নাগালেণ্ডৰ জিলা
১২ প্ৰবন্ধ
-
ক’হিমা জিলা
ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷
-
মোককচাং জিলা
মোককচাং জিলা (Mokokchung; Pron:/ˌməʊkɒkˈtʃʌŋ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে আও নগা জনজাতিৰ৷ জিলাখনৰ উত্তৰে অসম, পশ্চিমে ৱখা জিলা, পূবে লংলেং আৰু টুৱেনচাং জিলা আৰু দক্ষিণে জুন্হেব’ট’ জিলা অৱস্থিত৷
-
টুৱেনচাং জিলা
টুৱেনচাং জিলা ভাৰতৰ নাগালেণ্ড ৰাজৰ সৰ্ববৃহৎ জিলা। এই জিলাৰ সদৰ ঠাই টুৱেনছাং। জিলাখন নাগালেণ্ডৰ আটাইতকৈ পূবত ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত।
-
মন জিলা
মন জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷
-
ডিমাপুৰ জিলা
ডিমাপুৰ (Pron:/ˌdɪməˈpʊə/) নাগালেণ্ডৰ এখন জিলা। ইয়াৰ সদৰ ঠাই হৈছে ডিমাপুৰ চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত আটাইতকৈ জনবহুল জিলা।
-
কিফিৰে জিলা
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ডৰ টুৱেনছাং জিলাৰ একাংশ সামৰি নতুনকৈ সৃষ্টি কৰা নাগালেণ্ডৰ নৱমখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে, লংলেং জিলাৰ পিছতে নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত দ্বিতীয় জনবহুল জিলা৷
-
ফেক জিলা
ফেক ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। এই জিলাখন ১৯৭৩ চনত স্থাপন কৰা হৈছিল। জিলাখনৰ সদৰ ঠাই ফেক নগৰ। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু কৃষি তেওঁলোকৰ মূল পেছা।
-
লংলেং জিলা
লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷
-
ৱখা জিলা
ৱখা জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা।
-
জুন্হেব’ট’ জিলা
জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷
-
পেৰেণ জিলা
পেৰেণ জিলা নাগালেণ্ডৰ একদশ জিলা৷ এই জিলা পূৰ্বৰ বৃহত্তৰ কহিমা জিলাক বিভক্ত কৰি গঠন কৰা হৈছিল৷
-
নাগালেণ্ডৰ জিলাসমূহ
নাগালেণ্ড (Nagaland), ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে।