ডিমাপুৰ (Pron:/ˌdɪməˈpʊə/) নাগালেণ্ডৰ এখন জিলা। ইয়াৰ সদৰ ঠাই হৈছে ডিমাপুৰ চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত আটাইতকৈ জনবহুল জিলা।১
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি ডিমাপুৰ জিলাৰ জনসংখ্যা ৩৭৯,৭৬৯ জন১, তুলনামূলকভাৱে মালদ্বীপ দেশৰ সমান।২ গতিকে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা ডিমাপুৰৰ স্থান ৫৬৩তম।১ ২০০১-২০১১ চনত ডিমাপুৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল শূন্য।১ ডিমাপুৰ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ ভিতৰত মহিলাৰ সংখ্যা হৈছে ৯১৬ গৰাকী১ আৰু সাক্ষৰতাৰ হাৰ হৈছে ৮৫.৪৪%১
এই জিলাৰ জনসংখ্যা ভিন্ন জাতি আৰু ধৰ্মৰ লোকেৰ সমষ্টি। ইয়াৰে সংখ্যাগৰিষ্ঠ লোকসকল হৈছে নগা জনজাতিৰ লোক।
জৈৱবৈচিত্ৰ্য
১৯৮৬ চনত ডিমাপুৰৰ একাংশ ৰঙাপাহাৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। এই অভয়াৰণ্যৰ মাটিকালি হৈছে ৪.৭ বৰ্গ কিলোমিটাৰ।৩
শিক্ষা
ডিমাপুৰ জিলাখনত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰ সৰহভাগ বিদ্যালয়তে শিক্ষাৰ মাধ্যম ইংৰাজী আৰু বিদ্যালয়সমূহ নাগালেণ্ড ব’ৰ্ড অব স্কুল এড্যুকেশ্যনৰ অধীনত পৰিচালিত হয়। নাগালেণ্ডৰ প্ৰধান বিদ্যালয়সমূৰ ভিতৰত পাটকাই বিদ্যালয় (Patkai School), হ’লি ক্ৰ’ছ বিদ্যালয় (Holy Cross School), চেইণ্ট প’ল উচ্চতৰ মাধ্যমিক বিদ্যালয় (St Paul Hr Sec School), কাৰমেল উচ্চতৰ মাধ্যমিক বিদ্যালয় (Carmel Hr. Sec. School (Chekiye)), এছ ডি জৈন উচ্চতৰ মাধ্যমিক বিদ্যালয় (SDJain Higher Secondary School), প্ৰণব বিদ্যপীঠ (Pranab Vidyapith), ডিমাপুৰ ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয় (Dimapur Railway High School), চেইণ্ট জোছেফ উচ্চতৰ মাধ্যমিক বিদ্যালয় (St. Joseph's Hr Sec School) ইত্যাদি প্ৰধান।
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, নাগালেণ্ড (National Institute of Technology Nagaland) ডিমাপুৰৰ চুমুকেডিমাত শেহতীয়াকৈ আৰম্ভ হৈছে। তাৰ উপৰিও ডিমাপুৰ জিলাত মুঠতে ১৮খন প্ৰতিষ্ঠিত মহাবিদ্যালয় আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য মহাবিদ্যলয় সমূহ হৈছে, পাটকাই খ্ৰিষ্টিয়ান কলেজ (Patkai Christian College), ডিমাপুৰ চৰকাৰী মহাবিদ্যলয় (Dimapur Government College), এছ. ডি. জৈন মহাবিদ্যালয় (S.D. Jain College), প্ৰণবানন্দ মহিলা মহাবিদ্যলয় (Pranabananda Women’s College) আদি।
ক্ৰীড়া
ডিমাপুৰৰ এক উল্লেখযোগ্য ফুটবল ক্লাব হৈছে ডিমাপুৰ ইউনাইটেড (Dimapur United)। এই ক্লাবটোৱে নাগালেণ্ড প্ৰিমিয়াৰ লীগত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।
সংস্কৃতি
ডিমাপুৰৰ ডিজেফে (Diezephe) গাঁৱত কাৰুশিল্পৰ সংগ্ৰহালয় (Diezephe Craft Museum) অৱস্থিত।৪
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ US Directorate of Intelligence. Country Comparison:Population
- ↑ Indian Ministry of Forests and Environment. Protected areas: Nagaland
- ↑ (2006). 101 pilgrimages. Outlook India Publishing. পৃ. 311. ISBN 9788189449032
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমাপুৰ জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১২০৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।