অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লাডাখৰ সংস্কৃতি

লাডাখৰ সংস্কৃতিয়ে ভাৰতত লাডাখী লোকসকলে পালন কৰা পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস পদ্ধতি, ৰাজনৈতিক ব্যৱস্থাক বুজায়। লাডাখ অঞ্চলৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, খাদ্য, ৰীতি-নীতি চুবুৰীয়া তিব্বতৰ দৰেই। লাডাখী হৈছে লাডাখৰ পৰম্পৰাগত ভাষা। লাডাখৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত আছে খাটক চেনমো, চাম আদি।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৬৮৮ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লাডাখৰ সংস্কৃতিয়ে ভাৰতত লাডাখী লোকসকলে পালন কৰা পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস পদ্ধতি, ৰাজনৈতিক ব্যৱস্থাক বুজায়। লাডাখ অঞ্চলৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, খাদ্য, ৰীতি-নীতি চুবুৰীয়া তিব্বতৰ দৰেই। লাডাখী হৈছে লাডাখৰ পৰম্পৰাগত ভাষা। লাডাখৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত আছে খাটক চেনমো, চাম আদি। লাডাখৰ মানুহে বছৰটোত কেইবাটাও উৎসৱ পালন কৰে, এই উৎসৱ সমূহৰ ভিতৰত আছে- মে হেমিছ চেচু আৰু লোছাৰ ৷

পটভূমি

দৃশ্য]]

লাডাখ ভাৰতৰ উত্তৰতম অংশ ৷ লাডাখৰ পূবে তিব্বত, দক্ষিণে ভাৰতৰ হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, আৰু পশ্চিমে গিলগীত-বাল্টিস্তানৰ সৈতে সীমা ভাগ কৰিছে। উত্তৰ দিশত কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেন হিমবাহৰ পৰা দক্ষিণে গ্ৰেট হিমালয়লৈকে বিস্তৃত। ১ পূৰ্বতে ই ভাৰতীয় জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ অংশ আছিল যদিও জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন (২০১৯) ৰ পিছত ইয়াক জম্মু আৰু কাশ্মীৰৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰা হয়। ২ ৩ লাডাখৰ কিছু অংশ ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।

লাডাখত হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালা আৰু ওপৰৰ সিন্ধু নদী উপত্যকাৰ কিছু অংশ সন্নিবিষ্ট কৰা হৈছে। ই ভাৰতৰ একমাত্ৰ শীতল মৰুভূমি। ৪ ইয়াৰ ভূ-প্ৰকৃতি বন্যাৰ্ত আৰু জনসংখ্যা কম। ৪ লাডাখৰ মহিলাসকলে দেশৰ বাকী অংশ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ তুলনাত উচ্চ মৰ্যাদা লাভ কৰে। ৫ লাডাখৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, খাদ্য আৰু ৰীতি-নীতি চুবুৰীয়া দেশ তিব্বতৰ দৰেই। ৬

ভাষা

লাডাখী ভাষা
লাডাখী ভাষাছবি: Amshpatten · CC BY-SA 4.0

লাডাখী ভাষা লাডাখত প্ৰচলিত তিব্বতী ভাষা, যাক ভোটি বা বোধি বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১১০,৮২৬ জন লোকে লাডাখী ভাষা কয়। ৭ লাডাখী ভাষালৈ বিশেষভাৱে চিল্ক ৰোড ব্যৱসায়ৰ পৰাই বিভিন্ন শব্দৰ প্ৰব্ৰজন ঘটিছে। ৮ সাধাৰণতে ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হয় আৰু লাডাখীৰ উচ্চাৰণ লিখিত ধ্ৰুপদী তিব্বতী ভাষাৰ বহু ওচৰৰ বুলি কোৱা হয়।

