অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপ্তি নাভাল

দীপ্তি নাভাল (Deepti Naval; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৫২) এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, পৰিচালক আৰু লেখিকা, তেওঁ প্ৰধানকৈ হিন্দী চিনেমাত সক্ৰিয়। আৰ্ট চিনেমাৰ ক্ষেত্ৰত তেওঁৰ প্ৰধান অৱদান, ভাৰতত নাৰীৰ পৰিৱৰ্তিত ভূমিকাক গুৰুত্ব দিয়া আৰু ‘জীৱনক চুই যোৱা’ স্পৰ্শকাতৰ চৰিত্ৰসমূহৰ বাবে তেওঁ সমালোচকৰ…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫২৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দীপ্তি নাভাল (Deepti Naval; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৫২) এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, পৰিচালক আৰু লেখিকা, তেওঁ প্ৰধানকৈ হিন্দী চিনেমাত সক্ৰিয়।১

আৰ্ট চিনেমাৰ ক্ষেত্ৰত তেওঁৰ প্ৰধান অৱদান, ভাৰতত নাৰীৰ পৰিৱৰ্তিত ভূমিকাক গুৰুত্ব দিয়া আৰু ‘জীৱনক চুই যোৱা’ স্পৰ্শকাতৰ চৰিত্ৰসমূহৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসাও লাভ কৰিছে। হিন্দী চলচ্চিত্ৰৰ প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী হিচাপে তেওঁৰ নাম লোৱা হয়৷২

প্ৰাৰম্ভিক জীৱন

১৯৫২ চনৰ ৩ ফেব্ৰুৱাৰীত ভাৰতৰ পূব পঞ্জাৱৰ অমৃতসৰত দিপ্তী নাভালৰ জন্ম৩ হৈছিল যদিও ১৯৭১ চনত তেওঁৰ পিতৃয়ে নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিত শিক্ষকতাৰ চাকৰি লাভ কৰাৰ পিছত তেওঁ পিতৃৰ লগতে নিউয়ৰ্ক চহৰলৈ গুচি যায়।২ হাণ্টাৰ কলেজত নাভালে সুকুমাৰ কলা বিষয়ত অধ্যয়ন কৰিছিল।৪

অভিনয় জীৱন

১৯৭৮ চনত শ্যাম বেনেগালৰ ছবি জুনুনৰ জৰিয়তে নাভালে ছবি জগতত প্ৰৱেশ কৰে। দুবছৰৰ পিছত তেওঁ এক বাৰ ফিৰ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।৪ স্মিতা পাটিল আৰু শ্বাবানা আজমীৰ সৈতে তেওঁ ১৯৮০ চনত “Parallel cinema’’ত কামলা (১৯৮৪) আৰু আনকহী(১৯৮৫)ৰ দৰে ছবিত অভিনয় কৰি অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰে।৫

“চছমে বদ্দুৰ’’ চিনেমাৰ বিশেষ দৰ্শনীত, ২০১৩]]

১৯৮১ চনত চছমে বদ্দুৰ ৰ পৰা আৰম্ভ কৰি তেওঁ প্ৰায়ে ফাৰুক শ্বেখৰ সৈতে বহু ছবিত অভিনয় কৰিছিল আৰু ১৯৮০ চনৰ আৰম্ভণিৰ পৰা তেওঁলোকে চছমে বদ্দুৰ, সাথ সাথ, কিছি ছে না কেহনা, কথা, ৰং বিৰংগী আৰু ফাছলেৰ দৰে ছবিৰে এক আইকনিক অন-স্ক্ৰীণ দম্পতীত পৰিণত হৈছিল। তিনিটা দশকৰ পাছত তেওঁলোকে টেল মি অ’ খুদা (২০১১) ছবিখনত পুনৰ একত্ৰিত হয়। তেওঁলোকৰ একেলগে শেষৰখন ছবি আছিল লিষ্টেন... আমায়া, যি ২০১৩ চনত মুক্তি পাইছিল আৰু সেই বছৰতে শ্বেখৰ মৃত্যু হৈছিল।৬

