অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ম'ল

ম'ল হৈছে আন্তৰ্জাতিক একক পদ্ধতিত (SI) কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানৰ আধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰ ৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত (১২C, কাৰ্বনৰ আইছ'টপ) থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেক্ট্ৰ'ন, অথবা ফ'টনৰ সম সংখ্যক কণিকা থাকে, সেই পৰিমানকে এক ম'ল…

হালনাগাদ: ১০ জানুৱাৰী ২০১৮ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ম'ল হৈছে আন্তৰ্জাতিক একক পদ্ধতিত (SI) কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানৰ আধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰ ৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত (১২C, কাৰ্বনৰ আইছ'টপ) থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেকট্ৰন, অথবা ফ'টনৰ সম সংখ্যক কণিকা থাকে, সেই পৰিমানকে এক ম'ল বোলা হয়। এই সংখ্যাটোক এভ'গেড্ৰ' ধ্ৰুৱক হিচাপে প্ৰকাশ কৰা হয়, ইয়াৰ মান প্ৰায় mol−১, ই ৬০২ হাজাৰ নিযুত নিযুত নিযুততকৈ অলপ বেছি। ম'লৰ আন্তৰ্জাতিক একক চিহ্ন হৈছে mol।

ৰসায়ন বিজ্ঞানত ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু উৎপাদকৰ পৰিমান প্ৰকাশ কৰিবলৈ ম'লৰ বহুল ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, 2 H2 + O2 → 2 H2O, এই বিক্ৰিয়াত ২ ম'ল ডাইহাইড্ৰ'জেন (H2) আৰু ১ ম'ল ডায়'ক্সিজেন (O2)ৰ বিক্ৰিয়াৰ ফলত ২ ম'ল পানী (H2O)ৰ উৎপাদন হৈছে। কোনো পদাৰ্থৰ নমুনাত থকা পৰমাণু, আয়ন নাইবা অন্য প্ৰাথমিক কণিকাৰ সংখ্যা বুজাবলৈও ম'ল ব্যৱহাৰ কৰা হয়। সাধাৰণতে কোনো দ্ৰৱৰ ঘনত্ব তাৰ ম'লাৰিটিৰ দ্বাৰা প্ৰকাশ কৰা হয়। ম'লাৰিটি হৈছে প্ৰতি লিটাৰ দ্ৰৱত দ্ৰৱিভূত হোৱা দ্ৰাব্যৰ ম'লৰ সংখ্যা।

প্ৰতি ম'ল পদাৰ্থত থকা অনুৰ সংখ্যাক এভ'গেড্ৰ' ধ্ৰুৱক বোলে, আৰু ইয়াক এনেদৰে সংজ্ঞাবদ্ধ কৰা হয় যে গ্ৰামত প্ৰকাশ কৰা কোনো পদাৰ্থৰ এক ম'ল, পদাৰ্থটোৰ মান তুলনামূলক আনৱিক ভৰৰ সৈতে সমান। উদাহৰণ স্বৰূপে, প্ৰাকৃতিক পানীৰ মান তুলনামূলক আনৱিক ভৰ হৈছে প্ৰায় ১৮.০১৫, সেই হিচাপে এক ম'ল পানীৰ ভৰ হ'ব প্ৰায় ১৮.০১৫ গ্ৰাম।

এই ধাৰণাৰ ভিত্তিতেই পূৰ্ৱতে গ্ৰাম-অণু পদাংশ ব্যৱহাৰ কৰা হৈছিল। সেইদৰে গ্ৰাম-পৰমাণু পদাংশও ব্যৱহাৰ কৰা হয়। গ্ৰাম-পৰামাণু হৈছে সেই পৰিমানৰ পদাৰ্থ, যি পৰিমানত এভ'গেড্ৰ' সংখ্যাৰ সমান পৰমাণু একক অথবা যুগ্মভাৱে থাকে। উদাহৰণ স্বৰূপে ১ ম'ল MgBr2ৰ ভৰ ১ গ্ৰাম-অণু MgBr2 কিন্তু ৩ গ্ৰাম-পৰমাণু MgBr2।১২

এককৰ সন্মানাৰ্থে কিছুসংখ্যক ৰসায়নবিদে ২৩ অক্টোবৰৰ দিনটো ম'ল দিৱস হিচাপে উদ্‌যাপন কৰে, আনহাতে অন্য কিছুসংখ্যকে ৬ ফেব্ৰুৱাৰী আৰু ২ জুনত পালন কৰে।

তথ্যসূত্ৰ

  1. ↑ Wang, Yuxing; Bouquet, Frédéric; Sheikin, Ilya. (2003). Specific heat of MgB2 after irradiation. Journal of Physics: Condensed Matter. পৃ. 883–893
  2. ↑ Lortz, R.; Wang, Y.; Abe, S. (2005). Specific heat, magnetic susceptibility, resistivity and thermal expansion of the superconductor ZrB12. Phys. Rev. B. পৃ. 024547

সম্পৰ্কিত শ্ৰেণী

জোখ-মাখৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম'ল” প্ৰবন্ধৰ সংশোধন ১৭৩০১১ (১০ জানুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।