অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ডিস্কিট মঠ

ডিস্কিট মঠ, যাক ডেস্কিট গোম্পা বা ডিস্কিট গোম্পা বুলিও কোৱা হয়, লাডাখৰ লেহ জিলাৰ নুব্ৰা উপত্যকাৰ ডিস্কিটৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম বৌদ্ধ মঠ (গোম্পা)। লেহৰপৰা ১১৫ কিলোমিটাৰ উত্তৰে।

হালনাগাদ: ৭ মে’ ২০২৬ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
ডিস্কিট মঠৰ ওচৰত ৩৩ মিটাৰ দৈৰ্ঘ্যৰ মৈত্ৰেয় বুদ্ধৰ মূৰ্তি শ্যোক নদীৰ তললৈ মুখ কৰি নুব্ৰা উপত্যকাৰফালে
ডিস্কিট মঠৰ ওচৰত ৩৩ মিটাৰ দৈৰ্ঘ্যৰ মৈত্ৰেয় বুদ্ধৰ মূৰ্তি শ্যোক নদীৰ তললৈ মুখ কৰি নুব্ৰা উপত্যকাৰফালেছবি: John Hill · CC BY-SA 3.0

ডিস্কিট মঠ, যাক ডেস্কিট গোম্পা বা ডিস্কিট গোম্পা বুলিও কোৱা হয়, লাডাখৰ লেহ জিলাৰ নুব্ৰা উপত্যকাৰ ডিস্কিটৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম বৌদ্ধ ধৰ্ম মঠ (গোম্পা)।১২ লেহৰপৰা ১১৫ কিলোমিটাৰ উত্তৰে।

ই তিব্বতী বৌদ্ধ ধৰ্মৰ গেলুগপা (হালধীয়া টুপী) পন্থাৰ অন্তৰ্গত আৰু ১৪ শতিকাত গেলুগপাৰ প্ৰতিষ্ঠাপক ছং খাপাৰ শিষ্য চাংজেম চেৰাব জাংপোৱে প্ৰতিষ্ঠা কৰিছিল।৩৪ ই থিক্সে গোম্পাৰ এটা উপ-গোম্পা।

লাচুং মন্দিৰ আৰু হুণ্ডুৰ মঠও ইয়াৰ ওচৰতে আছে, যিটো মূল পথৰপৰা আঁতৰত থকা এখন দলঙৰ তলত অৱস্থিত।৩৪

মঠটোৰ প্ৰাৰ্থনা ভৱনত চো ৰিনপোচে (মুকুট পিন্ধা বুদ্ধ)ৰ প্ৰতিমূৰ্তি, এটা বিশাল ঢোল আৰু কেইবাখনো উগ্ৰ ৰক্ষক দেৱতাৰ প্ৰতিমূৰ্তি আছে। মঠটোৰ এটা উচ্চ কুপোলাত তিব্বতৰ তাছিলহুনপো মঠৰ এটা ফ্ৰেস্কো চিত্ৰিত কৰা হৈছে।

মঠ প্ৰশাসনে এখন বিদ্যালয় চলায়, "তিব্বত সমৰ্থন গোট" নামেৰে জনাজাত এটা বেচৰকাৰী সংস্থাৰ সহায়ত। বিদ্যালয়খনত কম্পিউটাৰৰ সুবিধা আছে আৰু অঞ্চলটোৰ তিব্বতী শিশুসকলক ইংৰাজী ভাষাত বিজ্ঞান বিষয়সমূহ শিকোৱা হয়।

ফেব্ৰুৱাৰী মাহত মঠ অঞ্চলত ডছমোচে বা "স্কেপগট উৎসৱ" নামৰ এটা জনপ্ৰিয় উৎসৱ পালন কৰা হয়। ইয়াত বেছিভাগেই নুব্ৰা উপত্যকাৰ গাঁৱৰ লোকে অংশগ্ৰহণ কৰে, কিয়নো এই সময়ছোৱাত প্ৰচণ্ড বৰফ পৰে বাবে লেহৰ অন্যান্য অঞ্চললৈ যোৱাটো কঠিন হৈ পৰে।

