অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

মটৰ গাড়ী

মটৰ গাড়ী (কাৰ) হৈছে চলন্ত যান-বাহন, যাৰ চাৰিখন চকা থাকে। অধিকাংশ সংজ্ঞা অনুসৰি, মটৰ গাড়ী সাধাৰণতে পথত চলিবৰ বাবে তৈয়াৰী হয়, ১ৰ পৰা ৮জন লোক বহাব পৰা ক্ষমতা থাকে ইয়াৰ, আৰু মূলতঃ মানুহৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়, মাল পৰিবহণৰ বাবে নহয়। বিশ্বজুৰি প্ৰায় ১ বিলিয়ন গাড়ী ব্যৱহাৰ হৈ আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৫৬ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মটৰ গাড়ী (কাৰ) হৈছে চলন্ত যান-বাহন, যাৰ চাৰিখন চকা থাকে। অধিকাংশ সংজ্ঞা অনুসৰি, মটৰ গাড়ী সাধাৰণতে পথত চলিবৰ বাবে তৈয়াৰী হয়, ১ৰ পৰা ৮জন লোক বহাব পৰা ক্ষমতা থাকে ইয়াৰ, আৰু মূলতঃ মানুহৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়, মাল পৰিবহণৰ বাবে নহয়।১ বিশ্বজুৰি প্ৰায় ১ বিলিয়ন গাড়ী ব্যৱহাৰ হৈ আছে।

ফৰাচী আৱিষ্কাৰক নিক'লাছ-জছেফ কুগনে ১৭৬৯ চনত প্ৰথমবাৰলৈ বাষ্পচালিত পথযান নিৰ্মাণ কৰিছিল, আৰু ছুইচ আৱিষ্কাৰক ফ্ৰান্সোৱ ইজাক ডে ৰিভাজে ১৮০৮ চনত প্ৰথম অভ্যন্তৰীণ দহন ইঞ্জিন চালিত গাড়ী নিৰ্মাণ কৰিছিল। আধুনিক অৰ্থৰ ব্যৱহাৰযোগ্য গাড়ী ১৮৮৬ চনত কাৰ্ল বেঞ্জে আবিষ্কাৰ কৰিছিল, যিয়ে তেওঁৰ বেন্‌জ পেটেণ্ট-মটৰৱাগেন পেটেণ্ট কৰিছিল আৰু বিংশ শতিকাৰ ভিতৰত ব্যৱসায়িকভাৱে উপলব্ধ হৈ পৰে। ১৯০১ চনৰ Oldsmobile Curved Dash আৰু ১৯০৮ চনৰ Ford Model T, দুয়োটা আমেৰিকান গাড়ী, প্ৰথম গণউৎপাদিত আৰু সাধাৰণ লোকৰ বাবে সস্তা গাড়ী হিচাপে পৰিগণিত।২৩৪

গাড়ী খুব তীব্ৰগতিত যুক্তৰাষ্ট্ৰত গ্ৰহণ কৰা হৈছিল, য'ত ই ঘোঁড়াগাড়ীৰ স্থান লৈছিল।৫ ইউৰোপ আৰু আন অঞ্চলত দ্বিতীয় বিশ্বযুদ্ধৰ পাছতহে গাড়ীৰ প্ৰচলন ব্যাপকভাৱে বৃদ্ধি পাইছিল।৬ একবিংশ শতিকাতো চীন, ভাৰত আৰু অন্যান্য উদীয়মান শিল্প দেশত গাড়ীৰ ব্যৱহাৰ বৰ্ধিত হৈ আহিছে।৭৮

গাড়ীত ষ্টেয়াৰিং, যাত্ৰীৰ আৰামদায়ক আসন আৰু বিভিন্নধৰণৰ বৈদ্যুতিক চাকি নিয়ন্ত্ৰণ হৈ থাকে। কালক্ৰমে নতুন নিয়ন্ত্ৰণ আৰু সুবিধাসমূহ যোগ হৈছে, যেনে পাছফালে কেমেৰা, এচি, নেভিগেশ্বন ছিষ্টেম, আৰু ইন-কাৰ এণ্টাৰটেইনমেণ্ট। ২০২০ চনৰ আৰম্ভণিত ব্যৱহৃত অধিকাংশ গাড়ী অভ্যন্তৰীণ দহন ইঞ্জিনেৰে চলিছিল, যি জীৱাশ্ম ইন্ধন দহনত নিৰ্ভৰ কৰে। বিদ্যুৎ চালিত গাড়ী যাক প্ৰাৰম্ভিক সময়তেই আৱিষ্কাৰ কৰা হৈছিল, ২০০০ৰ দশকৰ পাছত বাণিজ্যিকভাৱে উপলব্ধ হ’ব ধৰিলে, আৰু ২০২৫ চনৰ আগতেই পেট্ৰ'ল চালিত গাড়ীৰ তুলনাত সস্তা হ’ব বুলি অনুমান কৰা হৈছে।৯১০ জীৱাশ্ম ইন্ধনৰ পৰা বিদ্যুৎ চালিত গাড়ীলৈ স্থানান্তৰ অধিকাংশ জলবায়ু পৰিবৰ্তন হ্ৰাস কৌশলত গুৰুত্ব সহকাৰে অন্তৰ্ভুক্ত হৈছে।১১১২