সংগীত

লাডাখৰ পৰম্পৰাগত সংগীতত লিন্যু (বাঁহী), ডামন্যান (তাঁৰযুক্ত বাদ্যযন্ত্ৰ) পিভাং, খাকং, (চিতাৰ) ডাফ (ডাফ্লি) দমন, সুৰনা, আৰু পিৱাং ( শ্বেহনাই আৰু ঢোল) আদি বাদ্যযন্ত্ৰ অন্তৰ্ভুক্ত। সংস্কৃত আৰু তিব্বতী ভাষাত জপ কৰা মন্ত্ৰই লাডাখী সংগীতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৯ ১০ লোকসংগীত লাডাখৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। এই সংগীত প্ৰায়ে চাৰিওফালৰ কায়িক অৱয়বগত বৈশিষ্ট্যৰ পৰা অনুপ্ৰাণিত হয়। ১১ মৰুপ নামগ্যাল হৈছে এই লাডাখী সংগীতৰ এগৰাকী সংৰক্ষণবিদ আৰু লাডাখৰ একমাত্ৰ ৰেডিঅ' ষ্টেচন (অল ইণ্ডিয়া ৰেডিঅ', লেহ)ত কাম কৰি ৩০ বছৰীয়া কৰ্মজীৱনত তেওঁ লাডাখী লোকগীতৰ এক বিশাল আৰ্কাইভ ৰেকৰ্ডিং কৰিছিল। ১২

নৃত্য

জাব্ৰো নৃত্য
জাব্ৰো নৃত্যছবি: Ramesh Lalwani · CC BY 2.0

লাডাখৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত খাটোক চেনমো অন্যতম আৰু ইয়াৰ নেতৃত্বত থাকে পৰিয়ালৰ এজন সন্মানীয় সদস্য শ্বণ্ডোল, ১৩ আন কিছুমান নৃত্যৰ ভিতৰত আছে কম্পা চুম-ট্ছাকজাব্ৰোচামছ: চাবছ-স্কিয়ান চেছৰালডি চেছ আৰু এলে ইয়াটো। ১৪ তিব্বতী সংগীতৰ বিভিন্ন ৰূপৰ দৰে লাডাখী মঠ উৎসৱৰ সংগীতত প্ৰায়ে ধৰ্মৰ অবিচ্ছেদ্য অংগ হিচাপে জপ কৰাটো জড়িত হৈ থাকে। পৰম্পৰাগতভাৱে আদিম কালত ৩৬০টা নৃত্যৰ ভিন্নতা আছিল যদিও বৰ্তমান মাত্ৰ কেইটামানহে সংৰক্ষিত হৈ আছে। এই গীতবোৰ জটিল, প্ৰায়ে পবিত্ৰ গ্ৰন্থ আৰু মেনুস্ক্ৰিপ্ট বা বিভিন্ন উৎসৱ উদযাপনৰ মাজেৰে সংৰক্ষিত হৈ আহিছে। কিছুমান নৃত্যই দেৱতা আৰু দানৱৰ মাজত হোৱা যুদ্ধৰ কাহিনী বৰ্ণনা কৰে, আৰি দেৱতাৰ বিজয় গাঁ‌থাৰে ইয়াৰ অন্ত পৰে। ১৫

ৰান্ধনীশাল

থুকপা
থুকপাছবি: Amanbedi1 · CC BY-SA 4.0

লাডাখী খাদ্য, তিব্বতী খাদ্য হিচাপেহে বেছি সমাদৃত। ইয়াৰ ভিতৰত থুকপা, এক প্ৰকাৰৰ নুডল চূপ আৰু tsampa, লাডাখীত ngampe দুবিধ বিশেষ বৈশিষ্ট্যৰ খাদ্য। লাডাখী খাদ্যৰ ভিতৰত স্কিউ আৰু চুটাগি, ডাঠ আৰু চুপপ্ৰধান পাস্তা জাতীয় খাদ্য, স্কিউ মাটিৰ তলত হোৱা শাক-পাচলি আৰু মাংসৰে তৈয়াৰ কৰা হয়, আৰু পাত জাতীয় সেউজীয়া শাক-পাচলিৰ সৈতে চুটাগি তৈয়াৰ কৰা হয়। ১৬ লাডাখত লাডাখৰ পৰ্যটন আৰু আধুনিকীকৰণৰ প্ৰভাৱৰ বাবে ভাৰতৰ ভৈয়াম অঞ্চলৰ খাদ্যসমূহ অধিক সাধাৰণ হৈ পৰিছে। ১৭

