সমালোচক
১৪ প্ৰবন্ধ
-
নয়ন প্ৰসাদ
নয়ন প্ৰসাদ (Nayan Prasad) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ সাংবাদিক-আলোচক প্ৰযোজক, পৰিচালক আৰু অভিনেতা৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰত এগৰাকী শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা নয়ন প্ৰসাদে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটৰ সদস্যৰূপে চাৰি বছৰ কাৰ্যনিৰ্বাহ কৰে৷ তেখেতে অসমৰ দৈনিক কাকত আৰু আলোচনীত…
-
ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী
ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী ( Ranjit Kumar Dev Goswami; জন্ম:২১ ছেপ্টেম্বৰ, ১৯৫১ চন) অসমৰ এগৰাকী লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক। সত্তৰৰ দশকত শংকৰদেৱৰ হৰমোহনৰ আলোচনাৰে তেওঁ বিদ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
মুনীন বায়ন
মুনীন বায়ন অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, চিন্তাশীল লেখক, সাহিত্য সমালোচক তথা চলচ্চিত্ৰ সমালোচক। অসমৰ সমাজ-জীৱন, সাহিত্য, বিশ্ব ৰাজনীতি তথা সামাজিক দৰ্শনৰ ওপৰত কৰা মাৰ্গদৰ্শক আলোচনাৰ বাবে অসমীয়া বৌদ্ধিক মহলত তেওঁ বিশেষভাৱে পৰিচিত।
-
অৰুণলোচন দাস
অৰুণলোচন দাস(Arunlochan Das) হৈছে অসম, ভাৰতৰ এগৰাকী চিত্ৰ-সাংবাদিক আৰু সমালোচক৷ ১৯৭৬ চনতে কৰ্মজীৱনৰ পাতনি মেলা অৰুণলোচন দাসে পৰৱৰ্তী সময়ত অসমৰ বহুতসংখ্যক কাকত-আলোচনীত চলচ্চিত্ৰ সম্পৰ্কীয় ভালেমান লেখা-মেলা কৰে৷ 'অৱকাশ', 'কাদম্বৰী', 'চিত্ৰ সংবাদ' আদি একাধিক কাকত-আলোচনীৰ সম্পাদনাৰ লগতো তেখেত জড়িত…
-
উইলিয়াম ডালৰিম্পল
উইলিয়াম বেনেডিক্ট হেমিল্টন-ডালৰিম্পল (William Benedict Hamilton-Dalrymple; জন্ম: ২০ মাৰ্চ ১৯৬৫) এজন স্কটিছ ইতিহাসবিদ আৰু শিল্প ইতিহাসবিদ৷ ইয়াৰ লগতে তেওঁ এজন কিউৰেটৰ, সম্প্ৰচাৰক আৰু সমালোচক। প্ৰতি বছৰে তেওঁ নটা মাহ ভাৰতত থকা ছাগলীৰ পামত কটায়।
-
আমিনা আল আদৱান
আমিনা আল আদৱান,(Amina Al Adwan) এগৰাকী জৰ্ডানৰ লেখিকা, কবি আৰু সমালোচক। জৰ্ডানৰ লেখক সংস্থাৰ অন্যতম প্ৰতিষ্ঠাপক। সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰিছিল আৰু আফকাৰ আলোচনী, Swt Algeel magazine আৰু ফুনুন আলোচনীৰ মুখ্য সম্পাদক আছিল।
-
এঞ্জেলা বিয়াঞ্চিনি
এঞ্জেলা বিয়াঞ্চিনি ( ২১ এপ্ৰিল ১৯২১ – ২৭ অক্টোবৰ ২০১৮) ইহুদী বংশৰ এজন ইটালীয় কল্পকাহিনী লেখক আৰু সাহিত্য সমালোচক আছিল। ইটালীত ডাঙৰ-দীঘল হোৱা এঞ্জেলাই মুছলিনীৰ মুকলিকৈ ইহুদী বিৰোধী বৰ্ণ আইন প্ৰণয়ন হোৱাৰ পিছত ১৯৪১ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰে।