গাড়ী ব্যৱহাৰৰ ক্ষেত্ৰত লাভ-লোকচান দুয়োটাই আছে। ব্যক্তিগতভাৱে খৰচৰ ভিতৰত গাড়ী ক্ৰয়, ৰক্ষণাবেক্ষণ, ইন্ধন, বিক্ৰী মূল্য হ্ৰাস, সময়, পাৰ্কিং, কৰ আৰু বীমা আছে।১৩ সমাজৰ ক্ষেত্ৰত মটৰ গাড়ীয়ে কিছুমান সমস্যাৰ সৃষ্টি কৰে, যেনে ইন্ধন দহনৰ ফলত হোৱা বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, পথ নিৰ্মাণৰ বাবে বাস ভূমিৰ নাটনি, যান-জঁট, স্বাস্থ্য সমস্যা, দুৰ্ঘটনাৰ ফলত আহত হোৱা বা মৃত্যু হোৱা আদি। ট্ৰাফিক দুৰ্ঘটনা হৈছে বিশ্বব্যাপী আঘাতজনিত মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ।১৪ ব্যক্তিগতভাৱে লাভত আছে সুবিধাজনক ভ্ৰমণ, স্বাধীনতা, আৰু চলাচল। সমাজিকভাৱে গাড়ীয়ে উদ্যোগ, চাকৰি সৃষ্টি, ভ্ৰমণ সুবিধা, ইত্যাদিৰ জৰিয়তে লাভ প্ৰদান কৰে। গাড়ী ব্যৱহাৰে সমাজৰ গঠনক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰিছে।১৫

ব্যুৎপত্তিবিজ্ঞান

"অটোম’বাইল" শব্দটো ফৰাচী আৰু গ্ৰীক শব্দৰ সংমিশ্ৰণ: "auto" অৰ্থাৎ নিজে, আৰু "mobilis" অৰ্থাৎ গতি কৰিব পৰা। ইংৰাজীত "car" শব্দটো লেটিন ভাষা "carrus" শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল চকাৰ গাড়ী।১৬

ইতিহাস

প্ৰথম বাষ্পচালিত যানবাহন ১৭৬৯ চনত নিক'লাছ-জছেফ কুগন’ৰ দ্বাৰা সৃষ্টি হৈছিল। আধুনিক অটোম’বাইলৰ জন্ম ১৮৮৬ চনত কাৰ্ল বেঞ্জৰ "বেঞ্জ পেটেণ্ট-মটৰৱাগেন"ৰ লগত সম্পৃক্ত। ফৰ্ড মটৰ কোম্পানীৰ "Model T" (১৯০৮) গণউৎপাদনৰ যুগ আৰম্ভ কৰিছিল।১৭

উপাদান আৰু ডিজাইন

গাড়ীৰ মূল উপাদানত চেচিছ, ইঞ্জিন, চালক স্থান, চকা, স্থগনতা (suspension), আৰু ব্ৰেক থাকে। আধুনিক গাড়ীত নেভিগেচন চিষ্টেম, পাছফালে কেমেৰা, আৰু এয়াৰবেগৰ দৰে সুৰক্ষা আৰু সুবিধা উপকৰণ থাকে। গাড়ী ডিজাইনত বায়ুৰোধ, ইন্ধন দক্ষতা আৰু সেউজ প্ৰযুক্তিৰ উপৰিও বিশেষ গুৰুত্ব দিয়া হয়।১৮

সুৰক্ষা

গাড়ীৰ সুৰক্ষা ব্যৱস্থাত এণ্টি-লক ব্ৰেকিং চিষ্টেম (ABS), এয়াৰবেগ, ইলেকট্ৰনিক স্থিৰতা নিয়ন্ত্ৰণ (ESC) আৰু গঠনগত সুৰক্ষা অন্তৰ্ভুক্ত। বিশ্বজুৰি বহু দেশত Euro NCAP বা Global NCAP-ৰ দৰে সংস্থা সুৰক্ষা মানদণ্ড পৰীক্ষা কৰে।১৯

খৰচ আৰু সুবিধা

গাড়ী ব্যৱহাৰৰ খৰচত ক্ৰয় মূল্য, ইন্ধন, ৰক্ষণাবেক্ষণ, বীমা, আৰু মূল্যহ্ৰাস অন্তৰ্ভুক্ত। ইয়াৰ সুবিধাসমূহ হৈছে ব্যক্তিগত গতি, স্বাধীনতা, আৰু যাতায়াতৰ সৰলতা। গাড়ী উৎপাদন আৰু ৰক্ষণাবেক্ষণে বহু লোকক চাকৰি প্ৰদান কৰে।২০

