টুৱেনচাং জিলা ভাৰতৰ নাগালেণ্ড ৰাজৰ সৰ্ববৃহৎ জিলা। এই জিলাৰ সদৰ ঠাই টুৱেনছাং। জিলাখন নাগালেণ্ডৰ আটাইতকৈ পূবত ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত।
ইতিহাস
নাগালেণ্ড ৰাজ্য গঠনৰ সময়তে মোককচাং জিলা আৰু ক’হিমা জিলাৰ লগতে টুৱেনচাং জিলাও গঠন কৰা হৈছিল। পৰৱৰ্ত্তী কালত এই টুৱেনচাং জিলাৰ পৰাই মন, লংলেং, নকলাক আৰু কিফিৰে জিলা পৃথক জিলা হিচাপে প্ৰতিষ্ঠা হয়।১২
এই জিলাৰ দুৰ্গম অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সংবিধানত নাগোলণ্ডৰ অন্য জিলাৰ দৰেই জিলাখনৰ প্ৰশাসনৰ বাবে এক বিশেষ অনুচ্ছেদ যোগ দিয়া হয়। এই অনুচ্ছেদ অনুসৰি নগা জনজাতীয় সংস্কৃতি আৰু ধৰ্মীয় ৰীতি সম্পৰ্কীয় সংসদত গ্ৰহণ কৰা যিকোনো আইন Nagaland Legislative Assembly-ৰ সৰ্বসন্মতিক্ৰমেহে টুৱনচং জিলাত প্ৰৰ্যোজিত হ’ব। নাগালেণ্ডৰ ৰাজ্যিক চৰকাৰত টুৱেনচাং জিলাৰ বাবে এটা পৃথক মন্ত্ৰালয়ো (Ministry for Tuensang Affairs) গঠন কৰি দিয়া হৈছে।৩
ভৌগোলিক অৱস্থান
জিলাখনৰ পূব সীমান্ত ম্যানমাৰৰ সৈতে আন্তৰ্জাতিক সীমা। উত্তৰ-পূবে মন জিলা, উত্তৰে লংলেং জিলা, পশ্চিমে মোককচাং জিলা আৰু জুন্থেব’ট’ জিলা আৰু দক্ষিণে কিফিৰে জিলা। এই জিলাৰ প্ৰধান নৈসমূহ হৈছে দিখো (Dikhu) আৰু টিজু (Tizu)।
অৰ্থনীতি
এই জিলাতে ২০০১ চনত লিখিমৰ’ হাইড্ৰ’ প্ৰজেক্ট (Likhimro Hydro project) আৰম্ভ কৰা হয়।
২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে (Ministry of Panchayati Raj) টুৱেনচাং জিলাক ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত আটাইতকৈ অৱহেলিত ২৫০খন জিলাৰ এখন বুলি অভিহিত কৰে।৪ ভাৰত চৰকাৰৰ Backward Regions Grant Fund Programme (BRGF) আঁচনিৰ পৰা পুঁজি লাভ কৰা নাগালেণ্ডৰ তিনিখন জিলাৰ ভিতৰত টুৱেনচাং অন্যতম।৪
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি টুৱেনচাং জিলাৰ মুঠ জনসংখ্যা ১৯৬,৮০১ জন।৫ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯০।৫ টুৱেনচাং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩০ গৰাকী।৫ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৩.৭%।৫
জিলাখনৰ মূল অধিবাসীসকলৰ ভিতৰত চাং (Chang), চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আদি জনজাতিৰ লোকেই প্ৰধান।৬ তদুপৰি কিছুসংখ্যক আও আৰু চেমা জনজাতিৰ লোকো এই জিলাত বাস কৰে। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী।
ভাষা
- আংগামী-পশ্চুৰী ভাষা
- চেমা ভাষা
- আও ভাষা
- চাংটাম ভাষা
- ইমচুংগাৰ ভাষা
- ক’নিয়াক ভাষা
- চাং ভাষা
- তিখিৰ ভাষা
জৈৱবৈচিত্ৰ্য
১৯৮৪ চনত টুৱেনচাং জিলাৰ ৬.৪ বৰ্গ কিলোমিটাৰৰ এটা অঞ্চল ফাকিম বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। অৱশ্যে পৰৱৰ্ত্তী কালত এই জিলাক বিভক্ত কৰি কিফিৰে জিলা প্ৰতিষ্ঠা কৰাত এই বন্যপ্ৰাণী অভয়াৰণ্য কিফিৰে জিলাৰ অন্তৰ্ভুক্ত হয়।৭
তথ্যসূত্ৰ
- ↑ (17 October 2017). Nagaland: Know Your Districts - An overview -III - The Morung Express. The Morung Express
- ↑ (21 December 2017). Noklak is Nagaland’s youngest district. Eastern Mirror
- ↑ Constitution of India
- ↑ Ministry of Panchayati Raj. (8 September 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Rural Development
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ (16 June 2014). District Census Handbook, Tuensang. Census of India. পৃ. 9
- ↑ Indian Ministry of Forests and Environment. Protected areas: Nagaland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুৱেনচাং জিলা” প্ৰবন্ধৰ সংশোধন ৪২০৩৭৫ (৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।