উৎসৱ আৰু অনুষ্ঠান

লাডাখত বছৰটোৰ ভিতৰতে কেইবাটাও উৎসৱ অনুষ্ঠিত হয়, য'ত আছে হেমিছ চেচু, লোছাৰ আদি। ১৮ ১৯ মানুহে পৰিবেশন কৰা মুখা নৃত্য, উটৰ দৌৰ, নদীৰ পানীত কৰা ৰাফটিং আৰু ধনুখেল আদি, আঞ্চলিক সংগীত আৰু নৃত্য প্ৰদৰ্শন, থাংকা প্ৰদৰ্শনী আদিও অন্তৰ্ভুক্ত। তেওঁলোকে বহু সময় শিলৰ গহনা, উলৰ কাপোৰ, মঠৰ দেৱালত মিউৰেল চিত্ৰ নিৰ্মাণতো ব্যয় কৰে। ২০ পূব লাডাখৰ পৰম্পৰাগত জীৱনৰ এক অপৰিহাৰ্য অংগ হিচাপে বয়ন শিল্পৰ প্ৰচলন দেখা যায়। ২১ লাডাখৰ কিছুমান উৎসৱ হ'ল-

  • হেমিছ উৎসৱ - হেমিছ মঠৰ নামেৰে বাৰ্ষিক উৎসৱ। ২২
  • লোছাৰ - লোছাৰ, যাক তিব্বতী নৱবৰ্ষ বুলিও কোৱা হয়, তিব্বতী বৌদ্ধ ধৰ্মৰ এক উৎসৱ। ২৩
  • Phyang Tsedup উৎসৱ - এই উৎসৱ তিব্বতী চন্দ্ৰ পঞ্জিকাৰ প্ৰতি পঞ্চম মাহত পালন কৰা হয়। ২৪
  • সিন্ধু দৰ্শন উৎসৱ - সিন্ধু নদীৰ পাৰত প্ৰতিবাৰৰ গুৰু পূৰ্ণিমাত অনুষ্ঠিত হয়। ২৫
  • দোচমোচে - প্ৰতি বছৰে তিব্বতী পঞ্জিকাৰ ১২ মাহৰ মূৰে মূৰে ইয়াক পালন কৰা হয়। ২৬
  • সকা দাৱা উৎসৱ। ২৭
  • টাক - টক উৎসৱ - লাডাখৰ অন্যতম প্ৰধান উৎসৱ। টাক- টকৰ গুহা গোম্পাত ইয়াক উদযাপন কৰা হয়। ২৮
  • মাথো নাৰং মহোৎসৱ। ২৯ [ অবিশ্বাস্য উৎস? ]

সাংস্কৃতিক কেন্দ্ৰ

লামায়ুৰু মঠ
লামায়ুৰু মঠছবি: Dmitry A. Mottl · CC BY-SA 4.0

ইয়াৰ বৌদ্ধ মঠবোৰ প্ৰায়ে গাঁৱৰ আশে-পাশে থকা একো একোটা বিচ্ছিন্ন পাহাৰত অৱস্থিত। এই মঠসমূহ ধৰ্মীয় বৌদ্ধ লোকসকলৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু। ৩০ লাডাখৰ কিছুমান মঠ আৰু সাংস্কৃতিক কেন্দ্ৰ হ'ল-

  • থিক্সে মঠ
  • লামায়ুৰু মঠ
  • হেমিছ মঠ
  • ষ্টক মঠ
  • লেহ পেলেচ
  • শ্বে মঠ
  • ডিস্কিট মঠ

