]]
একতাৰা তত বাদ্যৰ অন্তৰ্গত। একতাৰাৰ আন এটি নাম লাওটোকাৰী।১ ইয়াৰ নিৰ্মাণ প্ৰণালী এনেধৰণৰ- পানী লাওৰ খোলা এটাৰ এমূৰে ঘূৰণীয়াকৈ কাটি এপাব বাঁহৰ এটা মূৰে গাঁঠি ৰাখি বাকী ফলা কামি দুচটাক খোলাটোত বান্ধি লোৱা হয়। এতিয়া লাওখোলাটোৰ তলমূৰে বিন্ধা উলিয়াই তাঁৰ এডালৰ এটা মূৰ সেইফালেদি সুমুৱাই টানকৈ বান্ধি ৰাখিব লাগে। আনটো মূৰ বাঁহপাবৰ শেষৰফালে ফুটাই সোমোৱা শলা এডালত প্ৰয়োজন অনুসৰি টান-ঢিলা কৰিব পৰাকৈ বান্ধি আঙুলিৰে টুকুৰিয়াই সুৰ উলিওৱা হয়। লাওটোকাৰী বা একতাৰা বাদ্যটি অসমৰ লাওলোৱা বৈৰাগীসকলেহে দেহ বিচাৰৰ গীত গাই ফুৰাত ব্যৱহাৰ কৰে। অৱশ্যে গোৱালপাৰা লোক-সংগীতৰ শিল্পীসকলেও এই বাদ্য গীতৰ সৈতে সংগত কৰে। পশ্চিম বংগত বাউল গীতৰ সৈতে এনে টোকাৰীৰ সংগত বিশেষভাৱে ব্যৱহাৰ কৰা হয়।১
তথ্যসূত্ৰ
- ↑ ধৰ্মেশ্বৰ বৰুৱা. (২০০৫). অসমৰ বাদ্যৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ. বাণী মন্দিৰ. পৃ. ৪২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একতাৰা” প্ৰবন্ধৰ সংশোধন ৩৪৫৯৬১ (১৭ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।