অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৰেলগাড়ী

ৰেলগাড়ী হৈছে সংযুক্ত বাহনৰ এটা শৃংখলা, যিবোৰ ৰেলপথৰ ওপৰেদি চলাচল কৰে। ৰেলগাড়ীৰ উৎপত্তি ঘোঁৰাই টনা ৱেগনৱে'ৰ পৰা হৈছিল, যিবোৰ পাথৰ বা কাঠৰ ৰেলপথত চলিছিল।

হালনাগাদ: ২২ জুলাই ২০২৫ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ৰেলগাড়ী১ হৈছে সংযুক্ত বাহনৰ এটা শৃংখলা, যিবোৰ ৰেলপথৰ ওপৰেদি চলাচল কৰে।

ৰেলগাড়ীৰ উৎপত্তি ঘোঁৰাই টনা ৱেগনৱে'ৰ পৰা হৈছিল, যিবোৰ পাথৰ বা কাঠৰ ৰেলপথত চলিছিল। ১৮০২ চনত যুক্তৰাজ্যত বাষ্পীয় লোক’মটিভ উদ্ভাৱনৰ পিছতে, ৰেলগাড়ী বিশ্বজুৰি ব্যাপকভাৱে বিস্তাৰ লাভ কৰে আৰু যাত্ৰী আৰু মাল অতি সোনকালে সস্তাত পৰিবহণ সম্ভৱ কৰি তোলে। ১৯শ শতিকাৰ অন্ত ভাগত নগৰবাসীৰ যাতায়াতৰ বাবে দ্ৰুত ৰেল পৰিবহণ আৰু ট্ৰামৰো উদ্ভৱ ঘটে। ১৯২০ চনৰ পৰা বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ডিজেল লোক’মটিভ আৰু বৈদ্যুতিক লোক’মটিভে বাষ্পৰ স্থান গ্ৰহণ কৰে। তাৰ পিছতে গাড়ী, ট্ৰাক আৰু বিস্তৃত ঘাইপথৰ বিস্তাৰ আৰু উৰাজাহাজৰ গুৰুত্ব বৃদ্ধি পোৱাৰ ফলত বহুতো ৰেলপথ বন্ধ হৈ পৰে। বাছ ব্যৱস্থাৰ প্ৰচলনৰ ফলত বহু দ্ৰুত ৰেল আৰু ট্ৰাম ব্যৱস্থাও বন্ধ কৰি দিয়া হয়।

সাধাৰণ ৰেলগাড়ী দুটা ৰে'লৰ ওপৰেৰে সমতল ভূমিত চলিলেও, কিছুমান বিশেষ ধৰণৰ ৰেল আছে যিবোৰ ভিন্ন ধৰণেৰে চলে।

প্ৰাকৃতিক গেছ বা উদজান চালিত ৰেলগাড়ী একবিংশ শতিকাৰ এটা নতুন বিকাশ।

তথ্যসূত্ৰ

  1. ↑ Definition of train (noun) in Compact OED. AskOxford.com. Oxford University Press

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তিপৰিবহণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেলগাড়ী” প্ৰবন্ধৰ সংশোধন ৫২৫৯৭৬ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।