ভূতপূৰ্ব দেশ
৪ প্ৰবন্ধ
-
ব্ৰিটিছ ৰাজ
ব্ৰিটিছ ৰাজ (; rāj, সংস্কৃত আৰু হিন্দুস্তানী ভাষাত "শাসন") বুলিলে ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসনক বুজায়। ব্ৰিটিছৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোক প্ৰচলিত ভাষাত ইণ্ডিয়া বা ভাৰত বোলা হৈছিল।
-
ছিক্কিম
ছিক্কিম (Sikkim; ) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম। ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়।
-
ছ'ভিয়েট সংঘ
ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: Сове́тский Сою́з, ছ'ভেতস্কিয়্ ছ'য়ুজ, আইপিএ: [sɐ'vʲetskʲɪj sɐˈjʉs]), আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: Сою́з Сове́тских Социалисти́ческих Респу́блик, ছ'য়ুজ ছ'ভেটস্কিখ ছৎচিয়েলিষ্টিছেস্কিখ ৰেস্প'ব্লিক, আইপিএ: [sɐˈjus sɐˈvʲɛtskʲɪx…
-
ফৰাচী ভাৰত
ফৰাচী ভাৰত ( French India) এখন ফৰাচী উপনিবেশ আছিল, যি ভাৰতীয় উপমহাদেশৰ পাঁচটা ভৌগোলিকভাৱে পৃথক ছিটমহলেৰে (enclave) গঠিত আছিল। এইবোৰ প্ৰথমতে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা আছিল। ১৯৫০ আৰু ১৯৫৪ চনত ফৰাচীৰ দখলত থকা অঞ্চলবোৰ ভাৰতীয় গণৰাজ্যত অন্তৰ্ভুক্ত কৰি লোৱা হয়।