য়াৰাগুডিপাড়ি ভেঙ্কট মহালক্ষ্মী ( Yaragudipadi Venkata Mahalakshmi; জন্ম ১৩ ডিচেম্বৰ ১৯৫২)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বৃত্তিগত নাম লক্ষ্মী। তামিল চলচ্চিত্ৰ ‘শ্ৰী ভাল্লি’ৰে (১৯৬১) তেওঁৰ চলচ্চিত্ৰত অভিষেক ঘটে। মুখ্য অভিনেত্ৰী হিচাপে তেওঁ প্ৰথম চলচ্চিত্ৰ ‘জীৱনামসম’ (১৯৬৮)। একে বছৰতে তেওঁৰ কন্নড় আৰু তেলুগু ভাষাৰ ছবিতো ক্ৰমে ‘গোৱা দাল্লি চি.আই.ডি. ৯৯৯’ আৰু ‘বন্ধভ্যলু’ ছবিৰে অভিষেক ঘটে। তেওঁৰ দ্বিতীয় মালয়ালম ছবি ‘চট্টিকাৰী’ (১৯৭৪) ব্লকবাষ্টাৰ ছবিৰূপে পৰিগণিত হৈছিল। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৯টা ফিল্মফেয়াৰ বঁটা, তিনিটা 'নন্দী বঁটা', শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা', শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা' আদি অসংখ্য বঁটা-বাহন লাভ কৰিছে।২৩৪৫৬৭
প্ৰাৰম্ভিক জীৱন
তামিলনাডুৰ চেন্নাইত লক্ষ্মীৰ জন্ম হৈছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মাক কুমাৰী ৰুক্মিণী এগৰাকী তামিল চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল।৮ দেউতাক য়াৰাগুডিপতি বৰদা ৰাও এজন কন্নড় আৰু তামিল ভাষাৰ চলচ্চিত্ৰৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য ৰচক, সম্পাদক আৰু অভিনেতা আছিল।৯
কৰ্মজীৱন
লক্ষ্মী ১৯৭০ৰ দশকৰ দক্ষিণৰ তামিল, তেলুগু, কন্নড় আৰু মালায়লম- চাৰিওটা ভাষাৰ চলচ্চিত্ৰৰে এগৰাকী সফল অভিনেত্ৰী আছিল। তেওঁৰ প্ৰথম মালয়ালম ভাষাৰ ‘চট্টক্কাৰী’ (১৯৭৪) ছবিৰে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ‘কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা’ আৰু ফিল্মফেয়াৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল। বেংগালুৰুৰ চিত্ৰগৃহত ছবিখন ৪০ সপ্তাহ জুৰি চলিছিল।১০১১ 'জুলী'ৰ মূল ভূমিকাত লক্ষ্মীয়ে অভিনয় কৰিছিল। 'জুলী'ত কৰা তেওঁ অসামান্য অভিনয়ৰ বাবে 'বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা' লাভ কৰিছিল। 'জুলী'ৰ সফলতাৰ পিছতো তেওঁ কিন্তু খুব বেছি হিন্দী ছবি কৰা নাছিল আৰু দক্ষিণৰ ছবিতহে বেছি মনোনিবেশ কৰিছিল। তেওঁৰ বহুমুখী অভিনয় প্ৰতিভা আৰু আৰু তেওঁৰ চেহেৰাত মূৰ্ত হোৱা গ্লেমাৰাচ অভিব্যক্তিৰ বাবে তেওঁ বিশেষভাবে জনাজাত। তেলুগু ছবি পন্থুলাম্মাৰত কৰা অভিনয়ক তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰা হয়।১২
শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পোৱা তেওঁৰ আন দুখন মালয়ালম ছবি ‘চলমন’ আৰু ‘মোহিনীঅট্টম’। তেওঁ দক্ষিণৰ প্ৰায় আটাইবোৰ তাৰকা আৰু শীৰ্ষস্থানীয় অভিনেতাৰ সৈতে অভিনয় কৰিছে যদিও ১৯৭০ আৰু ১৯৮০ৰ দশকত তেওঁৰ আটাইতকৈ জনপ্ৰিয় জুঁটিটো হৈছিল কন্নড় ছবিৰ তাৰকা অনন্ত নাগৰ সৈতে, যিটো জুঁটিক এক সফল জুঁটি বুলি গণ্য কৰা হয়। ‘শিলা নাৰঙ্গলিল শিলা মণিথাৰঙ্গল’ (১৯৭৭) নামৰ তামিল ছবিয়ে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আনি দিছিল। এনে খিতাপ পোৱা লক্ষ্মী আছিল তামিল ছবিৰ প্ৰথম অভিনেত্ৰী। ১৯৮০ৰ দশকত তেওঁ মুখ্য ভূমিকাত অভিনয় কৰাৰ আঁতৰি অহাৰ পিছত মাক বা আইতাক আদিৰ ভূমিকাত সহযোগী অভিনেত্ৰী ৰূপে কাম কৰে। ‘জীনচ’ত (১৯৯৮) তেওঁক ঐশ্বৰ্য ৰায়ৰ আইতাকৰ ৰূপত দেখা গৈছিল।১৩
তথ্যসূত্ৰ
- ↑ (12 March 2016). Weekend with Ramesh Season 2 - Episode 23 - March 12, 2016 - Full Episode. Zee Kannada
- ↑ archive.org/download/41stAnnualFilmfareBestTelug
- ↑ Reed, Sir Stanley. (22 August 1976). The Times of India Directory and Year Book Including Who's who. Times of India Press
- ↑ (22 August 1978). The Times of India Directory and Year Book Including Who's who. Times of India Press
- ↑ (22 August 1980). The Times of India Directory and Year Book Including Who's who
- ↑ (28 May 2017). 34th Annual Filmfare Awards South Winners
- ↑ (1991). Collections
- ↑ (28 December 2007). Sri Valli—1945. The Hindu
- ↑ Guy, Randor. (22 August 2003). A revolutionary filmmaker. The Hindu
- ↑ 1st Filmfare Awards 1953
- ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007
- ↑ 60 years of Telugu cinema a book published in 2007
- ↑ (3 January 2015). KB: Kollywood's Discovery Channel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬৪০১৯০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।