লাডাখ
৪ প্ৰবন্ধ
-
দ্ৰাস
দ্ৰাস স্থানীয়ভাৱে হিমাবছ, হেম্বাবছ বা হুমাছ বুলিও জনা যায়, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাৰ এখন চহৰ আৰু পাহাৰীয়া ষ্টেচন। জোজি লা পাছ আৰু কাৰ্গিল চহৰৰ মাজৰ ১ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত।
-
সুৰু উপত্যকা
সুৰু উপত্যকা হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাৰ এখন উপত্যকা। ইয়াৰ পানী সিন্ধু নদীৰ উপনৈ সুৰু নদীৰদ্বাৰা নিষ্কাশন কৰা হয়। এই উপত্যকাৰ আটাইতকৈ উল্লেখযোগ্য চহৰখন হৈছে ছাংকু। এই উপত্যকাত ঘোঁৰা, য়াক আদি জীৱ-জন্তু পোৱা যায়। শীতকালত সুৰু উপত্যকাত প্ৰচণ্ড বৰফ আৰু হিমস্খলন হয়।
-
সুৰু নদী
সুৰু নদী ভাৰতৰ লাডাখৰ কাৰ্গিল জিলাৰ মাজেৰে বহুলাংশে বৈ গৈ পাকিস্তানৰ গিলগীত-বাল্টিস্তানলৈ বৈ যোৱা সিন্ধু নদীৰ উপনৈ। সুৰু উপত্যকা কাৰ্গিল তহচিলৰ সৈতে সমবিস্তৃত, ইয়াৰ পাৰত কাৰ্গিল চহৰ অৱস্থিত। এই নদীখনে গিলগিট-বাল্টিস্তানৰ খাৰমাং জিলাত প্ৰৱেশ কৰে, কিছু সময় পাৰ হৈ মাৰোলৰ ওচৰৰ সিন্ধুৰ সৈতে মিলিত হয়।
-
লাডাখৰ সংস্কৃতি
লাডাখৰ সংস্কৃতিয়ে ভাৰতত লাডাখী লোকসকলে পালন কৰা পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস পদ্ধতি, ৰাজনৈতিক ব্যৱস্থাক বুজায়। লাডাখ অঞ্চলৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, খাদ্য, ৰীতি-নীতি চুবুৰীয়া তিব্বতৰ দৰেই। লাডাখী হৈছে লাডাখৰ পৰম্পৰাগত ভাষা। লাডাখৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত আছে খাটক চেনমো, চাম আদি।