পৰিৱেশৰ প্ৰভাৱ

জীৱাশ্ম ইন্ধনত চলা গাড়ীয়ে কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড আৰু PM2.5 নিঃসৰণ কৰে, যাৰ ফলত বায়ু প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন হয়। বিদ্যুৎচালিত গাড়ী এই প্ৰভাৱ হ্ৰাস কৰিবলৈ সহায় কৰে।২১

সামাজিক বিষয়

গাড়ী সামাজিক গঠন, বসতিৰ বিস্তাৰ, আৰু ব্যক্তি জীৱনত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে। ইয়ে নগৰীকৰণ, ট্ৰাফিক আন-জঁট, আৰু আৱাস অঞ্চলৰ পটভূমি সলনি কৰিছে। লগতে, গাড়ীৰ সহজলভ্যতাই গ্ৰামাঞ্চলৰ উন্নয়ন, যাতায়াত আৰু বাণিজ্যত সুবিধা কৰিছে।২২

উদীয়মান গাড়ী প্ৰযুক্তি

অতি সাম্প্ৰতিক উদ্ভাৱনসমূহত স্বয়ংচালিত গাড়ী, বিদ্যুৎচালিত বাহন, হাইব্ৰিড গাড়ী, আৰু জলবায়ু সুৰক্ষিত টেকনলজি আছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত গাড়ীয়ে ৰাস্তাৰ পৰিস্থিতি চিনাক্ত কৰি স্বয়ংভাৱে চলিব পাৰে।২৩

উদ্যোগ

বিশ্ব গাড়ী উদ্যোগত শীৰ্ষস্থানীয় কোম্পানিসমূহ হৈছে Toyota, Volkswagen, Hyundai, General Motors আদিৰ সৈতে চীন, জাপান, দক্ষিণ কোৰিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী বৃহৎ উৎপাদক দেশ। বিশ্বব্যাপী কোটি কোটি লোক এই উদ্যোগত নিযুক্ত হৈ আছে।২৪

বিকল্প

মটৰ গাড়ীৰ বিকল্প হিচাপে আছে চাইকেল, চালকবিহীন বাহন, বাছ, ৰেলগাড়ী, ট্ৰাম, আৰু উৰাজাহাজ। মহানগৰ অঞ্চলত বৈকল্পিক যাতায়াত ব্যৱস্থা তথা ৰাজহুৱা পৰিবহণৰ প্ৰচলন বৃদ্ধি পাইছে। তাৰ লগতে শ্বেয়াৰ কৰা বাহনৰ ব্যৱস্থা (যেনে উবেৰ, অ'লা) বৃদ্ধি পাইছে।২৫

তথ্যসূত্ৰ

  1. ↑ Fowler. (1976). Pocket Oxford Dictionary. Oxford University Press. ISBN 978-0198611134
  2. ↑ (1986-01-26). Some milestones of the auto age. The New York Times
  3. ↑ Birch, Ryan. (2024-06-14). Best American cars of all time - Oldsmobile Curved Dash. Auto Express
  4. ↑ 1926 Ford Model T Sports Touring Car. Washington Post
  5. ↑ (January 2017). The Motor Vehicle, 1917. Scientific American
  6. ↑ (21 August 2018). Automobile History. History.com
  7. ↑ Automobile Industry Introduction. Plunkett Research
  8. ↑ Smith, Matthew Nitch. (2016-04-22). The number of cars worldwide is set to double by 2040. World Economic Forum
  9. ↑ (9 August 2019). EV Price Parity Coming Soon, Claims VW Executive. CleanTechnica
  10. ↑ Electric V Petrol. British Gas
  11. ↑ (13 May 2019). Factcheck: How electric vehicles help to tackle climate change. Carbon Brief
  12. ↑ (6 February 2020). Electric Cars @ProjectDrawdown #ClimateSolutions. Project Drawdown
  13. ↑ Car Operating Costs. RACV
  14. ↑ (2004). World report on road traffic injury prevention. World Health Organization
  15. ↑ Jakle, John A.; Sculle, Keith A. (2004). Lots of Parking: Land Use in a Car Culture. University of Virginia Press. ISBN 0-8139-2266-6
  16. ↑ car, n.. Oxford English Dictionary
  17. ↑ (1986-01-26). Some milestones of the auto age. The New York Times
  18. ↑ Kirpal Singh. (2015). Automobile Engineering. Standard Publishers
  19. ↑ Vehicle safety ratings explained
  20. ↑ Car Operating Costs. RACV
  21. ↑ (13 May 2019). Factcheck: How electric vehicles help to tackle climate change
  22. ↑ John A. Jakle & Keith A. Sculle. (2004). Lots of Parking: Land Use in a Car Culture. University of Virginia Press
  23. ↑ Autonomous Vehicles. NHTSA
  24. ↑ World Motor Vehicle Production. OICA
  25. ↑ Alternative Transport Modes. US DOT

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মটৰ গাড়ী” প্ৰবন্ধৰ সংশোধন ৬৩১৪৩৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।