অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মন জিলা

মন জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷

হালনাগাদ: ২০ জানুৱাৰী ২০২২ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

মন জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷

ভৌগোলিক অৱস্থান

মন জিলাখন নাগােলণ্ডৰ আটাইতকৈ উত্তৰ সীমান্তত অৱস্থিত৷ এই জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, পশ্চিমে অসম, পূবে ম্যানমাৰ আৰু দক্ষিণে লংলেং আৰু টুৱনচাং জিলা৷ জিলাখনৰ সদৰ ঠাই মন চহৰ৷

অৰ্থনীতি

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ এখন বুলি মন জিলাক অভিহিত কৰে৷১ ভাৰত চৰকাৰৰ Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা ধনৰ আবণ্টন লাভ কৰা নাগালেণ্ডৰ তিনিখন জিলাৰ ভিতৰত মন অন্যতম৷১

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মন জিলাৰ মুঠ জনসংখ্যা ২৫০,৬৭১ জন৷২ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত মন জিলাৰ স্থান ৫৮২ তম৷২ মন জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯৮ গৰাকী৷২ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৫৬.৬%।২

সংস্কৃতি

মন জিলা ক’নিয়াক নগা জনজাতিৰ বসতিস্থল৷ পৰম্পৰাগতভাৱে এই জনজাতিৰ লোকসকলে দেহ-মুখত টাটু পৰিধান কৰে৷ ক’নিয়াকসকলৰ মূল উৎসৱ হৈছে 'Aoleang Monyu'৷ এই উৎসৱ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উদযাপন কৰা হয়৷

ক’নিয়াকসকলৰ পৰম্পৰাগত নেতা হৈছে আং (Angh), যি উত্তৰাধিকাৰী সূত্ৰে এই উপাধি লাভ কৰে৷ প্ৰতিখন গাঁৱত আং গৰাকীৰ ঘৰ আটাইতকৈ ডাঙৰ হয়৷ ঘৰৰ সন্মুখত সাধাৰণতে জন্তুৰ লাওখোলা সজ্জিত থাকে৷

পৰ্য্যটন

ক’নিয়াক নগাসকলৰ পৰম্পৰাগত সজ্জা
ক’নিয়াক নগাসকলৰ পৰম্পৰাগত সজ্জাছবি: ease · Public domain

চাংন্যু গাওঁ (Shangnyu village) চাংন্যু গাওঁ মূখ্য আং গৰাকীৰ দ্বাৰা পৰিচালিত৷ এই গাৱঁত ৮ ফুট উচ্চতাৰ আৰু ১২ ফুট প্ৰস্থৰ এটা ঐতিহাসিক কাঠৰ প্ৰতিমূৰ্ত্তি আছে৷ মূৰ্ত্তিটোত মানুহ আৰু জীৱ-জন্তুৰ প্ৰতিচ্ছৱি খোদিত কৰা আছে৷ ইতিহাসৰ মতে এই গাওঁ আৰু আহোম ৰাজত্বৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল৷

চুই গাওঁ (Chui village) এই গাওঁ সদৰঠাই মনৰ কাষৰীয়া অঞ্চলত অৱস্থিত৷ গাওঁখনৰ আং গৰাকীৰ ঘৰটো সৰ্ববৃহৎ আুৰ ঘৰৰ সন্মুখভাগ পূৰ্বপুৰুষ আৰু তেওঁ নিজে নিধন কৰা শত্ৰুৰ লাওখোলাৰে সজ্জিত৷ ক’নিয়াকসকলৰ মাজত উনৈশ শতিকাৰ শেষভাগলৈকে মুণ্ড চিকাৰ প্ৰচলিত আছিল৷

লংৱা গাওঁ (Longwa village) লংৱা নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত গাওঁসমূহৰ ভিতৰত সৰ্ববৃহৎ গাওঁ৷৩৪ এই গাৱঁৰ মুখ্য আঙৰ ঘৰৰ আধা ভাৰতত আৰু অন্যভাগ ম্যানমাৰত অৱস্থিত৷ অৱশ্যে সমগ্ৰ গাওঁখন পৰিচালনা কৰে মুখ্য আং গৰাকীয়ে৷ তেওঁৰ ক’নিয়াক জনাজতিৰ ৬০ খন গাওঁৰ নেতা৷ ৪

ভেদা (Veda Peak) মন জিলাৰ সৰ্ব্বোচ্চ এই শিখৰটো মন চহৰৰ পৰা ৭০ কিমি পূবে অৱস্থিত৷ এই শিখৰৰ পৰা ফৰকাল বতৰত ব্ৰহ্মপুত্ৰ দেখা পোৱা যায়৷

নাগনিমুৰা (Naganimora) এই চহৰখনৰ নামৰ উৎস হৈছে 'নগা ৰাণী মৰা' (the burial place of the Naga queen)৷

তথ্যসূত্ৰ

  1. ↑ Ministry of Panchayati Raj. (8 September 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Rural Development
  2. ↑ (2011). District Census 2011. Census2011.co.in
  3. ↑ Bhattacharyya, Rajeev. (25 September 2016). From Mon in Nagaland to Myanmar, Schoolkids Cross the Border For a Better Future. The Wire
  4. ↑ An Indian Village Where Villagers Have Dual Citizenships And Its King Has 60 Wives, Daily Moss, 22 Msay 2015

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন জিলা” প্ৰবন্ধৰ সংশোধন ৩১১৩৯৬ (২০ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।