ঔপনিবেশিক ভাৰত
৫ প্ৰবন্ধ
-
ব্ৰিটিছ ৰাজ
ব্ৰিটিছ ৰাজ (; rāj, সংস্কৃত আৰু হিন্দুস্তানী ভাষাত "শাসন") বুলিলে ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসনক বুজায়। ব্ৰিটিছৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোক প্ৰচলিত ভাষাত ইণ্ডিয়া বা ভাৰত বোলা হৈছিল।
-
ইলবাৰ্ট বিল
ইলবাৰ্ট বিল ১৮৮৩ চনৰ ৯ ফেব্ৰুৱাৰীত ভাৰতৰ বৃটিছ সাম্ৰাজ্ৰিক বিধায়িনী পৰিষদত (ব্ৰিটিছ ইণ্ডিয়াৰ ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিল )(আই এল চি)ত উত্থাপন কৰা এখন বিধেয়ক আছিল ইলবাৰ্ট বিল। এই বিধেয়কখনৰ যোগেদি কৃষ্ণাংগ ন্যায়াধীশে শ্বেতাংগলোকৰ সৈতে জড়িত থকা গোচৰৰ সভাপতিত্ব কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছিল।
-
দিল্লী দৰবাৰ
দিল্লী দৰবাৰ ভাৰতৰ সম্ৰাট বা সম্ৰাজ্ঞীৰ ৰাজপাটত বহাৰ উদ্যাপনৰ উদ্দেশ্যে ভাৰতৰ দিল্লীৰ ক'ৰ'নেচন পাৰ্কত ব্ৰিটিছ ৰাজে আয়োজন কৰা ৰাজকীয় ৰাজহুৱা সমাৱেশ আছিল। ইয়াৰ আনুষ্ঠানিক নামটো পাৰ্চী শব্দ দৰবাৰ (ৰজাৰ দৰবাৰ)ৰপৰা লোৱা হৈছে।
-
ফৰাচী ভাৰত
ফৰাচী ভাৰত ( French India) এখন ফৰাচী উপনিবেশ আছিল, যি ভাৰতীয় উপমহাদেশৰ পাঁচটা ভৌগোলিকভাৱে পৃথক ছিটমহলেৰে (enclave) গঠিত আছিল। এইবোৰ প্ৰথমতে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা আছিল। ১৯৫০ আৰু ১৯৫৪ চনত ফৰাচীৰ দখলত থকা অঞ্চলবোৰ ভাৰতীয় গণৰাজ্যত অন্তৰ্ভুক্ত কৰি লোৱা হয়।
-
সুগৌলী সন্ধি
সুগৌলী সন্ধি ১৮১৪–১৬ চনৰ এংলো-নেপালী যুদ্ধৰ পিছত ১৮১৬ চনৰ ৪ মাৰ্চত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু গুৰু গজৰাজ মিশ্ৰৰ মাজত স্বাক্ষৰিত হয়।