১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)
ছিৰাজ ১৯৪৮ চনত মুক্তি পোৱা ষষ্ঠ অসমীয়া কথাছবি। ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন 'ছিৰাজ'ৰ আধাৰত পৰিচালকদ্বয়ে চিত্ৰনাট্য ৰচনা কৰিছিল।
-
পাৰঘাট (চলচ্চিত্ৰ)
পাৰঘাট (Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত।
-
বদন বৰফুকন (চলচ্চিত্ৰ)
বদন বৰফুকন (Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ।
-
মনোমতী (চলচ্চিত্ৰ)
মনোমতী হৈছে তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ১৯৪১ চনত মুক্তি পোৱা এই ছবিখন আৰ কে বৰুৱা প্ৰডাকচছৰ বেনাৰত পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ডিব্ৰুগড়ৰ চাহ খেতিয়ক ৰোহিনীকান্ত বৰুৱাই। ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতীৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। মনোমতী প্ৰথম অসমীয়া ছবি, যাৰ পোষ্টাৰ তৈয়াৰ কৰা হৈছিল।
-
ৰূপহী (চলচ্চিত্ৰ)
ৰূপহী (Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট হৈ যায়।
-
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা