জোখ-মাখৰ একক
১৩ প্ৰবন্ধ
-
মিটাৰ
মিটাৰ (আন্তৰ্জাতিক বানান metre বা আমেৰিকান বানান meter) গ্ৰীক বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে "measure" "জোখ লোৱা", হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m। শূন্যস্থানত পোহৰে ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।
-
এম্পিয়াৰ
এম্পিয়াৰ(A) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।
-
জুল
জুল (ইংৰাজী: Joule) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)।
-
কুলম্ব
কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।
-
আলোক-বৰ্ষ
এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly) মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।
-
বিঘা
বিঘা মাটিৰ কালি জোখৰ এটা একক। এই একক প্ৰধানতঃ নেপাল,বাংলাদেশ আৰু ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান আৰু অসমত ব্যৱহাৰ কৰা হয়। 'বিঘা'ৰ মান্য জোখৰ অঞ্চল বিশেষে ভিন্নতা আছে। উৎস বিশেষে ১,৫০০ পৰা ৬,৭৭১ বৰ্গমিটাৰত এক বিঘা হয় বুলি পোৱা যায়।
-
ম'ল
ম'ল হৈছে আন্তৰ্জাতিক একক পদ্ধতিত (SI) কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানৰ আধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰ ৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত (১২C, কাৰ্বনৰ আইছ'টপ) থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেক্ট্ৰ'ন, অথবা ফ'টনৰ সম সংখ্যক কণিকা থাকে, সেই পৰিমানকে এক ম'ল…
-
ভল্ট
ভল্ট(V) হৈছে বৈদ্যুতিক বিভৱ, বিভৱভেদ আৰু বিদ্য়ুৎবাহক বলৰ একক।
-
লিটাৰ
লিটাৰ (ইংৰাজীত Litre বা Liter) হ'ল মেট্ৰিক পদ্ধতিত আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান (দশমিক পদ্ধতিত সমগ্ৰ পৃথিৱীতে ওজন, দৈৰ্ঘ্য পৰিমাপ কৰা হয়, এয়াই মেট্ৰিক পদ্ধতি)।
-
ওম
ওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।
-
নট
নট (Knots) জাহাজৰ গতিৰ একক। এখন জাহাজ বা আন জলযানে এঘণ্টাত ৬০৭৬১২ ফুট বা ১৮৫২ মিটাৰ বা ১.৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলে তাক এক নট (1 Nautical Mile) বুলি জোখা হয়।
-
ফাৰেনহাইট
ফাৰেনহাইট হ'ল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে।
-
বাইট
বাইট অংকীয় জ্ঞানৰ একক, যি ৮ বিটৰ সমান। ঐতিহাসিকভাৱে এক বাইট পৰিকলন যন্ত্ৰত ১ আখৰ বা সংখ্যা প্ৰৱেশ কৰিবলৈ প্ৰয়োজনীয় বিটৰ পৰিমাণ। সেয়ে বহুতো পৰিকলন ব্যৱস্থাত বৰ্তমান ১ বাইটেই ঠিকনাযুক্ত সৰ্বনিম্ন জ্ঞানৰ পৰিমাণ। পূৰ্বতে বাইটৰ আকাৰ হাৰ্ডৱেৰৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু বাইটৰ নিৰ্দিষ্ট জোখ নাছিল।