কামৰূপ মহানগৰ জিলা
১১ প্ৰবন্ধ
-
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু সংলগ্ন বৃহৎ শিক্ষণ-চিকিৎসালয়। ১৯৬০ চনত অসম চৰকাৰে স্থাপন কৰা এই প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত স্বাস্থ্য শিক্ষা আৰু স্বাস্থ্যসেৱা—দুয়ো ক্ষেত্ৰতেই…
-
সন্দিকৈ ছোৱালী মহাবিদ্যালয়
সন্দিকৈ ছোৱালী মহাবিদ্যালয় গুৱাহাটীৰ পাণবজাৰ এলেকাত, দীঘলীপুখুৰীৰ কাষত অৱস্থিত এখন ৰাজহুৱা ছোৱালী মহাবিদ্যালয়। ১৯৩৯ চনত প্ৰতিষ্ঠিত এই প্রতিষ্ঠানটো অসমত নাৰী উচ্চশিক্ষাৰ অগ্ৰগতিৰ এটা ঐতিহাসিক কেন্দ্ৰ আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
কামৰূপ মহানগৰ জিলা
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
-
গুৱাহাটী তেল শোধনাগাৰ
গুৱাহাটী তেল শোধনাগাৰ (Guwahati Refinery) অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ নুনমাটিত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। গুৱাহাটী তেল শোধনাগাৰ ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰথমটো শোধনাগাৰ। ১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল।
-
সোণাপুৰ
সোণাপুৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ আৰু গুৱাহাটী মহানগৰৰ পূব প্ৰান্তৰ এটা গুৰুত্বপূৰ্ণ নগৰীয়া অঞ্চল। ই সোণাপুৰ ৰাজহ চক্ৰৰ সদৰ আৰু গুৱাহাটীৰ পৰা পূব দিশে অৱস্থিত।
-
গুৱাহাটী মহাবিদ্যালয়
গুৱাহাটী মহাবিদ্যালয় (Guwahati College) অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৪ চনত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
কৰ্মচাৰী ৰাজ্য বীমা নিগম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা
কৰ্মচাৰী ৰাজ্য বীমা নিগম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা বা ই.এছ.আই.চি. চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা অসমৰ গুৱাহাটীৰ বেলতলা অঞ্চলত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়।
-
ছত্ৰাকাৰ দেৱালয়
ছত্ৰাকাৰ দেৱালয় (Chatrakar Devalaya) অসমৰ গুৱাহাটীৰ উজান বজাৰত অৱস্থিত মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে অৱস্থিত মংগলচণ্ডী দেৱীৰ মন্দিৰটো কলীয়া ভোমোৰা বৰফুকনে নিৰ্মাণ কৰাইছিল।
-
এছ বি দেওৰা মহাবিদ্যালয়
এছ বি দেওৰা মহাবিদ্যালয় (S B Deorah college ) ভাৰত ৰ ৰাজ্য, অসম ৰ গুৱাহাটী মহাবিদ্যালয়খন ১৯৮৪ চনৰ ৯ ছেপ্টেম্বৰত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয় ৰ অন্তৰ্ভুক্ত। মহানগৰৰ জি এছ ৰোড, উলুবাৰীত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।
-
পাণ্ডু বন্দৰ
পাণ্ডু বন্দৰ (Pandu Port) অসম গুৱাহাটীৰ পাণ্ডুত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। বন্দৰটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহৎ নদী বন্দৰ। ইয়াত বহুতো যাত্ৰীবাহী জাহাজ পৰ্যটকৰ সৈতে অহা যোৱা কৰে।
-
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (Pragjyotishpur University) অসমৰ কামৰূপ মহানগৰ জিলাৰ হাজংবাৰীত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত গৃহীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।