অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তিৰুমান্ধামকুন্নু পূৰম

তিৰুমান্ধামকুন্নু পূৰম (Thirumandhamkunnu Pooram) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মধ্য মালাবাৰৰ এক গুৰুত্বপূৰ্ণ মন্দিৰ উৎসৱ। কেৰালাৰ তিনিটা গুৰুত্বপূৰ্ণ ভগৱতী মন্দিৰৰ অন্যতম বুলি কোৱা হয়। আন দুটা হৈছে কোডুংগাল্লুৰ আৰু পানায়ানাৰকাভু। মন্দিৰত দৈনিক অনুষ্ঠিত পূজাত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

তিৰুমান্ধামকুন্নু পূৰম (Thirumandhamkunnu Pooram) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মধ্য মালাবাৰৰ এক গুৰুত্বপূৰ্ণ মন্দিৰ উৎসৱ। কেৰালাৰ তিনিটা গুৰুত্বপূৰ্ণ ভগৱতী মন্দিৰৰ অন্যতম বুলি কোৱা হয়। আন দুটা হৈছে কোডুংগাল্লুৰ আৰু পানায়ানাৰকাভু। মন্দিৰত দৈনিক অনুষ্ঠিত পূজাত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। বিখ্যাত মাঙ্গল্য পূজাতো হাজাৰ হাজাৰ যুৱতীয়ে অংশগ্ৰহণ কৰে আৰু সুন্দৰ বৈবাহিক জীৱনৰ কামনা কৰে।১ ২০২৬ চনৰ পূৰম উৎসৱ ২৫ মাৰ্চৰপৰা আৰম্ভ হৈ ৪ এপ্ৰিলত সমাপ্ত হয় আৰু ইয়াত বৃহৎসংখ্যক লোকৰ অংশগ্ৰহণ কৰে।২

এই উৎসৱ মীনম মাহত (মাৰ্চ–এপ্ৰিল) মকয়িৰম নক্ষত্ৰৰপৰা আৰম্ভ হৈ ১১ দিন ধৰি অনুষ্ঠিত হয়। ৩ কালিকট বিশ্ববিদ্যালয়ত সংৰক্ষিত তালপাতৰ নথি-পত্ৰত পোৱা তথ্য অনুসৰি, এই পূৰম উৎসৱৰ ইতিহাস ষোড়শ শতিকাৰ আৰম্ভণিৰ দশকসমূহলৈকে পিছুৱাই যায়। ৪ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা মানুহে পূজা-অৰ্চনা আৰু আশীৰ্বাদ লাভৰ উদ্দেশ্যে অংগাডিপুৰমলৈ আহিবলৈ আৰম্ভ কৰে।৫

ভগৱতীৰ মূৰ্তিটো শ্ৰদ্ধাৰে সজ্জিত হাতীৰ পিঠিত উঠাই গৰ্ভগৃহৰপৰা উলিয়াই অনা হয় আৰু ‘আৰাট্টু’ নামৰ পৱিত্ৰ স্নানৰ বাবে লৈ যোৱা হয়। এই শোভাযাত্ৰাত হাতী, নাগস্বৰম আৰু চেণ্ডামেলমৰ বাদ্যসংগীত থাকে। ‘আৰাট্টু’ ১০ দিন ধৰি চলি থাকে। দেৱীৰ এক মুহূৰ্ত চাবলৈ হাজাৰ হাজাৰ লোক পথৰ দুয়োকাষে শাৰী পাতি থিয় হয়। এই শোভাযাত্ৰাৰ জৰিয়তে ‘পূৰাপ্পুৰাপ্পাডু’ অনুষ্ঠান অনুষ্ঠিত হয়।৬ এই উৎসৱৰ প্ৰধান অনুষ্ঠান হৈছে আৰাট্টু। দহ দিন ধৰি প্ৰতিদিনে পুৱা এবাৰ আৰু সন্ধিয়া এবাৰকৈ মুঠ ২০ বাৰ আৰাট্টু অনুষ্ঠিত হয় আৰু একাদশ দিনৰ সন্ধিয়া অন্তিম আৰাট্টু অনুষ্ঠিত হয়। দশম দিনৰ (৩ এপ্ৰিল) সন্ধিয়া পল্লিভেট্টা অনুষ্ঠিত হয়।

পূৰমৰদিনা মাজনিশা পূৰম প্ৰাংগনত এক পৰম্পৰাগত সাক্ষাৎ অনুষ্ঠিত হয়। তাত প্ৰাক্তন ভাল্লুভানাডু ৰাজ্যৰ ৰজা ভাল্লুভাক্কোনাথিৰি আৰু পালকীত উঠি পূৰম প্ৰাংগনলৈ অহা পানা সম্প্ৰদায়ৰ মুৰব্বী মালায়ানকুট্টিৰ মাজত আনুষ্ঠানিক সাক্ষাৎ হয়। এই অনুষ্ঠানক ‘পানান্তে বাৰাভু’ বুলি কোৱা হয়। অতীতত জনজাতীয় মুৰব্বীগৰাকীয়ে ৰজাক আগবঢ়োৱা সহায় আৰু ধৰ্মীয় সম্প্ৰীতিৰ স্মৃতিচিহ্ন হিচাপে এই অনুষ্ঠান পালন কৰা হয়। দ্বাদশ দিনা পুৱাৰপৰা সন্ধিয়ালৈ চাভিট্টুকালি নামৰ লোকনৃত্য বা লোকশিল্প পৰিৱেশন কৰা হয়। উৎসৱৰ বিভিন্ন দিনত ওট্টমথুল্লাল, পাধকম, চাকিয়াৰ কুথু, নাঙ্গিয়াৰ কুথু, থায়াম্বাকা, মেলম আদি পৰিৱেশন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উৎসৱৰ দিনকেইটাত মন্দিৰ চৌহদত পূথান নামৰ লোকশিল্পো পৰিৱেশন কৰা হয়।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Thirumandhamkunnu Pooram
  2. ↑ (2023-12-11). Thirumandhamkunnu Temple Pooram 2024 From March 17
  3. ↑ "Malappuram - Kerala Government"
  4. ↑ FESTIVALS
  5. ↑ (2010-03-24). Thirumandhamkunnu Pooram begins
  6. ↑ (24 March 2010). Thirumandhamkunnu Pooram begins. The Hindu
  7. ↑ (2016-04-12). Pooram at Thirumandhamkunnu Bhagavathy Kshethram. Welcome Kerala

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিৰুমান্ধামকুন্নু পূৰম” প্ৰবন্ধৰ সংশোধন ৬২৬৫৩৫ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।