ইতিহাস

প্ৰাৰ্থনাগৃহৰ সন্মুখত চাৰিজন স্বৰ্গীয় ৰজাৰ চিত্ৰ অংকন কৰা এখন নতুন ছবি (২০০৯)। ২০০৪ চনৰ ফটোখনত (তলত, Structures ত) চিৰিৰ ওপৰত থকা এটা ধ্বংসপ্ৰাপ্ত মঞ্চত একেটা মিউৰেল দেখা গৈছে।
প্ৰাৰ্থনাগৃহৰ সন্মুখত চাৰিজন স্বৰ্গীয় ৰজাৰ চিত্ৰ অংকন কৰা এখন নতুন ছবি (২০০৯)। ২০০৪ চনৰ ফটোখনত (তলত, Structures ত) চিৰিৰ ওপৰত থকা এটা ধ্বংসপ্ৰাপ্ত মঞ্চত একেটা মিউৰেল দেখা গৈছে।ছবি: Redtigerxyz · CC BY-SA 3.0

চতুৰ্দশ শতিকাত চাংজেম চেৰাব জাংপোৱে ডিস্কিট মঠ প্ৰতিষ্ঠা কৰিছিল।৪ তেতিয়া লাডাখত ৰজা গ্ৰেগছ-পা-'বুম-ল্ডে (১৪০০–১৪৪০) আৰু তেওঁৰ ভাতৃয়ে শাসন কৰিছিল আৰু তেওঁলোকে নিগ-মা-গ্ৰাগছ-পা নামৰ স্থানীয় শাসকৰ অধীনত থকা নুব্ৰা উপত্যকা দখল কৰাৰ বিফল চেষ্টা কৰিছিল। স্থানীয় শাসকে ডিস্কিটত মঠটো নিৰ্মাণ কৰিবলৈ আৰু মঠটোত গেলুগপা সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক ছং খাপাৰ মূৰ্তিটোক দেৱতা হিচাপে গঢ়ি তোলাত গেলুগপা অৰ্ডাৰৰ এজন অধিবক্তাক সহায় কৰিছিল। আনকি পশ্চিম তিব্বতকো নিয়ন্ত্ৰণ কৰা ৰজা ব্লগ্ৰছ-চোগ-ইডানৰ (১৪৪০–১৪৭০) শাসনকালত পাঞ্চেন লা-বটছুনে - জন্ম-সূত্ৰে নুব্ৰা উপত্যকাৰ বাসিন্দা - তিব্বতত অধ্যয়ন কৰিছিল আৰু পিছলৈ তাছিলহুনপো মঠৰ প্ৰতিষ্ঠাপকৰ ৰিজেণ্ট হৈছিল আৰু অৱশেষত জীৱনৰ শেষ পৰ্যায়ত নুব্ৰালৈ উভতি আহে। তেওঁৰ অৱশিষ্ট চৰছাত সংৰক্ষিত হৈ আছে। ১৫০০ চনত লাডাখত ব্ৰা-শিছ-ৰনাম-ৰগ্যালে শাসন কৰে, যিয়ে নুব্ৰা আৰু লেহৰ ওচৰত মধ্য এছিয়াৰ আক্ৰমণকাৰী মিৰ্জা হাইদৰৰ সৈতে যুঁজি অৱশেষত পিছৰজনক পৰাস্ত কৰে আৰু এইদৰে নুব্ৰাক লাডাখ ৰজাৰ শাসনৰ অধীনলৈ আনে। তেতিয়াও স্থানীয় মুখিয়ালসকলে ডিস্কিট আৰু ভাৰতত ক্ষমতা প্ৰদান কৰিছিল। এই যুদ্ধৰ পিছত ছিয়া মুছলমানসকলে নুব্ৰাত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে।

