অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লুংলেই জিলা

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত লুংলেই জিলা (Lunglei district) এখন। ২০১১ চনৰ হিচাপত ই আইজলৰ পিছতে ৰাজ্যখনৰ দ্বিতীয় জনবহুল জিলা। ইয়াৰ উপৰিও ৪,৫৭২ বৰ্গ কিলোমিটাৰ (১,৭৬৫ বৰ্গ মাইল) আয়তনেৰে ই মিজোৰামৰ সৰ্ববৃহৎ জিলা।

হালনাগাদ: ২২ এপ্ৰিল ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত লুংলেই জিলা (Lunglei district) এখন। ২০১১ চনৰ হিচাপত ই আইজলৰ পিছতে ৰাজ্যখনৰ দ্বিতীয় জনবহুল জিলা। ইয়াৰ উপৰিও ৪,৫৭২ বৰ্গ কিলোমিটাৰ (১,৭৬৫ বৰ্গ মাইল) আয়তনেৰে ই মিজোৰামৰ সৰ্ববৃহৎ জিলা।১

নামৰ উৎপত্তি

এই জিলাৰ নামকৰণ কৰা হয়, ইয়াৰ সদৰ লুংলেৰ নামত। লুংলে, কেতিয়াবা কেতিয়াবা লুংলেই বুলিও কোৱা হয়। মিজো ভাষাত লুংলে মানে হৈছে এটি শিলৰ সেতু। তাওয়াং নদীৰ উপনদী ঘাসি নদীৰ গতিপথত প্ৰাপ্ত এটি সেতুৰ নিচিনা শিলৰ নামৰ পৰাই এই জিলাখনৰ নামকৰণ কৰা হৈছে।

ভৌগোলিক অৱস্থান

লুংলে জিলাৰ উত্তৰে মামিত আৰু আইজল জিলা, পশ্চিমে বাংলাদেশ, দক্ষিণে লঙট্লাই জিলা, দক্ষিণ-পূবে ছাইহা জিলা, পূবে ম্যানমাৰ আৰু উত্তৰ-পূবে চাৰছিপ জিলা। জিলাখনৰ মাটিকালি হৈছে ৪৫৭৮ বৰ্গ কিলোমিটাৰ। ক্ষেত্ৰফলৰ ফালৰ পৰা ই মিজোৰামৰ সৰ্ববৃহৎ জিলা। লুংলে টাউন হল জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।

তথ্যসূত্ৰ

  1. ↑ About District. lunglei.nic.in

সম্পৰ্কিত শ্ৰেণী

মিজোৰাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুংলেই জিলা” প্ৰবন্ধৰ সংশোধন ৩৫৫০৯৭ (২২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।