মিজোৰাম
২০ প্ৰবন্ধ
-
মিজোৰাম
মিজোৰাম (Mizoram) (ইয়াৰ অৰ্থ হৈছে: মি 'মানুহ', জো 'পাহাৰ', ৰাম 'দেশ', পাহাৰীয়া লোকৰ দেশ/ মিজো লোকৰ") হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে।
-
আইজল
আইজল (Aizawl;; মিজো: ) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।
-
মিজো ভাষা
মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস…
-
আইজল জিলা
আইজল জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰে ক’লাশিব জিলা, পশ্চিমে মামিত জিলা, দক্ষিণে চাৰছিপ জিলা, দক্ষিণ-পশ্চিমে লুংলে জিলা আৰু পূবে ছাম্ফাই জিলা। জিলাখনৰ মাটিকালি হৈছে ৩,৫৭৭ বৰ্গ কিলোমিটাৰ (১,৩৮১ বৰ্গমাইল)। জিলাখনৰ মুখ্য কাৰ্যালয় মিজোৰামৰ ৰাজধানী আইজল চহৰ।
-
লুংলেই জিলা
ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত লুংলেই জিলা (Lunglei district) এখন। ২০১১ চনৰ হিচাপত ই আইজলৰ পিছতে ৰাজ্যখনৰ দ্বিতীয় জনবহুল জিলা। ইয়াৰ উপৰিও ৪,৫৭২ বৰ্গ কিলোমিটাৰ (১,৭৬৫ বৰ্গ মাইল) আয়তনেৰে ই মিজোৰামৰ সৰ্ববৃহৎ জিলা।
-
চাপচাৰ কুট
চাপচাৰ কুট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাউ নৃত্য নাচে। ই অসমীয়া ৰঙালী বিহুৰ সমতুল্য বসন্ত উৎসৱ।
-
চেৰাউ নৃত্য
চেৰাউ নৃত্য (Cheraw dance) মিজোৰামৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য। বাঁহৰ সৈতে নচা এই নৃত্যবিধ বাঁহ নৃত্য বুলিও জনপ্ৰিয়। ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য। মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে। মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে।
-
মিজোৰামৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য মিজোৰামক ৮খন জিলাত বিভক্ত কৰা হৈছে।
-
মিম কুট
মিম কুট (Mim Kut) মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াক মুখ্যতঃ কুকি জনজাতিৰ দ্বাৰা উদযাপন কৰা হয় আৰু মাকৈ সংগ্ৰহ কৰাৰ পিছত আগষ্ট আৰু ছেপ্টেম্বৰত উৎসৱ উদযাপন কৰা হয়।
-
ঙাহ ল'ও ডৰ
ঙাহ ল'ও ডৰ (Nghah Lou Dawr/Nghah Loh Dawr) হৈছে মিজোৰামত পৰম্পৰাগতভাৱে প্ৰচলিত কিনা-বেচাৰ এক পদ্ধতি য'ত বিক্ৰেতাৰ অবিহনেই বিপণী এখনৰ পণ্যসামগ্ৰী গ্ৰাহকসকলে পছন্দ অনুসৰি নিৰ্দিষ্ট মূল্য পৰিশোধ কৰি ক্ৰয় কৰাৰ ব্যৱস্থা আছে।
-
জ'ৰাম নেচনেলিষ্ট পাৰ্টী
জ'ৰাম নেচনেলিষ্ট পাৰ্টী ভাৰতৰ মিজোৰাম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৰ পূৰ্বৰ নাম আছিল মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট)। পূৰ্বৰ সাংসদ লালডুহ'মা এই দলটোৰ নেতৃত্ব বহন কৰি আহিছে। ১৯৯৭ চনত মিজো নেচনেল ফ্ৰণ্টৰ পৰা ফাটি যোৱা এটা অংশই মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট) গঠন কৰিছিল।
-
বুয়াংগী চাইলো
বুয়াংগী চাইলো (: Buangi Sailo; প্ৰায় ১৯২৯ – ১৮ জুন ২০১২) মিজোৰামৰ এগৰাকী ভাৰতীয় লেখিকা, কবি, আৰু সুৰকাৰ, মিজো সাহিত্য, শিক্ষা, আৰু মিজো ইতিহাস আৰু সংস্কৃতিৰ নথিপত্ৰৰ বাবে তেওঁৰ অৱদানৰ বাবে পৰিচিত। ২০১১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আৰু ২০০৯ চনত স্ত্ৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
মিজো খাদ্যাভ্যাস
মিজো খাদ্য বা মিজো খাদ্যাভ্যাস হৈছে মিজো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ৰন্ধনপ্ৰণালী। মিজোসকলে পৰম্পৰাগতভাৱে মূল আহাৰ হিচাপে ভাত খায়।
-
মিজো শিল্প
মিজো শিল্পক মিজোৰামৰ হস্তশিল্প বুলিও কোৱা হয়। ই হ’ল "উত্তৰ-পূবৰ সুগায়ক পক্ষী" (Songbird of the North east) হিচাপে জনাজাত মিজোৰাম ৰাজ্যৰ বাসিন্দাসকলৰ এক পৰম্পৰাগত কলা আৰু কৌশল। এই লোকসকলক সামূহিকভাৱে মিজো বুলি জনা যায়। মিজো শিল্পকৰ্ম প্ৰাচীন কালৰে পৰা বৰ্তি আছে।
-
মিজোৰাম (লোকসভা সমষ্টি)
মিজোৰাম লোকসভা সমষ্টি (Mizoram Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
-
মিজোৰাম ৰাজ্যিক মহিলা আয়োগ
মিজোৰাম ৰাজ্যিক মহিলা আয়োগ হৈছে মিজোৰাম ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে মিজোৰাম চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে।
-
ম্যানমাৰৰ মিজো জনগোষ্ঠী
ম্যানমাৰৰ লুচেই (মিজো) জনগোষ্ঠী—ঐতিহাসিকভাৱে বাৰ্মা নেচনেল লুছাই হৈছে সম্পূৰ্ণ বা আংশিক মিজোৰ সৈতে ম্যানমাৰৰ নাগৰিক বংশবৃক্ষ। যদিও বিগত শতিকা ধৰি ম্যানমাৰত বিভিন্ন মিজো জনগোষ্ঠীয়ে বাস কৰি আহিছে, তথাপিও ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বিংশ শতিকাৰ পৰা মিজোৰ প্ৰথম ঢৌৱে পুনৰ ম্যানমাৰলৈ প্ৰব্ৰজন কৰিছিল।
-
লুছাই পাহাৰ
লুছাই পাহাৰ (বৰ্তমান মিজো পাহাৰ বুলি কোৱা হয়) উত্তৰ-পূব ভাৰতৰ পাটকাই-আৰাকান যোমা পৰ্বতমালাত এটা পাহাৰীয়া অঞ্চল গঠন কৰা এটা পাহাৰ। এই পাহাৰটো বৰ্তমান মিজোৰাম ৰাজ্যত অৱস্থিত।
-
ৰেইয়েক
ৰেইয়েক মিজোৰামৰ আইজল জিলাত অৱস্থিত এখন পাহাৰ আৰু পৰ্যটনস্থলী। ই মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২৯ কিলোমিটাৰ দূৰত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ৰেইয়েকৰ উচ্চতা প্ৰায় ১,৪৬৫ মিটাৰ। ৰেইয়েকৰ শীৰ্ষৰ পৰা আইজল চহৰ আৰু ইয়াৰ চাৰিওফালৰ উপত্যকা আৰু পাহাৰসমূহৰ বিস্তৃত দৃশ্য দেখা যায়।