উদ্যোগ (ইংৰাজী ভাষা: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন।১ কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়।২ যেতিয়া কোনো এক বৃহৎ গোটৰ আয়ৰ উৎস বহুকেইটা হয় তেতিয়া সেই গোটটোৱে কেইবাটাও উদ্যোগিক ক্ষেত্ৰত কাম-কাজ চলাই নিয়া বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ৰিলায়েঞ্চ ঔদ্যোগিক গোটে বহুকেইটা দিশত ব্যাৱসায়িক কাম-কাজ সম্প্ৰসাৰণ কৰিছে আৰু সেয়ে ই যোগাযোগ, জীৱন বীমা, খাৰুৱা তেল আদি বহুকেইটা ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত।
শ্ৰেণীবিভাগ
সাধাৰণ শ্ৰেণীবিভাগ
উদ্যোগসমূহৰ বিভিন্নধৰণে শ্ৰেণীবিভাগ কৰা হয়। ইয়াৰ ভিতৰত তিনি খণ্ডৰ সূত্ৰ বা থ্ৰি-চেক্টৰ থিয়ৰি (three-sector theory) আৰু উৎপাদিত সামগ্ৰীৰ ভিত্তিত কৰা শ্ৰেণীবিভাগেই প্ৰধান।
- তিনি খণ্ডৰ সূত্ৰ: অৰ্থনীতিৰ এই সূত্ৰ অনুসাৰে উদ্যোগসমূহক তিনিটা অৰ্থনৈতিক খণ্ড, যথাক্ৰমে প্ৰাথমিক বা আহৰণ খণ্ড, গৌণ বা নিৰ্মাণ খণ্ড আৰু তৃতীয় বা সেৱা খণ্ডত ভগাব পাৰি। কোনো কোনো লেখকে চতুৰ্থ বা জ্ঞান খণ্ড আৰু পঞ্চম বা সংস্কৃতি আৰু গৱেষণা খণ্ডৰ কথাও উল্লেখ কৰিছে।
- উৎপাদিত সামগ্ৰী: উৎপাদিত সামগ্ৰীৰ ভিত্তিত উদ্যোগসমূহক বিভিন্ন খণ্ড যেনে নিৰ্মাণ, ৰসায়ন, খাৰুৱা তেল, খাদ্য, ছফটৱেৰ, বস্ত্ৰ, বৈদ্যুতিন আদিত ভগাব পাৰি।
বিত্ত আৰু মাৰ্কেট ৰিচাৰ্ছ আদিৰ ক্ষেত্ৰত বজাৰৰ ভিত্তিত উদ্যোগৰ শ্ৰেণীবিভাজন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ
ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা বিভাগে কৰা আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ বা চমুকৈ ISIC হৈছে সম্পূৰ্ণ তথা শৃংখলাৱদ্ধ ঔদ্যোগিক শ্ৰেণীবিভাগ।৩
সহায়ক গ্ৰন্থ
- Krahn, Harvey J., and Graham S. Lowe. Work, Industry, and Canadian Society. Second ed. Scarborough, Ont.: Nelson Canada, 1993. xii, 430 p. ISBN 0-17-603540-0
তথ্যসূত্ৰ
- ↑ dictionary.reference.com/browse/industry Industry | Define Industry at Dictionary.com
- ↑ 'Definition of Industry' Investopedia
- ↑ ISIC (Rev.4)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্যোগ” প্ৰবন্ধৰ সংশোধন ২৩৪২৫৫ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।