অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা

অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা বা, চমুকৈ অসম-চি.ই.ই. হ'ল ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত এটা প্ৰৱেশ পৰীক্ষা। অসমৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা বা, চমুকৈ অসম-চি.ই.ই. হ'ল ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত এটা প্ৰৱেশ পৰীক্ষা। অসমৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাছত অভিযান্ত্ৰিক শিক্ষাৰ স্নাতক ডিগ্ৰীৰ বাবে অসমত থকা অভিযান্ত্ৰিক মহাবিদ্যলয়ত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাত দিব লাগে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ দুযোখন ব'ৰ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। পূৰ্বতে এই পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিছিল আৰু চিকিৎসা পাঠ্যক্ৰমৰো নামভৰ্ত্তি ইয়াৰ দ্বাৰা হৈছিল।

যোগ্যতা নিৰ্ণয়

  • পৰীক্ষাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
  • আবেদনকাৰীৰ বয়স ১৭ ৰ পৰা ২১ বছৰৰ ভিতৰত হ'ব লাগিব।
  • আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত/জীৱবিজ্ঞান বিষয়ত উত্তীৰ্ণ হ'ব লাগিব লগতে ন্যূনতম ৫০ শতাংশ প্ৰাপ্ত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীসকলে ন্যূনতম ৪৫ শতাংশ প্ৰাপ্ত হ'ব লাগে।

পৰীক্ষাৰ কেন্দ্ৰসমূহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা” প্ৰবন্ধৰ সংশোধন ৪২৭৯৯১ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।