষ্টাৰ গোল্ডি ব্ৰাৰক ভাৰতে সন্ত্ৰাসবাদী ঘোষণা কৰে
- ↑ Who is Goldy Brar? Know about Canada-based gangster believed to be behind Punjabi singer Sidhu Moosewala's murder. Free Press Journal
- ↑ Chhina, Man Aman Singh. (2 May 2023). Gangster Goldy Brar now among Canada's most wanted criminals. The Indian Express
- ↑ (24 March 2023). NIA files chargesheet against Lawrence Bishnoi, Goldy Brar on terror nexus case. Hindustan Times
- ↑ Red Notices: Singh, Satinderjeet. ইণ্টাৰপোল
- ↑ (1 January 2024). Who is Goldy Brar, Sidhu Moose Wala's alleged killer, ex-cop's son who reached Canada on student visa?. Hindustan Times
- ↑ Shekhar, Raj. (2 May 2024). Goldy Brar shot? US shooting sets off buzz of gangster. Times of India
- ↑ 2 shooters held in Faridkot Cong leader Gurlal Singh Pehalwan murder case. Tribuneindia News Service
- ↑ (30 May 2022). Sidhu Moose Wala Killing: Who are Goldy Brar, Lawrence Bishnoi, Suspects in Punjabi Singer's Murder?. News18
- ↑ (10 June 2022). Interpol issues Red Corner Notice against Goldy Brar. The Hindu
- ↑ (1 January 2024). MHA Declares Moosewala Murder Mastermind Goldy Brar a 'Terrorist' Under UAPA. TheQuint
- ↑ (1 May 2024). Goldy Brar, gangster behind Sidhu Moosewala's murder, shot dead in US: Reports. WION
- ↑ US Police deny reports of Goldy Brar's murder: 'Incorrect'
- ↑ (2 May 2024). क्या अमेरिका में मारा गया गैंगस्टर गोल्डी बराड़? आई US पुलिस की सफाई. AajTak
- ↑ (2 May 2024). Goldy Brar Not The Gangster Killed In California Shootout: US Police. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোল্ডী ব্ৰাৰ” প্ৰবন্ধৰ সংশোধন ৫২১০৩৬ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।