অসমৰ বঁটাসমূহ
১৪ প্ৰবন্ধ
-
শ্ৰীমন্ত শংকৰদেৱ বঁটা
শ্ৰীমন্ত শংকৰদেৱ বঁটা অসম চৰকাৰে ১৯৮৬ চনৰ পৰা প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক সন্মান। সাহিত্য, কলা, সংস্কৃতি আৰু সাংবাদিকতাত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক দিয়া এই বঁটাৰ প্ৰথম প্ৰাপক কীৰ্তিনাথ হাজৰিকা আৰু শেহতীয়া প্ৰাপক সোণাল মানসিং।
-
অসম গৌৰৱ বঁটা
অসম গৌৰৱ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। তিনি লাখ টকা আৰু গায়ন-বায়ন অংকিত পদকযুক্ত এই বঁটাই কৃষক, শিল্পী, খেলুৱৈ, স্বাস্থ্যকৰ্মী, উদ্যোগী আৰু সংৰক্ষণকৰ্মীৰ দৰে তৃণমূল পৰ্যায়ৰ নায়কসকলক স্বীকৃতি দিয়ে।
-
অসম সৌৰভ বঁটা
অসম সৌৰভ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। চাৰি লাখ টকা আৰু শৰাই অংকিত পদকযুক্ত এই বঁটা বিজ্ঞান, ক্ৰীড়া, কলা, সংগীত আৰু লোকসেৱাৰ বহু কৃতী লোকে লাভ কৰিছে।
-
অসম ৰত্ন
অসম ৰত্ন অসম চৰকাৰে ২০০৮ বৰ্ষৰ পৰা প্ৰদান কৰা ৰাজ্যিক অসামৰিক সন্মান, যিটো দীৰ্ঘদিন ধৰি অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে গণ্য হৈছিল। ইয়াৰ তিনিজন প্ৰাপক হ'ল ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী আৰু জিতেন্দ্ৰনাথ গোস্বামী।
-
অসম বৈভৱ বঁটা
অসম বৈভৱ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাধাৰণতে বছৰি এগৰাকী ব্যক্তিক দিয়া এই বঁটাত পাঁচ লাখ টকা, প্ৰশস্তিপত্ৰ আৰু হোলোং পাতত জাপি অংকিত পদক থাকে। প্ৰথম প্ৰাপক ৰতন টাটা।
-
প্ৰণৱ বৰুৱা শিল্পী বঁটা
প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষক প্ৰদান কৰা এটা বঁটা। প্ৰয়াত যশস্বী শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটাৰ প্ৰদান কৰা হয়।
-
ৰেনেছাঁ অসম বঁটা
ৰেনেছাঁ অসম বঁটা হৈছে ২০১২ চনৰপৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এক বঁটা। অসমৰ সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে নগাঁৱৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আৰু ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ ২৫,০০০ টকা, স্মাৰক আৰু অন্যান্য।
-
আজান পীৰ বঁটা
আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।
-
অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু সন্মান
১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।
-
মোহন ভাইৰা বঁটা
মোহন ভাইৰা বঁটা (Mohan Bhaira Memorial Award) সদৌ অসম ছাত্ৰ সন্থাৰ নালবাৰী শাখা আৰু নলবাৰী জিলা উন্নতি সভায়ে প্ৰদান কৰা বাৰ্ষিক বঁটা। সংগীত নাটক একাডেমী বঁটা বিজয়ী ভাওনা শিল্পী মোহন চন্দ্ৰ বৰ্মন, জনপ্ৰিয় ভাবে মোহন ভাৱৰীয়া বা মোহন ভাইৰাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ১ ফেব্ৰুৱাৰীত এই বঁটা…
-
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিলৈ সন্মান জনাই আগবঢ়োৱা এক বঁটা৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০১৪ চনৰ পৰা পণ্ডিত শশীচন্দ্ৰ বৰবৰুৰা ন্যাসে এই বঁটাৰ প্ৰৱৰ্ত্তন কৰে৷ এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকা,…
-
অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ
এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷
-
বীৰাঙ্গনা মূলাগাভৰু বঁটা
জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি…
-
মায়াবন সাহিত্য বঁটা
মায়াবন সাহিত্য বঁটা (Mayaban Sahitya Award) হ'ল প্ৰসিদ্ধ সাহিত্যিক ৰীতা চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী ৰূপা চৌধুৰীৰ স্মৃতিত প্ৰৱৰ্তিত অসমীয়া সাহিত্য জগতৰ এক বঁটা। এই বঁটা ২০২২ চনত মাৰ্ঘেৰিটাত আয়োজন কৰিবলৈ লোৱা মায়াবন উৎসৱত প্ৰদান কৰা হ’ব।