-
পেট্ৰিচিয়া ক্ৰেগ
পেট্ৰিচিয়া ক্ৰেগ (জন্ম ১৯৪০)) উত্তৰ আয়াৰলেণ্ডৰ এগৰাকী লেখিকা, সংকলনবিদ আৰু সাহিত্য সমালোচক, কাউণ্টি এণ্ট্ৰিমৰ এণ্ট্ৰিমত বাস কৰে।
-
ফিৰদৌচ আজিম
ফিৰদৌচ আজিম (Firdous Azim) ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষাৰ অধ্যাপিকা, এগৰাকী সাহিত্য সমালোচক আৰু এগৰাকী মহিলা অধিকাৰ কৰ্মী। ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু মানৱীয় বিভাগৰ অধ্যক্ষ। তেওঁ নাৰিপখোৰ সদস্য।
-
হাইদৰ হুছেইন
হাইদৰ হুছেইন অসমৰ এগৰাকী সাংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বুলি জনাজাত হুছেইন বিজ্ঞানমনস্ক ব্যক্তি হোৱাৰ লগতে তেওঁ সমাজৰ পৰা কুসংস্কাৰ-কুপ্ৰথা আঁতৰাবলৈ নিজে এগৰাকী বিধবা নাৰীক বিবাহ কৰাই সমাজলৈ আদৰ্শ ৰাখি থৈছে। অসমৰ সাংবাদিকতাৰ জগতখনত হুছেইন অতি প্ৰখ্যাত।
-
হুমায়ুন আজাদ
হুমায়ুন আজাদ (Humayun Azad, ২৮ এপ্ৰিল ১৯৪৭ – ১২ আগষ্ট ২০০৪) এজন বাংলাদেশী কবি, ঔপন্যাসিক, চুটিগল্প লেখক, সমালোচক, ভাষাবিদ, স্তম্ভলেখক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৮৬ চনত বাংলা ভাষাবিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বাংলা একাডেমী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
-
ৰমেশ চন্দ্ৰ কলিতা
ৰমেশ চন্দ্ৰ কলিতা (Ramesh Chandra Kalita) হৈছে এজন ইতিহাসবিদ, অধ্যাপক, লেখক, পাঠ্যপুথি ৰচক আৰু সম্পাদক। তেওঁ ভাৰত আৰু অসমৰ ইতিহাস বিষয়ক বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে। তেখেতে তেজপুৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।
-
ৰশ্মিলা ভট্টাচাৰ্য
ৰশ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয় সাংবাদিক, লেখিকা আৰু সম্পাদিকা, যিয়ে ২০১৩ চনৰ পৰা দ্য টাইমছ গ্ৰুপৰ প্ৰকাশন মুম্বাই মিৰ’ৰৰ বাবে কাম কৰি আহিছে। ১৯৮০ চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰি হিন্দুস্তান টাইমছ, দ্য এছিয়ান এজ, দ্য টাইমছ অৱ ইণ্ডিয়া আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকত আৰু ফিল্মফেয়াৰ, স্ক্ৰীণ আৰু…
-
ৰেজা আল্লামেজাদেহ
ৰেজা আল্লামেজাদেহ (ফাৰ্চী:رضا علامهزاده) হৈছে নেদাৰলেণ্ডত বসবাস কৰা ইৰাণত জন্মগ্ৰহণ কৰা এজন ডাচ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু লেখক। তেওঁ মূলতঃ শৰণাৰ্থীসকলৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ যেনে দ্য গেষ্টছ অৱ হোটেল এষ্টোৰিয়া (১৯৮৮) আৰু ইৰাণৰ ইছলামিক শাসন-ব্যৱস্থাৰদ্বাৰা ইউৰোপত বিৰোধী নেতাসকলক…