অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেগম জাফৰ আলী

বেগম জাফৰ আলী ( Begum Zaffar Ali; জন্ম. চাহেবজাদী চৈয়দা ফাটিমা; ১৯০১-১৯৯৯) কাশ্মীৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা। শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা বেগম আলী কাশ্মীৰৰ বিদ্যালয় পৰিদৰ্শক হিচাপে নিযুক্ত হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বেগম জাফৰ আলী ( Begum Zaffar Ali; জন্ম. চাহেবজাদী চৈয়দা ফাটিমা; ১৯০১-১৯৯৯)১ কাশ্মীৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা। শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা বেগম আলী কাশ্মীৰৰ বিদ্যালয় পৰিদৰ্শক হিচাপে নিযুক্ত হয়।২ তেওঁ আছিল এগৰাকী শিক্ষাবিদ, নাৰী মুক্তি আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী, শিক্ষা বিভাগৰ উপ-সঞ্চালক আৰু পৰৱৰ্তী সময়ত ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বিধায়ক।৩ তেওঁ অল ইণ্ডিয়া ৱ’মেন কনফাৰেঞ্চৰ কাৰ্যক্ৰমৰ সৈতে জড়িত আছিল আৰু ভাৰত বিভাজনৰ পূৰ্বে এই সংগঠনটোৰ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। মহম্মদ আলী জিন্না আৰু তেওঁৰ ভনীয়েক ফাটিমা জিন্না কাশ্মীৰলৈ আহোঁতে জাফৰৰ পৰিয়ালত আপ্যায়নৰ ব্যৱস্থা কৰা হৈছিল। এই সুবাদতে বেগম আলীৰ তেওঁলোকৰ সৈতে সাক্ষাতৰ সুযোগ পায় আৰু জিন্না ভাতৃ-ভগ্নীদ্বয়ৰ দ্বাৰা তেওঁ প্ৰভাৱিত হয়। তাৰ পিছতেই স্বাধীনতা আন্দোলনত তেওঁৰ প্ৰচেষ্টা কেন্দ্ৰীভূত কৰিবলৈ অল ইণ্ডিয়া ৱ’মেন কনফাৰেঞ্চ ত্যাগ কৰে।৩৪

প্ৰাৰম্ভিক জীৱন

বেগম জাফৰ আলী ১৯০১ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক খান বাহাদুৰ চৈয়দ হুছেইন ঠাকুৰ কাশ্মীৰৰ মহাৰজা হৰি সিংহৰ শাসনত গৃহ আৰু আইন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।৫

কৰ্মজীৱন

বেগম আলী ১৯২৫ চনত গাৰ্লছ্ মিচন হাইস্কুলত (বৰ্তমান মলিনচন গাৰ্লছ্ স্কুল) শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। নাৰীৰ অধিকাৰ সম্পৰ্কত আপোচবিহীন এই মহিলাগৰাকীয়ে কাশ্মীৰ উপত্যাকাৰ ছোৱালীবোৰৰ শিক্ষা সংক্ৰান্তত সচেতনতা বৃদ্ধিৰ বাবে মানুহৰ ঘৰেঘৰে গৈ শিক্ষা যে নাৰী সবলীকৰনৰ মাধ্যম, তাকে বুজাইছিল। বিভিন্ন অনুষ্ঠানত তেওঁ প্ৰদান কৰা বক্তব্যই উপত্যাকাৰ মহিলাসকলক যথেষ্ঠ অনুপ্ৰাণিত কৰিছিল আৰু নিজৰ জীয়েকহঁতক বিদ্যালয়লৈ পঠাবলৈ ব্যপকভাবে অনুপ্ৰাণিত কৰিছিল।৪ বেগম আলী কাশ্মীৰৰে এক সম্ভ্ৰান্ত আফগান পৰিয়ালৰ সন্তান আগা জাফৰ আলী কিজিলবাছৰ সৈতে বিবাহবন্ধনত আবদ্ধ হয়।৬

দম্পত্তিহালৰ তিনিজন পুত্ৰ সন্তান আছিল। বৰ পুত্ৰ আগা নাচিৰ আলী ভাৰতীয় অসামৰিক সেৱাৰ এজন বিষয়া আছিল, যিয়ে ভাৰত চৰকাৰৰ শ্ৰম সচিব ৰূপে ১৯৭৭ চন অৱসৰ লৈছিল। মাজু পুত্ৰ আগা চৌকত আলী ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ অসামৰিক সেৱাত যোগদান কৰিছিল। সৰু পুত্ৰ আশ্ৰফ আলী এজন শিক্ষাবিদ আছিল আৰু জন্মু আৰু কাশ্মীৰৰ উচ্চশিক্ষা বিভাগৰ আয়ুক্ত ৰূপে অৱসৰ লৈছিল।২ নাতিয়েক প্ৰখ্যাত ‘কাশ্মিৰী-আমেৰিকান’ কবি আগা শাহিদ আলী ৰচিত দ্য ভেইল্ড চ্যুট: দ্য কালেক্টেড পয়েম (The Veiled Suite: The Collected Poem) শীৰ্ষক এখন কবিতা সংকলনত বেগম আলীৰ সোঁৱৰণত ৰচিত এটা কবিতা আছে।৭

সন্মান

১৯৮৭ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে বিভূষিত কৰে।৮ কিন্তু পিছত দূৰদৰ্শন (চেনেল)ত দিয়া এক সাক্ষাৎকাৰত তেওঁ চৰকাৰৰ অগণতান্ত্ৰিক নীতিৰ প্ৰতিবাদত পুৰস্কাৰ ওভতাই দিয়াৰ ঘোষণা কৰে। ১৯৯০ৰ দশকত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়৫ আৰু ১৯৯৯ চনত তাতেই তেওঁৰ মৃত্যু হয়। যুক্তৰাষ্ট্ৰত তেওঁ পুত্ৰ আগা চৌকত আলীৰ সৈতে বাস কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ https://kashmirlife.net/kandahars-qizilbash-issue-35-vol-09-157293/
  2. ↑ (2017-11-30). Kandahar's Qizilbash
  3. ↑ (22 March 2015). Seven Influential Kashmiri Women. The Parallel Post
  4. ↑ › History
  5. ↑ [libasapp.pakkapapita.com/?p=5452]
  6. ↑ Agha Family of Srinagar Kashmir
  7. ↑ Shahid Ali Agha. (2009). The Veiled Suite: The Collected Poems. Penguin Books India. পৃ. 393. ISBN 9780393068047
  8. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

কাশ্মীৰী ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীসমাজ সংস্কাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম জাফৰ আলী” প্ৰবন্ধৰ সংশোধন ৩৮২১৯৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।