এছ আই একক
৭ প্ৰবন্ধ
-
মিটাৰ
মিটাৰ (আন্তৰ্জাতিক বানান metre বা আমেৰিকান বানান meter) গ্ৰীক বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে "measure" "জোখ লোৱা", হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m। শূন্যস্থানত পোহৰে ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।
-
ছেকেণ্ড
ছেকেণ্ড (s) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় ("the duration of 9 192 631 770 periods…
-
এম্পিয়াৰ
এম্পিয়াৰ(A) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।
-
জুল
জুল (ইংৰাজী: Joule) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)।
-
কুলম্ব
কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।
-
ভল্ট
ভল্ট(V) হৈছে বৈদ্যুতিক বিভৱ, বিভৱভেদ আৰু বিদ্য়ুৎবাহক বলৰ একক।
-
ওম
ওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।