১৯৮০ চনত তেওঁ ছবিত অতি সক্ৰিয় আছিল যদিও নব্বৈৰ দশকত তেওঁৰ কেৰিয়াৰৰ গতি লেহেমীয়া হৈছিল, ফলত তেওঁ অন্য শিল্পকৰ্মৰ সন্ধান কৰিছিল।৫ ২০০০ চনত তেওঁ সামাজিক নাটকৰ অভিনয়লৈ ঘূৰি আহিছিল আৰু বাৱন্দৰ আৰু ফিৰাকৰ দৰে সামাজিক নাটক কৰিছিল আৰু লীলা(২০০২ চনৰ ছবি) Memories in March(২০১০) আৰু শুন... আমায়া(২০১৩) ছবিৰ চৰিত্ৰৰ বাবে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।৭ ২০০৭ চনৰ লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ স্মৃতি বঁটাও লাভ কৰে।৮

বহু হিন্দী চিনেমাত অভিনয় কৰাৰ উপৰি নাভালে অন্যান্য ভাৰতীয় ভাষাতো অভিনয় কৰিছিল, যেনে, মাৰ্হি দা দীৱা আৰু মানে ১৯৯০ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ক্ৰমে পাঞ্জাবী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি আৰু কানাড়া ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বঁটা লাভ কৰিছিল।৯ পৰিচালক সঞ্জয় নাগৰ নেতৃত্বত এখন বাংলা ছবিত তেওঁ অভিনয় কৰিব লাগিছিল যদিও ছবিখনৰ - মেম'ৰিজ ইন মাৰ্চ - অৱশেষত ইংৰাজী ভাষাত শ্বুটিং কৰা হয়।১০ তেওঁ ওড়িয়া চিনেমা ই সংঘৰ্ষ (১৯৯০)তো অভিনয় কৰিছে।

নাভালে টিভিত কেইখনমান টেলিফিল্ম আৰু ধাৰাবাহিক যেনে সৌদা (১৯৯২), তনাৱ’ (১৯৯৪) বা মুকাম্মল (২০০৩) আদিৰ জৰিয়তে সক্ৰিয় হৈ আছে৷। ২০১১ চনত কালাৰ্ছ টিভিত মুক্তি বন্ধন নামৰ দৈনিক ধাৰাবাহিক এখনৰ জৰিয়তে তেওঁ ঘূৰি আহিছিল।১১ ২০১৫ চনত কাব্যিক মঞ্চ অনুষ্ঠান এক মুলাকাতৰ জৰিয়তে তেওঁ নাট্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে, য'ত তেওঁ বিখ্যাত পাঞ্জাবী লেখিকা অমৃতা প্ৰীতমৰ চৰিত্ৰত অভিনয় কৰে।১২

২০১৯ চনত জয়া আখতাৰৰ পৰিচালনাত আমাজন প্ৰাইমৰ ৱেব চিৰিজ মেড ইন হেভেনৰ এটা খণ্ডত অভিনয় কৰিছিল নাভালে৷

অন্যান্য কাম

মনীষা কৈৰালা আৰু ৰজিত কাপুৰ অভিনীত দো পেইছে কী ধূপ, চাৰ আনে কি বাৰীশ ছবিৰে নাভালে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ ২০১৯ চনত নেটফ্লিক্সত মুক্তি পোৱা ২০০৯ চনৰ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত১৩ এই ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে।১৪ তেখেতে শক্তিশালী মহিলা চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মিত টিভি ধাৰাবাহিক থোড়া ছা আছমানৰ কাহিনী লিখে আৰু পৰিচালনা কৰে আৰু দ্য পাথ লেছ ট্ৰেভেল্ড নামৰ এটা ভ্ৰমণ অনুষ্ঠান প্ৰযোজনা কৰে।৪

হিন্দী ভাষাৰ প্ৰথম নিৰ্বাচিত কবিতা লম্হা লম্হা ১৯৮৩ চনত প্ৰকাশ পায়। ২০০৪ চনত “মপিনলিটে’’ ক'লা বতাহ আৰু অন্যান্য নামৰ নতুন কবিতা সংকলন প্ৰকাশ কৰে।৪ নাভাল ২০১১ চনত প্ৰকাশিত চুটিগল্প সংকলন দ্য মেড টিবেটানৰো লেখক।১৫

নাভাল এগৰাকী চিত্ৰশিল্পী আৰু ফটোগ্ৰাফাৰো আছিল আৰু তেওঁৰ কৃতিত্ব কেইবাখনো প্ৰদৰ্শনীত প্ৰকাশ পাইছে। চিত্ৰশিল্পী হিচাপে তেওঁৰ কামৰ ভিতৰত বিতৰ্কিত গৰ্ভৱতী নান অন্যতম।১৬ কন্যা সন্তানৰ শিক্ষাৰ বাবে তেওঁৰ প্ৰয়াত সংগীৰ স্মৃতিত স্থাপন কৰা “বিনোদ পণ্ডিত চেৰিটেবল ট্ৰাষ্ট’’ও তেওঁ পৰিচালনা কৰে।১৭

ব্যক্তিগত জীৱন

নাভালৰ বিবাহ চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝাৰ সৈতে হৈছিল আৰু দুয়োৰে এগৰাকী তোলনীয়া কন্যা দিশ ঝা আছে।১৬ পিছলৈ পণ্ডিত যছৰাজৰ ভতিজা প্ৰয়াত বিনোদ পণ্ডিতৰ সৈতে নাভালৰ সম্পৰ্ক হৈছিল।১৮ ২০১০ চনৰ তথ্যমতে তেওঁ এগৰাকী আমেৰিকান নাগৰিক।১৯

পেইন্টিং আৰু ফটোগ্ৰাফীৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছে।

বঁটা

  • ১৯৮৮ চনত বংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটা, শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী, ছবি মিৰ্চ মছলা
  • ২০০৩ চনত কৰাচী চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা৷৭
  • ২০১২, ইমাজিন ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ(স্পেইন)ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
  • ২০১৩, নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা২০

তথ্যসূত্ৰ

  1. ↑ Mankermi, Shivani. Exclusive! Deepti Naval: Character actors are now the big stars - Times of India. The Times of India
  2. ↑ (28 July 2022). Actor Deepti Naval traces her life beyond the movies in her new memoir. The Khaleej Times
  3. ↑ (3 February 2020). Happy B'day Deepti Naval; Lesser known facts about the Chashme Buddoor actress. OrissaPOST
  4. ↑ (12 December 2004). Not just a pretty face. The Telegraph (India)
  5. ↑ (8 February 2001). The art of being Deepti Naval
  6. ↑ (28 December 2013). Deepti Naval: Farooque Shaikh was not sick at all - Rediff.com Movies. Rediff.com
  7. ↑ (January 2004). Letter From Pakistan- December 2003 – January 2004
  8. ↑ IFFLA Pays Tribute to Deepti Naval
  9. ↑ 37th National Film Awards. Directorate of Film Festivals
  10. ↑ (3 April 2011). A journey of discovery
  11. ↑ (6 June 2011). Deepti Naval back on TV
  12. ↑ (1 October 2015). When Sahir visited Amrita on a cold, winter night
  13. ↑ Awards
  14. ↑ (16 May 2015). Words of Love
  15. ↑ (31 October 2011). Amitabh Bachchan launches Deepti Naval's book 'The Mad Tibetan'
  16. ↑ Lesser known facts about Deepti Naval. The Times of India
  17. ↑ Archived copy
  18. ↑ (24 August 2002). Movies: 'I was keen to come back'. Rediff.com
  19. ↑ Hafeez, Mateen. (30 August 2010). Working in Bollywood for years, but shy of citizenship?. The Times of India
  20. ↑ দিপ্তি নাভাল

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ্তি নাভাল” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৭৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।