লেহ আৰু শ্বে মঠ দুয়োটাতে বুদ্ধক খোদিত কৰা হৈছে, ইয়াৰে বেছিভাগেই মৈত্ৰেয়ৰ। ৩১

তথ্যসূত্ৰ

  1. ↑ Ladakh. Encyclopedia Britannica
  2. ↑ (2019-10-31). Jammu & Kashmir and Ladakh become separate Union Territories from today: 10 points. Hindustan Times
  3. ↑ (2003). https://books.google.com/books?id=fSIMXHMdfkkC&pg=PA1191. পৃ. 1191–. ISBN 978-0-415-93922-5 Quote: "Jammu and Kashmir: Territory in northwestern India, subject to a dispute between India and Pakistan. It has borders with Pakistan and China."
  4. ↑ Cold Desert Cultural Landscape of India. UNESCO World Heritage Centre
  5. ↑ Women empowerment in Ladakh. Reachladakh
  6. ↑ Jolden; Tundup, Rinchen. (2018). Cultural Relationship between the People of Ladakh and Tibet. The Tibet Journal. পৃ. 65–71
  7. ↑ Census of India Website: Office of the Registrar General & Census Commissioner, India. www.censusindia.gov.in
  8. ↑ Ladakhi Language & Phrasebook
  9. ↑ Kaul. (1998). Rediscovery of Ladakh. Indus Publishing. পৃ. 159. ISBN 978-81-7387-086-6
  10. ↑ Masks: Reflections of Culture and Religion. Dolls of India
  11. ↑ The dying art of folk music in Ladakh. Reachladakh
  12. ↑ Where The Mountains Meet The Sky: Folk Music of Ladakh. SublimeFrequencies
  13. ↑ (2019-09-22). Ladakhi Shondol dance makes it to Guinness book of records. The Tribune
  14. ↑ (2016-08-09). Of Shon, Alley Yaato and Kud
  15. ↑ (12 January 2003). Masks: Reflections of Culture and Religion. Dolls of India
  16. ↑ Motup, Sonam. Food & Cuisine: 10 Best Dishes to Eat in Leh-Ladakh 🥄🥣
  17. ↑ Namgail, T.; Jensen, A.; Padmanabhan, S. (2019). Dhontang: Food in Ladakh. Central Institute of Buddhist Studies, Local Futures. পৃ. 1–44. ISBN 978-93-83802-15-9
  18. ↑ Festivals District Leh, Union Territory of Ladakh India
  19. ↑ neeru. (2017-10-12). D'source Design Gallery on Leh Ladakh Music Instruments. D'Source
  20. ↑ Ladakh Culture · Arts, Culture & Life Style of Ladakhi People. tour-my-india
  21. ↑ Living Fabric: Weaving Among the Nomads of Ladakh Himalaya
  22. ↑ Deb; Sinha, B. (2001). Encyclopaedia of Fairs & Festivals in India: With Select Rituals, Vows, Holy Cities, Temples and Pilgrim Centers. Raj Publications. পৃ. 88. ISBN 978-81-86208-14-4
  23. ↑ Ladakh Buddhist Association celebrates 'Losar' festival in Leh
  24. ↑ Phyang Monastic festival Tsesdup concludes
  25. ↑ Corona effect: Only Sindhis allowed for Sindhu Darshan Fest
  26. ↑ Leh, Likir Dosmoche begins
  27. ↑ (2002). Trekking in the Indian Himalaya. Lonely Planet Publications. পৃ. 264. ISBN 978-1-74059-085-3
  28. ↑ Tak - Tok Festival in Leh
  29. ↑ The quirky India travel plan: Where should you go next?
  30. ↑ Culture & Heritage · District Leh, Union Territory of Ladakh · India
  31. ↑ Cultural Heritage of Ladakh Himalaya, Prem Singh Jina, Kalpaz Publication,, pp 67–73

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংস্কৃতিলাডাখ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাডাখৰ সংস্কৃতি” প্ৰবন্ধৰ সংশোধন ৬০২৬৮৬ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।