অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মোককচাং জিলা

মোককচাং জিলা (Mokokchung; Pron:/ˌməʊkɒkˈtʃʌŋ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে আও নগা জনজাতিৰ৷ জিলাখনৰ উত্তৰে অসম, পশ্চিমে ৱখা জিলা, পূবে লংলেং আৰু টুৱেনচাং জিলা আৰু দক্ষিণে জুন্হেব’ট’ জিলা অৱস্থিত৷

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৪১ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

মোককচাং জিলা (Mokokchung; Pron:/ˌməʊkɒkˈtʃʌŋ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে আও নগা জনজাতিৰ৷১ জিলাখনৰ উত্তৰে অসম, পশ্চিমে ৱখা জিলা, পূবে লংলেং আৰু টুৱেনচাং জিলা আৰু দক্ষিণে জুন্হেব’ট’ জিলা অৱস্থিত৷

ইতিহাস

ব্ৰিটিছৰ শাসনৰ সময়ত মোককচাং জিলা নাগা হিলছ ডিষ্ট্ৰিক্টৰ অন্তৰ্ভুক্ত আছিল৷ এই জিলাৰ অধীনতে ১৮৮৯ চনত মোককচাং মহকুমা গঠন কৰা হয়৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৭ চনত এই জিলাৰ পৰা মোককচাং, ক’হিমা আৰু টুৱেনছাং অংশই পৃথক জিলা হিচাপে স্বীকৃতি লাভ কৰে৷ ১৯৬৩ চনত নাগালণ্ড ভাৰতৰ ১৬ তম জিলা হিচাপে পৰিগণিত হয়৷ ১৯৭৩ চনত মোককচাং জিলাৰ একাংশ পৃথক কৰি জুন্হেব’ট’ আৰু ৱখা জিলা হিচাপে ঘোষণ কৰা হয়৷২

ভৌগোলিক অৱস্থান

মোককচাং টাউন
মোককচাং টাউনছবি: Jim Ankan Deka · CC BY-SA 3.0

মোককাং জিলাৰ মুঠ মাটিকালি ১৬১৫ বৰ্গ কিলোমিটাৰ ৩ জিলাখনত মুঠ ছটা পৰ্বতশ্ৰেণী আছে৷ পৰ্বতসমূহ প্ৰায় ইটো সিটোৰ সমান্তৰাল ভাৱে অৱস্থিত৷ জিলাখন ৯৪.২৯ আৰু ৯৪.৭৬ দ্ৰাঘিমাংশ আৰু ২৬.২০ আৰু ২৬.৭৭ অক্ষাংশত অৱস্থিত৷ এই জিলাৰ মূল উপত্যকাবোৰ হৈছে Tsurang, Changki আৰু Milak উপত্যকা৷ কৃষি আৰু উদ্যোগৰ ফালৰ পৰা নাগালেণ্ড ৰাজ্যৰ আটাইতকৈ উন্নত জিলাসমূহৰ ভিতৰত এই জিলা প্ৰধান৷ জিলাখনৰ কৃষিৰ ক্ষেত্ৰত প্ৰধান অঞ্চলসমূহ হ’ল Changki-Longnak, Tsurang, Milak আৰু Dikhu উপত্যকা অঞ্চল৷ Tuli-Milak আৰু Changki-Longnak উপত্যকা উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া অঞ্চল৷

মূল পৰ্বতশ্ৰেণী

  • Ongpangkong
  • Asetkong
  • Jangpetkong
  • Japukong
  • Langpangkong
  • Tsurangkong

ভূমিৰ ব্যৱহাৰ (Land use)

বিভাগমাটিকালি (বৰ্গ কিমি)
মুঠ মাটিকালি১৬১৫
বনবিভাগ ক্ৰয় কৰা মাটিকালি৪৯.৬৬
কৃষি১৮০.৩৯
টাউন আৰু গাওঁ১০.৫০
উদ্যানকৃষি (Horticulture)৮.১২
উন্নয়ন বিভাগ৩৮৬.০৭
ব্যৱহাৰৰ অনুপযোগী (degraded)৯৮২.৬২

প্ৰশাসন

মোককচাং জিলাৰ সদৰ ঠাই মোককচাং টাউনত অৱস্থিত৷ জিলাখনৰ মূল প্ৰশাসনিক বিষয়া হৈছে উপায়ুক্ত (Deputy Commissioner)।২

জিলাখনৰ মুঠতে চাৰিটা মহকুমা আছে: মোককচাং (Mokokchung), তুলি (Tuli), Mangkolemba আৰু Changtongya৷৪ এই মহকুমাসমূহ নটা প্ৰশাসনিক বৃত্ত (administrative/revenue circles ) বিভক্ত কৰা হৈছে - Ongpangkong, Tuli, Chuchuyimlang, Changtongya, Mangkolemba, Kubolong, Alongkima, Longchem আৰু Merangmen.৫৬৪২৭

