অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাচাটি গণ ধৰ্ষণ

তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ ভাচাটি গাঁৱত ১৯৯২ চনৰ ২০ জুন তাৰিখে ১৫৫ জন বনকৰ্মী, ১০৮ জন আৰক্ষী আৰু ছয়জন ৰাজহ বিষয়াৰ এটা দলে জনজাতীয় প্ৰধান ভাচাটি গাঁৱত প্ৰৱেশ কৰি চোৰাং চন্দন কাঠ আৰু বীৰপ্পানৰ বিষয়ে তথ্য সংগ্ৰহ কৰে।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ৪২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ ভাচাটি গাঁৱত ১৯৯২ চনৰ ২০ জুন তাৰিখে ১৫৫ জন বনকৰ্মী, ১০৮ জন আৰক্ষী আৰু ছয়জন ৰাজহ বিষয়াৰ এটা দলে জনজাতীয় প্ৰধান ভাচাটি গাঁৱত প্ৰৱেশ কৰি চোৰাং চন্দন কাঠ ১ আৰু বীৰপ্পানৰ বিষয়ে তথ্য সংগ্ৰহ কৰে।২ তালাচী চলোৱাৰ অজুহাতত দলটোৱে গাঁৱৰ মানুহৰ সম্পত্তি লুটপাত কৰে, ঘৰ ধ্বংস কৰে, গৰু-ম’হ হত্যা কৰে, প্ৰায় ১০০ গাঁৱৰ লোকক আক্ৰমণ কৰে আৰু ১৮ গৰাকী মহিলাক ধৰ্ষণ কৰে।৩

আদালতৰ নিৰ্দেশৰ পিছত চিবিআইয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰে, যিটো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰিসৰতো আছিল।৪ ২০১১ চনৰ ২৯ ছেপ্টেম্বৰত ভাৰতৰ এখন বিশেষ আদালতে SC-ST Prevention of Atrocities আইনৰ অধীনত ২৬৯ গৰাকী অভিযুক্ত বিষয়াক আৰু ইয়াৰে ১৭ জনক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত কৰে। দোষী সাব্যস্ত হোৱাৰ সময়লৈকে মূল অভিযুক্তসকলৰ ভিতৰত ৫৪ জনৰ মৃত্যু হৈছিল; বাকী ২১৫ জনক কাৰাদণ্ড বিহা হয়।৫

পৃষ্ঠভূমি

তামিলনাডু ৰাজ্যৰ ৰাজধানী চেন্নাইৰ পৰা ৩০০ কিলোমিটাৰ (১৯০ মাইল) দূৰত্বত অৱস্থিত ধৰ্মপুৰী জিলাৰ এখন গাঁও হৈছে ভাচাটি। ১৯৯২ চনৰ জুন মাহৰ ভিতৰত বেছিভাগ জনজাতীয় গাঁওবাসীয়ে বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক গাঁওখনত প্ৰৱেশ কৰাত বাধা দিছিল। গাঁওবাসীয়ে চন্দন কাঠ সৰবৰাহ আৰু কুখ্যাত বন ডকাইত বীৰপ্পানক সহায় কৰা বুলি অভিযোগ উত্থাপন কৰে। সন্ধিয়াৰ ভাগত ১৫৫ জন বনকৰ্মী, ১০৮ জন আৰক্ষী আৰু ৬ জন ৰাজহ বিষয়া হৈ ২৬৯ জন বিষয়াই গাঁওখনত অভিযান চলাই গছৰ তললৈ গাঁওবাসীক লৈ যায়। গাঁওখনৰ এশজন পুৰুষক নৃশংসভাৱে নিৰ্যাতন চলোৱাৰ বিপৰীতে ১৮গৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰে। দুদিন ধৰি এই অভিযান চলি থাকিল আৰু গাঁওখন ধ্বংস কৰি পেলোৱা হয়।৬

পৰীক্ষণ

ধৰ্মপুৰী প্ৰধান জিলা আদালতত এই কাণ্ডৰ গোচৰ হয়। ১৫৫ জন বনকৰ্মী, ১০৮ জন আৰক্ষী, আৰু ৬ জন ৰাজহ বিষয়া জড়িত হৈ থকা এই গোচৰত ২৬৯ জন অভিযুক্ত আছিল। আটাইকেইজন অভিযুক্তকে ২০১১ চনৰ ২৯ ছেপ্টেম্বৰত শাস্তি প্ৰদান কৰা হৈছিল। ২৬৯ জনৰ ভিতৰত ৫৪ জনৰ বিচাৰৰ সময়ত মৃত্যু হৈছিল। বাকী ২১৫ জনৰ ভিতৰত ১২৬ জন বন বিভাগৰ, ৮৪ জন আৰক্ষী, আৰু ৫ জন ৰাজহ বিষয়া। ১৭ জন ধৰ্ষণকাৰীৰ ভিতৰত ১২ জনক ১৭ বছৰৰ কাৰাদণ্ড আৰু ৫ জনক ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। বাকী অভিযুক্তসকলক এবছৰৰ পৰা দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ১৯৯৫ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গোচৰটোৰ তদন্ত কৰি ২৬৯ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল, য’ত তেতিয়াৰ প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ), এম হৰিকৃষ্ণন, বন সংৰক্ষক পি মুথাইয়ান আৰু এল নাথান আৰু জিলা বন বিষয়া এছ বালাজীয়ে মহিলাসকলৰ ওপৰত নিৰ্মমভাৱে গোট খেদি ফুৰাৰ বাবে অভিযোগনামা দাখিল কৰিছিল।৭৮

পৰৱৰ্তী পৰিণতি

তিনি বছৰ ধৰি আৰক্ষীয়ে এই গোচৰটো মানি ল'বলৈ সাজু নাছিল আৰু তেতিয়াৰ ৰাজ্যিক মন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি গাঁওবাসীক ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰিছিল। ২০১৪ চনৰ ১২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে সকলো ভুক্তভোগীক ১২.২ লাখ টকা ক্ষতিপূৰণৰ প্ৰস্তাৱ দিছিল। ১৯৯৯ চনত দাখিল কৰা অভিযোগনামাত খচৰা প্ৰস্তুত কৰা ১০৫ জন গাঁৱৰ প্ৰতিজনৰ বাবে অতিৰিক্ত ৬০,০০০ টকা আবণ্টন দিয়া হৈছিল। ২০১২ চনৰ নৱেম্বৰৰ ভিতৰত আদালতে অভিযোগনামা বাতিল কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ Dorairaj, S. (22 October 2011). Justice for Vachathi. Frontline
  2. ↑ (29 September 2011). TN: 19 yrs on, 215 guilty of atrocities on tribals. Hindustan times
  3. ↑ India abuse: Scores guilty of Dalit rape and torture
  4. ↑ (29 September 2011). 1992 Vachati mass rape case: 215 forest personnel held guilty, nine for rape. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ 215 sentenced to jail in Vachathi case
  6. ↑ Bedi, Rahul. (1 October 2011). 215 police and officials jailed for violent attack on village 19 years ago. The Irish Times
  7. ↑ (29 September 2011). All 269 guilty in Vachathi mass rape, assault case (Second Lead). Hindustan Times
  8. ↑ (29 September 2011). 17 Indian officials convicted of raping villagers. Online
  9. ↑ (13 September 2014). Compensation for 77 Vachathi victims. The Hindu

সম্পৰ্কিত শ্ৰেণী

নাৰীৰ বিৰুদ্ধে হিংসাধৰ্ষণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাচাটি গণ ধৰ্ষণ” প্ৰবন্ধৰ সংশোধন ৪৮৬৮৮০ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।