অষ্টাদশ শতিকাৰ মাজভাগত শ্বে-ডবাং-ৰনাম-ৰ্গিয়ালে ডিস্কিট মঠৰ নিয়ন্ত্ৰণ থিক্সে মঠৰ ৰিনপোচেক দিছিল আৰু এই ব্যৱস্থা আজিও অব্যাহত আছে। তেতিয়াৰপৰাই ডিস্কিটক থিক্সেৰ উপ-গোম্পা বুলি গণ্য কৰা হয়।৫

ভূগোল

নুবেৰা উপত্যকাত ডিস্কিট আৰু খাৰদুংলা গিৰিপথৰ অৱস্থান
নুবেৰা উপত্যকাত ডিস্কিট আৰু খাৰদুংলা গিৰিপথৰ অৱস্থানছবি: E2v · CC BY-SA 3.0

ডিস্কিট মঠটো নুবেৰা উপত্যকাৰ শ্বয়ক নদীৰ সোঁপাৰৰ বানপানী হোৱা সমভূমিৰ ওপৰৰ এটা পাহাৰত অৱস্থিত। নুবেৰা নদী শ্বয়ক নদীৰ এক উপনৈ, যি লাডাখ পৰ্বতমালাৰ উত্তৰ দিশে সিন্ধু নদীৰ সমান্তৰালভাৱে বৈ গৈছে। যিহেতু এই উপত্যকাটো কম উচ্চতাত অৱস্থিত, ইয়াৰ জলবায়ু মৃদু। ইয়াৰ ফলত সৃষ্টি হোৱা সেউজীয়া উদ্ভিদৰ বাবে উপত্যকাটোক "লাডাখৰ ফলৰ বাগিছা" বুলি কোৱা হয়। এই উপত্যকাটো তীব্বত আৰু চীনৰ মাজৰ কাৰাভান পথৰ অংশ আছিল। এই উপত্যকাটো দুটা কুঁজ থকা বেক্ট্ৰিয়ান উটৰো বাসস্থান। ই লেহৰপৰা খাৰদুংলা গিৰিপথ অতিক্ৰম কৰি পোৱা যায়। যিহেতু শীতকালত পৰ্বতবোৰ প্ৰায়ে দুৰ্গম হৈ পৰে, গতিকে উপত্যকাটোৰ ডিস্কিট গাঁও আৰু মঠটো উপত্যকাৰ লোকসকলৰ বাবে এক মিলন কেন্দ্ৰ। ডিস্কিট হৈছে নুবেৰা উপত্যকাৰ মুখ্য কাৰ্যালয় আৰু ইয়াত চৰকাৰী কাৰ্যালয়সমূহৰ লগতে মৌলিক সুবিধাসমূহ উপলব্ধ। ই পথৰ জৰিয়তে লেহৰ সৈতেও সংযুক্ত।৬৭৮

মঠৰ চাদত এজন বৌদ্ধ সন্ন্যাসীৰ ধ্যানমগ্ন অৱস্থা, পটভূমিত নুবেৰা উপত্যকা আৰু ডিস্কিট গাঁও
মঠৰ চাদত এজন বৌদ্ধ সন্ন্যাসীৰ ধ্যানমগ্ন অৱস্থা, পটভূমিত নুবেৰা উপত্যকা আৰু ডিস্কিট গাঁওছবি: Steve Hicks · CC BY 2.0

