প্ৰফুল্লবালা বৰুৱা (Prafullabala Barua) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেখেত বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী প্ৰিয়বালা ৰাভাৰ জ্যেষ্ঠ ভগ্নী, নাট্যশিল্পী প্ৰবোধ বৰুৱাৰ পত্নী আৰু প্ৰতিষ্ঠিত কণ্ঠশিল্পী তথা গীতিকাৰ ৰুবী সিংহৰ মাতৃ। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা গঠিত অসমৰ প্ৰথমটো মহিলাৰ অৰ্কেষ্ট্ৰা দলৰ প্ৰধান সদস্যা আছিল প্ৰফুল্লবালা বৰুৱা। ১৯৩৭ চনত কলিকতাৰ ষ্টুডিঅ'ত গ্ৰামোফোন ৰেকৰ্ডত গীত- নাট বাণীবদ্ধ কৰিবলৈ নিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত শিল্পীৰ দলটোত মুখ্য মহিলা কণ্ঠশিল্পী আছিল প্ৰফুল্লবালা বৰুৱা। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰফুল্লবালা বৰুৱাৰ কণ্ঠত বাণীবদ্ধ কৰোৱা ৰেকৰ্ড দুখন আছিল কুৰুৱা বতাহে, টিলাই মিলাই আৰু অ ' ৰংপুৰীয়া জী, অই আলহী। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰফুল্লবালা বৰুৱাৰ সৈতে দ্বৈত কণ্ঠত বাণীবদ্ধ কৰা ৰেকৰ্ড দুখন হৈছে (Senola Q.S. 260) গুৰু মোৰ শংকৰ, গকুলৰ যশোদা মাই, ( Senola Q.S. 446) নাৱৰভৰসা নাই, ৰঙতে বান্ধিছ ঘৰ।১ বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত বিহুৱতী নাটখনত বগীতৰা চৰিত্ৰত আৰু জন্মাষ্টমী নাটখনত দৈৱকীৰ ভাওত প্ৰফুল্লবালা বৰুৱাই দক্ষতাৰে অভিনয় কৰিছিল। ২ ১৯৩৭ চনৰ নৱেম্বৰ মাহত বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়াৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ তেওঁৰ প্ৰথম পত্নী প্ৰিয়বালা ৰাভা আৰু জেশাহু প্ৰফুল্লবালা বৰুৱাৰ সৈতে বাণীবদ্ধ কৰিছিল। গীতটোৰ সংগীত পৰিচালনা বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰু সুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আছিল। ৩
প্ৰাৰম্ভিক জীৱন
প্ৰফুল্লবালা দত্তৰ জন্ম ১৯১১ চনত। তেখেত ডিব্ৰুগড় জিলা নিৱাসী আনন্দ দত্ত আৰু দুৰ্গাময়ী দত্তৰ ডাঙৰ জীয়ৰী আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী প্ৰিয়বালাৰ বায়েক। তেওঁ শৈশৱতে সংগীতৰ প্ৰতি আকৃষ্ট হয় আৰু যোৰহাট বঙাল পুখুৰী অঞ্চলত বাস কৰা ককাদেউতাক গোপাল দত্তৰ সংগীত মুখৰ ঘৰখনতেই বেছিকৈ থাকিবলৈ লয়। শৈশৱ আৰু যৌৱনৰ অধিকাংশ সময় প্ৰফুল্লবালাই ককাদেউতাৰ ঘৰতেই কটায় আৰু সংগীত সাধনাত ব্ৰতী হয়। ১৯২১ চনত মহাত্মা গান্ধী যোৰহাটলৈ আহোঁতে তেওঁৰ আগত অম্বিকাগিৰি ৰায়চৌধুৰীৰ আজি বন্দো কি ছন্দেৰে সমাগত বিৰাট নৰনাৰায়ণ ৰূপ গীতটো পৰিৱেশনত আন শিল্পীসকলৰ সৈতে কণ্ঠদান কৰিবলৈ প্ৰফুল্লবালাই সুযোগ লাভ কৰে।৪ প্ৰফুল্লবালাই সেই সময়ত আই নাম, বিয়া নাম, নিচুকণি গীত আদি অতি সফলতাৰে আয়ত্ত কৰিছিল। ককাদেউতাক গোপাল দত্তই তেওঁৰ নুমলীয়া জীয়েক সৰস্বতীৰ লগতে প্ৰফুল্লবালাক ঢাকাৰ ইডেন স্কুলত পঢ়িবলৈ পঠিয়ায়। ইডেন স্কুলত পঢ়ি থকা কালত প্ৰফুল্লবালাই ওচৰৰ সংগীত বিদ্যালয়ত এচৰাজ, বেহেলা আৰু চেতাৰ বজাবলৈ শিকে আৰু এই তিনিওবিধ বাদ্যযন্ত্ৰত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰে।
