অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মু'ঙ

মু'ঙ (,আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐,থাই ভাষা: เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း,ইংৰাজী: Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ৪১৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মু'ঙ (,টাই-আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐,থাই ভাষা: เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း,ইংৰাজী ভাষা: Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাউচ, ম্যানমাৰ, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে। টাইসকলৰ পৰম্পৰাগত ৰাজ্য সমূহক মু'ঙ বুলি কোৱা হয়। অসমৰ নামো টাই আহোম ভাষাত মু'ঙ দন চ'ণ খাম (𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) হয়।

উৎপত্তি

মু'ঙ সমূহ প্ৰাচীন ৰাজকীয় ভূমি আছিল যত একোজনকৈ চাওফাই শাসন কৰিছিল। ই সাধাৰণতে গড়ে আৱৰা হয় আৰু কেইবাখনো গাঁও লগ হৈ নিৰ্মিত কৰা হৈছিল। .১২৩ থাইলেণ্ডত যথেষ্ট শক্তিশালী মু'ঙ (সাধাৰণত চিয়াং, উইং, নাখোন বা ক্ৰুং নামে পৰিচিত - ব্যাংককেৰ সাথে ক্ৰুং থিপ মহা নাখোঁ নামে পৰিচিত) গঠিত হৈছিল। প্ৰাচীন চীনত শক্তিশালী মমু'ঙ সমূহ ঠন ধৰি উঠিছিল যি সেইসময়ৰ শক্তিশালী চীনা মিঙ সাম্ৰাজ্যক আগুৰি আছিল। ১২৫৪ খ্ৰীষ্টাব্দত শান ৰাজ্য আৰু দাঁতিকাষৰীয়া এলেকা সমূহত বিস্তাৰিত ভাবে নতুন মু'ঙ সমূহ টাই সকলৰ প্ৰবজনৰ বাবে প্ৰতিষ্ঠা হৈছিল। মু'ঙ সামাজিক প্ৰথা প্ৰাচীন চীনা সাম্ৰাজ্য মিং আৰু চিং-যুগৰ বুলি অনুমান কৰা হয়। উনৈছ শতিকাত থাইলেণ্ডৰ ৰাজবংশ আৰু বাৰ্মাৰ ঔপনিবেশিক আৰু পৰবৰ্তী সামৰিক শাসক সকলে মু'ঙ প্ৰথাৰে ৰাজকাৰ্য চলাইছিল যাৰ ফলত এতিয়াও ঠাইসমূহত মু'ঙ শব্দ ব্যৱহাৰ কৰা হয়। অসমৰ বুৰঞ্জীটো মু'ঙ ৰ যথেষ্ট মহত্ব আছে। আহোম ৰাজ্য বা মু'ঙ ডোন চোন খাম এই মু'ঙ সামাজিক প্ৰথাৰ দ্বাৰা পৰিচালিত আছিল। নামনি অসমক মু'ঙ -ক্লা বুলি কোৱা হৈছিল বুলি কিছু বিদ্বানে কয়।

বিভিন্ন দেশৰ মু'ঙ সমূহৰ নাম

দক্ষিণ-পশ্চিম টাইভাষা সমূহত মু'ঙ সমূহৰ নাম ৰখা হৈছিল।

উত্তৰ-পূৰ্বাঞ্চল

  • আহোম ৰাজ্য ১২১৮ খ্ৰীষ্টাব্দত সৌমাৰ খণ্ডত টাই ৰাজকোঁৱৰ চাওলুং চুকাফা ৰয় তেখেতৰ লগত বৰ্তমান চীন দেশৰ দেহং ডাই চিপচংপান্না আৰু ৰুইলীৰ পৰা মু'ঙ মাও হৈ অহা ৯০০০ টাই লোকে মু'ঙ ডুন চোন খাম গঠন কৰিছিল যি পিছলৈ আহোম ৰাজ্য বা অসম ৰাজ্য বুলি পৰিচিত হৈছিল। সোঁতৰ শতিকাত মু'ঙ খনে এটা বৃহৎ আকাৰৰ অঞ্চল আগুৰি লৈছিল আৰু মোগলকো ভেটা দিবলৈ সক্ষম হৈছিল।

চীন

  • মু'ঙ হাই
  • মু'ঙ মাও
  • মু'ঙ হুন
  • মু'ঙ লিয়ান
  • মু'ঙ চা
  • মু'ঙ চিয়াং লো
  • মু'ঙ হিং
  • মু'ঙ চিয়াং নুয়া
  • মু'ঙ ফং
  • মু'ঙ ওয়েন
  • মু'ঙ ম্যাং
  • মু'ঙ নুন
  • মু'ঙ ইউয়ান
  • মু'ঙ নাগাত

লাওছ

লাওছ দেশক মু'ঙ লাও বুলিও কোৱা হয়।

  • মু'ঙ ছিং
  • মু'ঙ জা
  • মু'ঙ ফুয়ান
  • মু'ঙ ছ্যু

ম্যানমাৰ

  • মু'ঙ মাও
  • মু'ঙ হাছাত
  • মু'ঙ হেপায়েক
  • মু'ঙ টন
  • মু'ঙ নাই
  • মু'ঙ পিং
  • মু'ঙ গাং

থাইল্যান্ড

থাইলেণ্ডক মু'ঙ থাই বুলিও কোৱা হয়। নাখোঁ মু'ঙ

বুড়ি মু'ঙ

ভিয়েতনাম

  • মু'ঙ চা
  • মু'ঙ লা
  • মু'ঙ লে
  • মু'ঙ লেট
  • মু'ঙ খুং
  • মু'ঙ নেহে
  • মু'ঙ তে
  • মু'ঙ থানহ

লগতে চাওক

উৎস প্ৰসংগ

তথ্যসূত্ৰ

  1. ↑ Terwiel, Barend Jan. (1983). Ahom and the Study of Early Thai Society. Siamese Heritage Trust. পৃ. image 4
  2. ↑ Vickery, Michael. (1995). Piltdown3: Further Discussion of The Ram Khamhaeng Inscription. Siam Heritage Trust. পৃ. image 11
  3. ↑ Wyatt, D.K. (1991). The Ram Khamhaeng Controversy. The Siam Society

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যপ্ৰাচীন বিশ্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মু'ঙ” প্ৰবন্ধৰ সংশোধন ৪৭৬৭২৯ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।