ইয়াৰ উপৰিও জিলাখনৰ ছটা গ্ৰাম্য উন্নয়ন ব্লক (Rural Development Block, RDBs) আছে৷ Longchem আৰু Kubolong চাৰ্কোলৰ নিজা গ্ৰাম্য উন্নয়ন ব্লক আছে৷ Alongkima, Mangkolemba আৰু Merangmen মিলি Mangkolemba গ্ৰাম্য উন্নয়ন ব্লক; Tuli, Changtongya আৰু Chuchuyimlang মিলি Changtongya গ্ৰাম্য উন্নয়ন ব্লক গঠিত হৈছে৷২

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মোককচাং জিলাৰ মুঠ জনসংখ্যা ১৯৪,৬২২ জন৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯১ তম৷ এই জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৫ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৯১.৬%৷৮

এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক (৯৫%) খ্ৰীষ্টান ধৰ্মাৱলম্বী৷ নাগালেণ্ডৰ জিলাসমূহৰ ভিতৰত এই জিলাই পোনপ্ৰথমে খ্ৰীষ্টানধৰ্ম গ্ৰহণ কৰে৷

জিলাখনৰ লোকসকলৰ প্ৰধান ভাষা জংলী আও (Jungli Ao)৷ অন্যান্য প্ৰচলিত উপভাষাসমূহ হৈছে Mongsen Ao আৰু Changki ভাষা৷

২০০১ চলৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৪.৬%৷ জিলাখনত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০০৪ গৰাকী৷ গতিকে ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাৰ লিংগৰ হাৰ সপ্তম স্বাস্থ্যকৰ হাৰ বুলি পৰিগণিত হয়৷

জিলাখনৰ মূল চহৰসমূহ হৈছে মোককচাং, তুলি টাউন ( Tuli), Changtongya আৰু Tsudikong৷২ ৯

অৰ্থনীতি

জিলাখনৰ মূল ঔদ্যোগিক অঞ্চলসমূহ হৈছে Changki উপত্যকা, Tsurang উপত্যকা, নিম্ন Milak-Tuli অঞ্চল আৰু Dikhu-Chichung উপত্যকা৷১

মোককচাং জিলাৰ মূল কৃষিৰ উৎপাদনসমূহ গৈছে চাউল, গোমধান, বিলাহী আৰু কমলা৷৭

জিলাখনত ৪২ খন প্ৰাথমিক, মাধ্যমিক চৰকাৰী বিদ্যালয়, ১০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, দুখন চৰকাৰী মহাবিদ্যালয় আৰু দুখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আছে৷ ৭

সংস্কৃতি

মোককচাং জিলাৰ মূল উৎসৱ দুটা হৈছে Moatsü আৰু Tsüngremong৷৭

সংবাদ মাধ্যম

  • আকাশবাণী, মোককচাং
  • Ao Milen (আও ভাষাৰ দৈনিক বাতৰি কাকত)
  • Tir Yimyim (আও ভাষাৰ দৈনিক বাতৰি কাকত)
  • নাগালেণ্ড প’ষ্ট
  • www.easternmirrornagaland.com/
  • মৰুং এক্সপ্ৰেছ (Morung Express)

লগতে চাওক

  • নাটৱাৰ ঠাক্কাৰ (Natwar Thakkar), মোককচাং জিলাৰ এগৰাকী প্ৰসিদ্ধ সমাজকৰ্মী আৰু গান্ধীৰ অনুগামী৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2017). About Mokokchung. mokokchung.nic.in. National Informatics Centre
  2. ↑ (2011). District Census Handbook Mokokchung. Census of India
  3. ↑ Home: Mokokchung: Nagaland. mokokchung.nic.in
  4. ↑ Deloitte. (4 December 2011). Project Report: e-District Mission Mode Project Implementation. edistrict.gov.in. Government of Nagaland. পৃ. 10,28
  5. ↑ Circles in Mokokchung District, Nagaland. www.census2011.co.in
  6. ↑ (29 October 2012). Districts. Government of Nagaland
  7. ↑ District Profile. ipr.nagaland.gov.in. Department of Information & Public Relations, Nagaland
  8. ↑ (2011). District Census 2011. Census2011.co.in
  9. ↑ Mokokchung District Population Census 2011, Nagaland literacy sex ratio and density. www.census2011.co.in

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোককচাং জিলা” প্ৰবন্ধৰ সংশোধন ৩৮২৭১০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।