মঠলৈ যোৱা পথটো ডিস্কিট গাঁৱৰ মাজেৰে পাৰ হোৱা এটা খলা-বমা আৰু ধূলিময় পথ।

লেহৰপৰা খাৰদুং গিৰিপথ হৈ এই গাঁওখনত উপনীত হ'ব পাৰি। তুষাৰপাত আৰু ভূমিস্খলনৰ বাবে অক্টোবৰৰপৰা মে' মাহৰ ভিতৰত যাতায়াত ব্যাহত হ'ব পাৰে। এই পথটোক প্ৰায়ে ভুলকৈ পৃথিৱীৰ সৰ্বোচ্চ মটৰ চলনযোগ্য পথ বুলি কোৱা হয়। লেহৰপৰা অহা পথটো চাউথ পুল্লু (এক সেনা শিবিৰ), তাৰ পিছত খাৰদুংলা আৰু তাৰ পিছত নৰ্থ পুল্লুলৈ নামি আহে। বিদেশী পৰ্যটকসকলে ইয়াত নুবেৰা উপত্যকাত তেওঁলোকৰ প্ৰৱেশ পঞ্জীয়ন কৰিব লাগে। পথটো খাৰদুং গাঁৱলৈ নামি যায় আৰু তাৰ পিছত উপত্যকাৰ সমতলত থকা খালচাৰ গাঁৱলৈ নামি গৈ দুটা ভাগত বিভক্ত হয়। খালচাৰ গাঁৱৰপৰা বাঁওফালৰ শাখাটোৱে ডিস্কিট আৰু হুন্দাৰ গাঁৱলৈ লৈ যায়, আনহাতে সোঁফালৰ শাখাটোৱে চুমুৰ আৰু পানামিক গাঁৱলৈ লৈ যায়।৭ ভাৰতীয় সেনাই চোৱা-চিতা কৰা এটা পথেৰে লেহৰপৰা ডিস্কিটলৈ দূৰত্ব প্ৰায় ১৫০ কিলোমিটাৰ।৯

স্থাপত্যসমূহ

মঠলৈ যোৱা পথ
মঠলৈ যোৱা পথছবি: Baldiri · CC BY-SA 3.0

ডিস্কিট মঠটো মঠলৈ যোৱা পথটোৰ একেবাৰে মূৰত নিৰ্মাণ কৰা হৈছে। এই পথটোৱে পাৰ্থপুৰ আৰু থোচৰ সৈতে সংযোগ স্থাপন কৰিছে। এটা শিলৰ চিৰিৰে মঠৰ প্ৰাৰ্থনা কক্ষলৈ যাব পাৰি। এই কক্ষত মৈত্ৰেয় বুদ্ধৰ এটা মূৰ্তি আৰু এটা বিশাল ঢোল স্থাপন কৰা হৈছে। দ্বিতীয় মহলাৰ কক্ষত কেইবাটাও ভয়ংকৰ ৰক্ষক দেৱতাৰ মূৰ্তি আছে।৭

ডিস্কিট মঠৰ এটা ওখ গম্বুজ আছে, য’ত তীব্বতৰ তাছিলহুনপো মঠক চিত্ৰিত কৰা এটা ফ্ৰেস্কো (fresco) আছে। ইয়াৰ ভঁৰাল ঘৰত কেইবাটাও মন্দিৰৰ লগতে মংগোলীয় আৰু তীব্বতীয় পাঠ্যপুথি সংৰক্ষিত হৈ আছে।৩ ডিস্কিট মঠ মংগোলীয় পৌৰাণিক কাহিনীৰ সৈতেও জড়িত: কোৱা হয় যে মঠৰ চৌহদৰ ওচৰত এসময়ত বৌদ্ধ ধৰ্ম বিৰোধী এজন মংগোলীয় অসুৰ বাস কৰিছিল আৰু তাক হত্যা কৰা হৈছিল, কিন্তু সি কেইবাবাৰো পুনৰ্জীৱিত হৈছিল।৩ বৰ্তমান মঠটোৰ এটা মন্দিৰৰ ভিতৰত সেই অসুৰটোৰ শুকাই যোৱা মূৰ আৰু হাতখন থকা বুলি বিশ্বাস কৰা হয়।৩

মঠৰ শেহতীয়া সম্প্ৰসাৰিত অংশবোৰ ভাল অৱস্থাত আছে যদিও দুখাং (মূল প্ৰাৰ্থনা কক্ষ) আৰু জিমচুং সিমান ভাল অৱস্থাত নাই। বেৰৰ চিত্ৰবোৰ ছাইৰে ঢাক খাই গৈছে আৰু মূৰ্তিবোৰ বিশৃংখলভাৱে ৰখা হৈছে। মঠৰ পুৰণি অংশটো কিছু পৰিমাণে ক্ষয়প্ৰাপ্ত হোৱা বুলি কোৱা হয়, যিহেতু ইয়াত কিছুমান ফাট মেলা দেখা গৈছে আৰু সেইবোৰ মেৰামতি কৰা হোৱা নাই।১০

জাম্পা (মৈত্ৰেয়) বুদ্ধৰ বিশাল মূৰ্তি

নুবেৰাৰ মুখ্য লামাৰ চৰকাৰী আৱাস বা ফোটং পাহাৰৰ পাদদেশত অৱস্থিত, য’ত জাম্পা (মৈত্ৰেয়) বুদ্ধৰ এটা অতি বিশাল মূৰ্তিও আছে।৭

মঠটোৰ তলৰ এটা পাহাৰৰ ওপৰত থকা এই চিত্তাকৰ্ষক ৩২ মিটাৰ (১০৬ ফুট) ওখ মূৰ্তিটোৱে শ্বয়ক নদীৰ দিশে পাকিস্তানৰফালে মুখ কৰি আছে। এই মূৰ্তিটো নিৰ্মাণৰ নিৰ্দেশ দিয়া সমিতিৰ অধ্যক্ষ চেৰিং নৰফেলৰ মতে, ইয়াৰ বেছিভাগ ধনেই স্থানীয় অনুদানৰপৰা আহিছিল। গেলুগপা সম্প্ৰদায়ৰ মুৰব্বী গান্দেন থিপা (চংখাপাৰ পুনৰ্জন্ম) আৰু ৰিজু মঠৰ মঠাধিপতিয়ে এই মূৰ্তিটো সজোৱাৰ বাবে ৮ কেজি সোণ দান কৰিছিল। এয়া প্ৰথমবাৰৰ বাবে এজন লাডাখী সন্ন্যাসী গেলুগপা সম্প্ৰদায়ৰ মুৰব্বী হৈছে।

মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য ২০০৬ চনৰ এপ্ৰিল মাহত আৰম্ভ হৈছিল আৰু ২০১০ চনৰ ২৫ জুলাইত দলাই লামাই ইয়াক পৱিত্ৰ কৰি উদ্বোধন কৰিছিল। নৰফেলৰ মতে, তিনিটা মূল উদ্দেশ্য আগত ৰাখি এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে - ডিস্কিট গাঁৱৰ সুৰক্ষা, পাকিস্তানৰ সৈতে ভৱিষ্যতে হ'ব পৰা যুদ্ধ প্ৰতিৰোধ আৰু বিশ্ব শান্তি।

লাচুং মন্দিৰ

লাচুং মন্দিৰটো ডিস্কিট মঠৰ ওচৰতে কিন্তু তাৰ ওপৰত অৱস্থিত। ইয়াক নুবেৰা উপত্যকাৰ অন্যতম পুৰণি মন্দিৰ বুলি কোৱা হয়। ইয়াত চংখাপাৰ এটা ডাঙৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু মূৰ্তিটোৰ মূৰত এটা গেলুগপা হালধীয়া টুপি পিন্ধোৱা আছে।৪

বিদ্যালয়

প্ৰায় ১০০ জন সন্ন্যাসী থকা মঠটোৱে ইয়াৰ চৌহদত এখন বিদ্যালয় চলায়। এই বিদ্যালয়ত তীব্বতীয় শিশুসকলক শিক্ষা প্ৰদান কৰা হয়। 'লুংটা' নামৰ এটা বেচৰকাৰী সংস্থাৰ সহযোগত শেহতীয়াভাৱে বিদ্যালয়খনত বিজ্ঞানৰ বিষয়সমূহ শিকোৱাৰ ব্যৱস্থা কৰাৰ লগতে কম্পিউটাৰৰ সুবিধাও গঢ়ি তোলা হৈছে। লুংতাই মঠৰ সন্ন্যাসীসকলক কম্পিউটাৰ দক্ষতা আৰু ইংৰাজী ভাষাৰ প্ৰশিক্ষণ দিছে যাতে তেওঁলোকে বিদ্যালয়খনৰ শিশুসকলক পাঠদান কৰিব পাৰে। ইয়াৰ উপৰি বিদ্যালয়ৰ পুথিভঁৰাললৈ অভিধান, বিশ্বকোষ আৰু ইংৰাজী শিক্ষণ সামগ্ৰী আগবঢ়োৱা হৈছে।১১

