সত্যৱতী চৌহান, মংলী নামেৰে জনাজাত, এগৰাকী ভাৰতীয় গায়িকা আৰু টেলিভিছনৰ উপস্থাপিকা।১ তেওঁ মূলতঃ তেলুগু ভাষাৰ গান গায় আৰু তেওঁ সাংস্কৃতিক গীতৰ বাবে পৰিচিত। তেওঁ ছিমা বঁটা আৰু আইআইএফএ উৎসৱ বঁটা লাভ কৰিছে। তেওঁ তেলুগুৰ উপৰিও বঞ্জাৰা, কন্নড়, তামিল আৰু হিন্দী ভাষাত গীত গায়।
প্ৰাথমিক জীৱন
মংলীয়ে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুটি অঞ্চলৰ বঞ্জাৰা সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছিল। তেওঁ তিৰুপতিৰ শ্ৰীভেংকটেশ্বৰ বিশ্ববিদ্যালয়ৰ পৰা কৰ্ণাটকী সংগীতৰ ডিপ্লমা কৰিছিল।২ দেউতাকে তেওঁক সৰুৰে পৰা গায়িকা হ'বলৈ উৎসাহিত কৰিছিল। শিক্ষকসকলৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ সংগীত শিক্ষয়িত্ৰী হ’ব বিচাৰিছিল। টেলিভিছন প্ৰেজেণ্টিঙৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ হায়দৰাবাদলৈ গুচি যায় মংলী।
মংলীৰ কনিষ্ঠ ভগ্নী ইন্দ্ৰৱতী চৌহানে পুষ্পা: দ্য ৰাইজ ছবিখনৰ হিট গীত "উ অন্তাভা উ উ অন্তাভা" গাই বিখ্যাত হৈছিল। এই গীতটো কানাড়া সংস্কৰণ গাইছিল মংলীয়ে।
কেৰিয়াৰ
তেওঁ এইচএমটিভিৰ ব্যংগমূলক নিউজ শ্ব’ত কাম কৰিছিল।৩
তেওঁ বাথুকম্মা, বোনালু আৰু তেলেংগানা গঠন দিৱসৰ দৰে তেলেংগানাৰ উৎসৱত গীত গায়৷ ২০১৮ চনৰ তেলেংগানা গঠন দিৱসৰ বাবে তেওঁ গোৱা গীত Orugallu Kotanadugu হিট হৈ পৰে।৪৫ তেওঁ সপ্তগিৰি এক্সপ্ৰেছ, ৰাজ মহল, নীধি নাদি ওকা কথা, জৰ্জ ৰেড্ডী চলচ্চিত্ৰত গীত গোৱাৰ লগতে ২০২০ চনৰ একচন- ড্ৰামা টলীউড ছবি আলা বৈকুণ্ঠপুৰমুলুৰৰামুলু ৰামুলা গীতটো গাইছিল।
২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত লক্ষ্মী মাঞ্চু মহাৰাণীয়ে আয়োজন কৰা এটা অনুষ্ঠানত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০২১ চনত লাভ ষ্ট'ৰী ছবিখনত তেওঁ গোৱা "সাৰংগ দৰীয়া" গীতটো জনপ্ৰিয় হৈছিল।৬
তথ্যসূত্ৰ
- ↑ (24 September 2017). Sing in devotion, dance in celebration. thehansindia.com
- ↑ (24 September 2017). Sing in devotion, dance in celebration
- ↑ (18 August 2017). Teej celebrated with gaiety. thehansindia.com
- ↑ (31 May 2018). Singles on Telangana ahead of Formation Day. The Hindu
- ↑ Folk music on a new wave. telanganatoday.com
- ↑ The contestants on Lakshmi Manchu's 'Maharani' to dress up like historical queens for the grand finale – Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংলী” প্ৰবন্ধৰ সংশোধন ৪৮১৬৯১ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।