মহাৰাষ্ট্ৰ
১০ প্ৰবন্ধ
-
মাৰাঠী থিয়েটাৰ
মাৰাঠী থিয়েটাৰ (Marathi Theatre) মানে হ’ল মূলতঃ মহাৰাষ্ট্ৰত উদ্ভৱ আৰু বিকাশ হোৱা মাৰাঠী ভাষাৰ থিয়েটাৰ। সংগীত নাটক আৰু তামাচাৰ পৰা উপাদান গ্ৰহণ কৰি, ঊনৈশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈ ১৯৫০ আৰু ১৯৬০ৰ দশকত ই পূৰ্ণবিকশিত ৰূপ পৰিগ্ৰহ কৰিছিল।
-
পানভেল
পানভেল ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ এখন চহৰ আৰু তালুকা। মুম্বাইৰ ওচৰত থকাৰ বাবে ইয়াৰ জনবসতি অত্যধিক। মুম্বাই মহানগৰ অঞ্চলৰ সংস্থাটোৱেও উন্নয়নৰ উদ্দেশ্যে পানভেল পৰিচালিত কৰে। পানভেল পৌৰ নিগম হৈছে ৰায়গড়ৰ প্ৰথম পৌৰ নিগম আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ ২৭ নং পৌৰ নিগম।
-
সংগীত নাটক
সংগীত নাটক (Sangeet Natak) হ’ল সংগীতপ্ৰধান নাটক। এনে নাটকত গদ্যৰ সমান্তৰালকৈ গীতৰ ৰূপত থকা কবিতাৰ দ্বাৰাও কাহিনী বৰ্ণনা কৰা হয়। সংগীত-নাটকে মাৰাঠী থিয়েটাৰৰ বিকাশত আৰু তেনেকৈ মাৰাঠী চলচ্চিত্ৰ বা বহল অৰ্থত ভাৰতীয় চলচ্চিত্ৰৰ বিকাশক এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
-
মহাৰাষ্ট্ৰ দিৱস
মহাৰাষ্ট্ৰ দিৱস (महाराष्ट्र दिन; Maharashtra Day) মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা চৰকাৰী বন্ধৰ দিন। ১৯৬০ চনৰ ১ মে’ত বোম্বে প্ৰদেশ বিভাজন হৈ মাৰাঠাভাষী ৰাজ্য মহাৰাষ্ট্ৰ গঠন কৰা হৈছিল। এই দিনটোৰ সোঁৱৰণত মহাৰাষ্ট্ৰ দিৱস পালন কৰা হয়। কুছকাৱাজ, বক্তৃতা বা অন্যান্য অনুষ্ঠানৰ যোদেগি এই দিৱস পালন কৰা হয়।
-
আহমেদনগৰ দুৰ্গ
আহমেদ নগৰ দুৰ্গ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰৰ সমীপত ভিংগাৰ নলাৰ সমীপত আহমেদনগৰ দুৰ্গ অৱস্থিত। ই আছিল আহমেদনগৰ চুলতান ৰাজ্যৰ মুখ্য কাৰ্যালয়। ১৮০৩ চনত দ্বিতীয় এংলো-মাৰাঠা যুদ্ধৰ সময়ত ইংৰাজে দখল কৰে। ব্ৰিটিছ ৰাজৰ সময়ত ইয়াক কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
-
কোল্হাপুৰী চেণ্ডেল
কোল্হাপুৰী চেণ্ডেল (Kolhapuri chappal) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়।
-
পাৰাণ্ডা দুৰ্গ
পাৰাণ্ডা দুৰ্গ মহাৰাষ্ট্ৰ ৰাজ্যৰ ওছমানবাদ জিলাৰ এখন সৰু চহৰ পাৰাণ্ডাত অৱস্থিত পাৰাণ্ডা দুৰ্গ। ই ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰদ্বাৰা সংৰক্ষিত স্মৃতিসৌধ। এই দুৰ্গটো ১৫ শতিকাত মাহমুদ গৱানে বা ১৬০০ চনৰ আৰম্ভণিতে দ্বিতীয় মুৰ্তাজা নিজাম শ্বাহে নিৰ্মাণ কৰিছিল।
-
লাংডি
লাংডি (হিন্দী: लंगड़ी (লংগড়ী বা লংড়ী)। কেতিয়াবা লাংডী বা লাংদি বুলি লিখা হয়। ) হৈছে দক্ষিণ এছিয়াৰ এটা পৰম্পৰাগত মৈদানী ক্ৰীড়া, য’ত টেগ (খেল) আৰু হপস্কচৰ উপাদানৰ সংমিশ্ৰণ দেখা যায়। প্ৰথমে পাণ্ডিয়ান বংশৰ সময়ত এই খেল খেলা হৈছিল আৰু তেতিয়া ইয়াক নন্দিয়াত্তম (Nondiyaattam) বুলি কোৱা হৈছিল।
-
শনি শিংগণাপুৰ
শনি শিংগণাপুৰ বা শনি শিংগনাপুৰ বা শিংনাপুৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন গাঁও। এই গাঁওখন আহমেদনগৰ জিলাৰ নেভাসা তহচিলত অৱস্থিত। গাঁওখন শনিৰ জনপ্ৰিয় মন্দিৰৰ বাবে জনাজাত। শনি হৈছে হিন্দু ধৰ্মৰ সেই দেৱতা, যাক শনি গ্ৰহৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয়। গাঁওখন আহমেদনগৰ চহৰৰপৰা ৩৫ কিলোমিটাৰ দূৰত অৱস্থিত।
-
ৱৰ্লি চিত্ৰকলা
ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা। ভাৰতৰ মহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল। পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত। এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতিয়াও ইয়াত অনুশীলন কৰা হয়।