ভদৰৱাহী বা ভদ্ৰৱাহী এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা ঘাইকৈ জম্মু আৰু কাশ্মীৰৰ ভদৰৱাহ বা ভদ্ৰকাশী অঞ্চলত ব্যৱহাৰ কৰা হয়।
ভদৰৱাহী শব্দই ঠেক অৰ্থত ভদৰৱাহ অঞ্চলত কথিত ভিড়লাঈ উপভাষাক বুজাব পাৰে। কিন্তু বহল অৰ্থত, ই তাৰ উপৰিও মুখ্য ভদৰৱাহীৰ সৈতে সম্বন্ধ ৰখা অন্যান্য উপভাষাকো সামৰা সেই গোটক বুজাব পাৰে যি সেই অঞ্চলত কথিত য'ত মানক ভদৰৱাহী এক সংযোগী ভাষা। ভদৰৱাহীৰ উপৰিও এই গোটক পাডৰী বা ভলেসী নামেৰেও জনা যায়।১ চুৰাহী ভাষা এই ভাষাৰ সৈতে সম্বন্ধিত।
ভদৰৱাহীক টাকৰী লিপিত এনেদৰে লিখা হয়: 𑚡𑚛𑚤𑚦𑚭𑚩𑚯। তাৰ অন্য ৰূপ হ'ল ভদেৰৱাহী (𑚡𑚛𑚲𑚤𑚦𑚭𑚩𑚯),২ ভদেৰৱালী (𑚠𑚛𑚲𑚤𑚦𑚭𑚥𑚯), ভদৰী (𑚡𑚛𑚤𑚯), ভদৰোহী (𑚠𑚛𑚶𑚤𑚴𑚩𑚯), ভদলয়ী (𑚡𑚛𑚥𑚭𑚣𑚯) আৰু ভদলঈ (𑚡𑚛𑚥𑚭𑚃)।
স্থিতি
এই ভাষাক অনেকে পাহাড়ীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষাক ডোগ্ৰীৰ উপভাষা জ্ঞান কৰে।৩ এই ভাষাটোৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে, এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল ভদৰৱাহী অভিভাৱকে নিজৰ শিশুক এই ভাষা মাতৃভাষা হিচাপে নিশিকোৱা হৈছে, যাৰ ফলত এই ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে। এই ভাষাৰ স্থান লৈছে কাশ্মিৰী, হিন্দী আৰু উৰ্দু ভাষায়।৪
উল্লেখযোগ্য কৰ্ম
চাৰাজী আৰু ভদৰৱাহী ভাষাক উৎসাহ যোগাবলৈ চেনাব টাইমছত এই দুই ভাষাতো দৈনিক বাতৰিৰ শিৰোনাম প্ৰদৰ্শন কৰা হয়।৫৬
তথ্য সংগ্ৰহ
উৎসসমূহ
- Masica. (21 March 1991). The Indo-Aryan Languages. Cambridge University Press. ISBN 978-0-521-23420-7
তথ্যসূত্ৰ
- ↑ Kaul. (2006). Pahāṛi and Other Tribal Dialects of Jammu. Eastern Book Linkers. পৃ. 85–86. ISBN 8178541017. The classification there includes Rodhari as a separate node, but elsewhere (pp.123–24), it is subsumed under Khasali
- ↑ Phonological System of Bhaderwahi
- ↑ Tiwari. Bhartiya Bhashaon Ki Pahchan. Vani Prakashan. ISBN 978-93-5229-677-4
- ↑ Endangered languages
- ↑ (18 August 2021). Cultural Academy Doda non-functional since long
- ↑ (7 August 2021). چناب ٹائمز' کا وفد ڈپٹی کمشنر ڈوڈہ سے ملاقی
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভদৰৱাহী” প্ৰবন্ধৰ সংশোধন ৩৮৫৫৫৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।