বিবাহ আৰু পৰিয়াল
১৯৩০ চনত প্ৰফুল্লবালা তেজপুৰ মাজগাঁৱৰ চন্দ্ৰহংস বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ প্ৰবোধ বৰুৱাৰ লগত বিয়া হয়। প্ৰবোধ বৰুৱা নিজে এগৰাকী দক্ষ মঞ্চ অভিনেতা হোৱাৰ উপৰিও এগৰাকী সংগীত অনুৰাগী আছিল। ১৯৩৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই বাণীবদ্ধ কৰা শোণিতকুঁৱৰী আৰু জয়মতী দুয়োখন নাটকত প্ৰবোধ বৰুৱাই অভিনয় কৰিছিল। তেওঁ পত্নী প্ৰফুল্লবালাক বিয়াৰ পাছত সংগীত চৰ্চা অব্যাহত ৰাখিবলৈ উৎসাহ প্ৰদান কৰিছিল। প্ৰফুল্লবালাই শহুৰেকৰ ঘৰখনত সংগীত চৰ্চা অব্যাহত ৰখাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। প্ৰবোধ বৰুৱাৰ ঘৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আদি কৰি অনেক শিল্পীৰ অহা-যোৱা আছিল কাৰণে প্ৰফুল্লবালাক সংগীত চৰ্চা কৰি যাবলৈ উৎসাহ দিয়া মানুহৰ অভাৱ নাছিল। শহুৰেকৰ ঘৰলৈ আহি প্ৰফুল্লবালাই নন্দেক গিৰিজা বৰুৱাক এচৰাজ বজোৱাত আৰু গীত গোৱাত পাৰদৰ্শিতা অৰ্জন কৰাত সহায় কৰে। প্ৰফুল্লবালাই ভনীয়েক প্ৰিয়বালা আৰু প্ৰীতিবালাইও গীত গোৱাত ৰাপ থকা কাৰণে দেউতাকৰ অকাল মৃত্যুৰ পাছত প্ৰফুল্লবালাই ভনীয়েক দুগৰাকীক তেজপুৰলৈ লৈ আনে আৰু সংগীত চৰ্চাত লগায়। সোনকালেই প্ৰফুল্লবালাৰ স্বামীৰ ঘৰখনতেই মহিলা শিল্পীৰ গোটটো বেছ ডাঙৰ হয়। দলটোৱে সেই সময়ত জ্যোতি সংগীত বিশেষকৈ শোণিতকুঁৱৰী আৰু জয়মতী নাটকৰ গীতবোৰ চৰ্চা কৰাৰ উপৰিও এচৰাজ, বেহেলা, বাঁহী, অৰ্গেন আদি বজাবলৈ লয়। প্ৰবোধ বৰুৱা আৰু প্ৰফুল্লবালা বৰুৱাৰ জীয়ৰী সাধনা, মমতা, মন্দিৰা কণ্ঠশিল্পী, সুধিৰা অভিনেত্ৰী আৰু কনিষ্ঠ কন্যা ৰুবী সিংহ অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী তথা গীতিকাৰ।
সংগীত - নাট জীৱন
তেজপুৰ মাজগাঁৱৰ স্বামীগৃহত প্ৰফুল্লবালা বৰুৱাই নিজৰ দুগৰাকী ভনীয়েক প্ৰিয়বালা আৰু প্ৰীতিবালা, নন্দেক গিৰিজা বৰুৱাক লৈ সংগীত চৰ্চা কৰিবলৈ লয়। এনেদৰেই প্ৰফুল্লবালাৰ স্বামীগৃহতেই মহিলা সংগীত শিল্পীৰ এটি পাৰদৰ্শী গোট গঠন হয়। এই সংগীত অনুৰাগী মহিলাসকলৰ উদ্যম দেখি জ্যোতিপ্ৰসাদ আগৰৱালাই এটা মহিলাৰ বাজনা দল ( অৰ্কেষ্ট্ৰা ) গঠন কৰিবলৈ মন মেলে। সেই মহিলাৰ অৰ্কেষ্ট্ৰা দলটো গঠনতো প্ৰফুল্লবালা বৰুৱাই আগভাগ লয়। ১৯৩৬ চনত তেজপুৰত অসম সাহিত্য সভাৰ অধিৱেশনৰ আয়োজন আৰম্ভ হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰফুল্লবালা বৰুৱাৰ তেজপুৰ মাজগাৱৰ স্বামীগৃহলৈ গৈ প্ৰফুল্লবালাৰ মহিলা অৰ্কেষ্ট্ৰা দলে অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত অৰ্কেষ্ট্ৰা পৰিৱেশন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। সেই অনুসৰি ১৯৩৬ চনৰ এপ্ৰিলৰ অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰফুল্লবালাৰ মহিলা অৰ্কেষ্ট্ৰা দলে মোৰে জীৱনৰে সখা কৃষ্ণ আৰু আন আন অসমীয়া সুৰ পৰিৱেশন কৰি উপস্থিত ৰাইজক স্তম্ভিত কৰে। এজাক অসমীয়া জীয়ৰী বোৱাৰীয়ে ভিন ভিন পোছাক পিন্ধি ভিন ভিন বাদ্যযন্ত্ৰত অসমীয়া সুৰৰ সমলয় তোলাটো আছিল সেই সময়ৰ এক অভূতপূৰ্ব ঘটনা। তাৰপাছত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰফুল্লবালা বৰুৱাৰ মহিলা সংগীত শিল্পীৰ দলটোৰ সহায়ত অসমৰ সংগীত জগতত নতুন যুগৰ সূচনা কৰিবলৈ পৰিকল্পনা কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই বহু গীত আৰু কেইখনমান নাটক ৰচনা কৰি তেজপুৰত প্ৰফুল্লবালা বৰুৱাৰ মহিলা সংগীত দলৰ সদস্য সকলক লৈ আখৰা আৰম্ভ কৰে। ১৯৩৭ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতালৈ গ্ৰামোফোন ৰেকৰ্ডত গীত নাট বাণীবদ্ধ কৰিবলৈ নিয়া দলটোৰ প্ৰধান চালিকা শক্তি আছিল প্ৰফুল্লবালা বৰুৱা আৰু তেওঁৰ মহিলা সংগীত দলটো। বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতাৰ ষ্টুডিঅ'ত প্ৰফুল্লবালা বৰুৱাৰ কণ্ঠত দুখন ৰেকৰ্ডত বাণীবদ্ধ কৰিলে কুৰুৱা বতাহে, টিলাই টিলাই আৰু অ' ৰঙপুৰীয়া জী, অই আলহী। তাৰোপৰি বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰফুল্লবালা বৰুৱাৰ সৈতে দ্বৈত কণ্ঠত দুখন ৰেকৰ্ড বাণীবদ্ধ কৰে। সেই ৰেকৰ্ড দুখন আছিল (Senola Q.S. 260) গুৰু মোৰ শংকৰ, গকুলৰ যশোদা মাই আৰু (Senola Q.S. 446) নাৱৰ ভৰসা নাই, ৰঙতে বান্ধিছ ঘৰ।৫বিষ্ণুপ্ৰসাদ ৰাভাই বিহুৱতী আৰু জন্মাষ্টমী নামেৰে দুখন নাটকত কেইবাটাও লোকগীত আৰু ভক্তিমূলক গীত সজাই পৰাই উলিয়াইছিল। সেই গীতকেইটাও প্ৰফুল্লবালা বৰুৱাই সাৰ্থক ৰূপত পৰিবেশন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত বিহুৱতী নাটখনৰ অভিনয় শিল্পীসকল আছিল ক্ৰমে নেনাৰ চৰিত্ৰত বিষ্ণুপ্ৰসাদ ৰাভা, ৰংদৈ প্ৰিয়বালা ৰাভা, গুধাই প্ৰবোধ বৰুৱা, বগীতৰাৰ চৰিত্ৰত প্ৰফুল্লবালা বৰুৱা। জন্মাষ্টমী নাটখনত দৈৱকীৰ ভাওত প্ৰফুল্লবালা বৰুৱাই দক্ষতাৰে অভিনয় কৰিছিল। আন আন অভিনয় শিল্পীসকল আছিল ক্ৰমে কংসৰ ভাওত বিষ্ণুপ্ৰসাদ ৰাভা, বসুদেৱৰ ভাওত প্ৰবোধচন্দ্ৰ বৰুৱা।
তথ্যসূত্ৰ
- ↑ গ্ৰন্থ: বিষ্ণুপ্ৰসাদৰ প্ৰসাদ| লেখক: ড° দিলীপ কুমাৰ দত্ত | পৃষ্ঠা নং: ৩২, ৩৩, ৩৪ | প্ৰকাশক: বেদকণ্ঠ | যোৰহাট | প্ৰথম প্ৰকাশ: ১৭ জানুৱাৰী, ২০১১
- ↑ গ্ৰন্থ: বিষ্ণুপ্ৰসাদৰ প্ৰসাদ | লেখক: ড° দিলীপ কুমাৰ দত্ত | পৃষ্ঠা নং: ৩৬, ৪৭ | প্ৰকাশক: বেদকণ্ঠ | প্ৰথম প্ৰকাশ: ১৭ জানুৱাৰী, ২০১১
- ↑ গ্ৰন্থ: বিষ্ণুপ্ৰসাদৰ প্ৰসাদ | লেখক: ড° দিলীপ কুমাৰ দত্ত | পৃষ্ঠা নং: ৪৯ | প্ৰকাশক: বেদকণ্ঠ, যোৰহাট | প্ৰথম প্ৰকাশ: ১৭ জানুৱাৰী, ২০১১
- ↑ স্বাধীনমনা প্ৰফুল্লবালা | লেখক: মনজিৎ ৰাজকোঁৱৰ | বসুন্ধৰা, দৈনিক জনমভূমি, পৃষ্ঠা নং: ৫, ২১| ২৯ মে', ২০২২
- ↑ মোৰ সংগীত যাত্ৰা, আকাশবাণী গুৱাহাটী. youtube.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্লবালা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬২৯৪৯১ (২০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।