উৎসৱ

ৰক্ষক দেৱতাসকলৰ মূৰ্তি, উৎসৱৰ সময়তহে এইবোৰৰ মুখমণ্ডলৰ আৱৰণ খোলা হয়।
ৰক্ষক দেৱতাসকলৰ মূৰ্তি, উৎসৱৰ সময়তহে এইবোৰৰ মুখমণ্ডলৰ আৱৰণ খোলা হয়।ছবি: Baldiri · CC BY-SA 3.0

ডেচমোচে বা দোচমোচে হৈছে ডিস্কিট মঠ, লিকিৰ মঠ আৰু লেহ প্ৰসাদত উদ্‌যাপন কৰা এক জনপ্ৰিয় প্ৰাৰ্থনা উৎসৱ।১২ এই উৎসৱ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয়। সেই সময়ত অত্যধিক বৰফৰ বাবে খাৰদুং শৃংগ অতিক্ৰম কৰি লেহৰ লিকিৰ মঠলৈ যোৱাটো সম্ভৱ নহয় বাবে নুবেৰা উপত্যকাৰ গাঁওসমূহৰপৰা বৃহৎসংখ্যক লোকে ডিস্কিটত মুখা নাচ চাবলৈ সমবেত হয়। 'চাম ডান্স' নামেৰেও পৰিচিত এই মুখা নাচ মঠৰ লামাসকলে পৰিৱেশন কৰি অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ শ্ৰেষ্ঠত্ব নাট্যৰূপত প্ৰকাশ কৰে। বিশ্বাস কৰা হয় যে এই নাচে নতুন বছৰত দুৰ্ভাগ্য আঁতৰায়। এই উপলক্ষ্যে কোনো দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ আৰু মানুহৰ মাজত শান্তি-সমৃদ্ধিৰ বাবে আটাৰে তৈয়াৰী প্ৰতিমূৰ্তি বাহিৰলৈ পেলাই দিয়া হয়। দেৱতাৰ মূৰ্তিৰ মূৰত থকা কাপোৰৰ আৱৰণসমূহো এই সময়ছোৱাতে আঁতৰোৱা হয়।১৬৭

তথ্যসূত্ৰ

  1. ↑ Singh, Sarina. (2005). India. Lonely Planet.. পৃ. 313, 329. ISBN 978-1-74059-694-7
  2. ↑ Diskit Gompa. Slate
  3. ↑ Diskit & Hundur. Buddhist-temples.com
  4. ↑ Diskit Gompa
  5. ↑ Osmaston, Henry; Nawang Tsering. (1997). Recent research on Ladakh 6: proceedings of the sixth InternationalConference. A brief History of Nubra Valley. Motilal Banarsidass Publishers. পৃ. 254–255. ISBN 81-208-1432-0
  6. ↑ Shashi, S.S. (1997). Encyclopaedia of Indian tribes. Diskit Monastery. Anmol Publications PVT. LTD. পৃ. 208. ISBN 81-7041-836-4
  7. ↑ Bindloss, Joe; Sarina Singh. (2007). India. Diskit. Lonely Planet. পৃ. 384. ISBN 978-1-74104-308-2
  8. ↑ The Nubra Valley Trekking
  9. ↑ Nubra Valley
  10. ↑ Sharma, Jhanvi. (2003). Architectural heritage: Ladakh. Diskit Gompa (Galdan Tashi Chuling Gompa). Har-Anand Publications. পৃ. 120. ISBN 81-241-0979-6
  11. ↑ Helping to improve education in exile. Lungta Tibet Support Group
  12. ↑ (13 February 2018). Leh, Likir Dosmoche begins

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিস্কিট মঠ” প্ৰবন্ধৰ সংশোধন ৬০৫০৯৫ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।